শুভ সংবাদ

সৰ্বভাৰতীয় চিত্ৰাংকণ প্ৰতিযোগিতাত নগাওঁ চিত্ৰকলা একাডেমিৰ ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব লাভ

অসম সংবাদ, চেঙা: ভাৰত কলা কেন্দ্ৰৰ উদ্যোগত পশ্চিমবংগত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযোগিতাত বৰপেটাৰ নগাওঁ চিত্ৰকলা একাডেমিৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে পদক পাবলৈ সক্ষম হৈছে । সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ কেবা শতাধিক  ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নগাওঁ কলা একাডেমিৰ পৰা ১৫ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ভিতৰত অজয় বৰ্মা¸ কস্তুৰী পাঠক আৰু সুষ্মিতা পাটোৱাৰীয়ে পদক লাভ কৰিবলৈ সক্ষম হয় …

অধিক পঢ়ক »

হাতে হাতে ৰং-তুলিকা লৈ কাজিৰঙাত এজাক শিক্ষাৰ্থী

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া,অসম সংবাদ: কাজিৰঙাত পালন কৰা হয় বিশ্ব জৈৱ বৈচিত্ৰ দিৱস ৷ আজি ২২ মে’ বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে “দা ক’ৰবেট ফাউণ্ডেশ্বন” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত দিন জোৰা কাৰ্যসূচীৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় এই দিৱস ৷ স্থানীয় কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে পালন কৰা এই দিৱস উপলক্ষে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দেৱালত পেইন্টিং …

অধিক পঢ়ক »

মুকলিৰ পথত দেশৰ দ্বিতীয়খন দীৰ্ঘতম দলং: উৎফুল্লিত শদিয়াবাসী

শদিয়াৰ পৰা বগেন গগৈ, অসম সংবাদ: ভাৰত চীন সীমান্তৰ ওচৰত অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত দেউপানী ইজি আৰু দিবাং নদীৰ ওপৰত ৰইং আৰু দামবুক সংযোগী মালী বমজিৰ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । মুঠ ১২৬ টা খুটাৰে ৬.২ কি :মি দৈঘ্যৰ এই দলংখন নিৰ্মাণ কৰিছে হাইদৰাবাদৰ নৱযুগ ইঞ্জিনীয়াৰিং নামৰ ধলা শদিয়া সংযোগী দলংখন নিৰ্মাণ কৰা কোম্পানীটোৱে …

অধিক পঢ়ক »

এছিয়ান কুংফু উশ্বুত উজলিল অসম: ১৪ টা সোণ আৰু ৪ টা ৰূপৰ পদকেৰে সাফল্য

অসম সংবাদ , নলবাৰী: কুংফু উশ্বু সন্থা আৰু নেপাল এছিয়ান কুংফু উশ্বু সন্থাৰ উদ্যোগত যোৱা ১৮, ১৯, আৰু আজি ২০ মেৰ দিনা নেপালৰ কাঠমাণ্ডু চহৰত হোৱা এছিয়ান কুংফু উশ্বু ( লৰা -ছোৱালী ) ৰ প্ৰতিযোগিতা খন অনুষ্ঠিত হয় । উক্ত খেলত এছিয়া মহাদেশৰ ১৭ খন দেশৰ ৩৫০ জন খেলুৱৈ ভাগ লয় । তদুপৰি খেলত ভাৰতৰ ১৫২ জনীয়া দল এটাই অংশ …

অধিক পঢ়ক »

সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকিল নগাঁৱ হাতীচোঙৰ দুই সুসন্তান

অসম সংবাদ,বেবেজীয়া: উত্তৰ প্ৰদেশৰ আগ্ৰাত ১৬-১৮ মে’ লৈ অনুষ্ঠিত হোৱা হ’পকোৱাণ্ডু সমৰকলাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন শ্বিপত অসমক প্ৰতিনিধিত্ব কৰি পদক অৰ্জনেৰে পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হ’ল দুজনকৈ নগঞাঁ প্ৰতিভাৱান সমৰ কলাবিদে। এই কৃতীমান দুগৰাকী ক্ৰমে নৱনীত বৰা(১৪)আৰু অনুৰাগ লস্কৰ(১৩)।মালেয়েছিয়া ৰ জনপ্ৰিয় হ’পকুৱাণ্ডু সমৰ কলাৰ ৫০-৫৪ কেজি শাখাত নৱনীত বৰাই দৰ্শনীয় প্ৰদৰ্শনে ৰে ৰূপৰ পদক আৰু ৪০ কেজি অনুৰ্ধ্বৰ শাখাত …

অধিক পঢ়ক »

কলগাছিয়াত ৰমজান মাহ উপলক্ষে আজমল ফাউণ্ডেচনৰ দুখীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান,অসম সংবাদ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়াত আজি দৰিদ্ৰ-দুখীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। ৰামজান মাহ উপলক্ষে বৰপেটা লোক সভাৰ সাংসদ চিৰাজুদ্দীন আজমলৰ প্ৰচেষ্টাত আজমল ফাউণ্ডেচনে বিতৰণ কৰে এই খাদ্য সামগ্ৰী সমূহ। ৰমজান মাহ উপলক্ষে ২৫ কেজি চাউল, ৩ কেজি দাইল, ৩ কেজি বুটমাহ, ৩ কেজি মিঠাতেল, ৩ কেজি চেনী আৰু ২ কেজি খেজুৰ বিতৰণ …

অধিক পঢ়ক »

কুংফু প্ৰতিযোগিতাত পদক লাভেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৬ অসম সন্তান

অসম সংবাদ,হাওৰাঘাট: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান। ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৫ টা সোণ আৰু ১ টা ৰূপৰ পদকেৰে ৬ অসম সন্তানৰ সাফল্য। চেন্নাইত এই সাফল্য অসমৰ হাচিনা বেগম, আন্দ্ৰিয় প্ৰাস মহন্ত, শুভাসনা শৰ্মা, ৰঞ্জনা ৰজক, দূত্যনা বাৎস আৰু আয়ান তেৰাঙৰ। ইয়াৰে হাচিনা বেগম, আন্দ্ৰিয় প্ৰাস মহন্ত আৰু শুভাসনা শৰ্মা নিৰ্বাচিত হৈছে ৫ জুনৰ পৰা নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিতব্য 1st South …

অধিক পঢ়ক »

নলবাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত সহায়িকা পুথি,কাগজ বিতৰণ বিধায়ক অশোক শৰ্মাৰ

অসম সংবাদ ,নলবাৰী: আজি নলবাৰীৰ গৰ্ডন ফিল্ডত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাচা, অসম চৰকাৰৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ, টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিমল বৰা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকাৰ লগতে নলবাৰী সমষ্টিৰ বিভিন্ন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু সকলৰ উপস্থিতিত ২০১৯ ইং বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবৰ্তীন হৱ লগা নলবাৰী সমষ্টিৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সহায়িকা …

অধিক পঢ়ক »

পশ্চিম কাৰ্বি আংলঙক পৰ্যটনস্থলী হিচাপে গঢ় দিব “Root Bridge Foundation”য়ে

অসম সংবাদ, হামৰেণ: প্রাকৃতিক সৌন্দৰ্য্যৰ ভৰপূৰ পশ্চিম কাৰ্বি আংলং জিলা | এই পাহাৰীয়া জিলাখনক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে এইবাৰ আগবাঢ়ি আহিছে আগশাৰীৰ বেচৰকাৰী সংস্থা “Root Bridge Foundetion” |সংস্থাটোয়ে প্রথমে বাচি লৈছে অসমৰ আটাইতকৈ পৰিস্কাৰ গাঁও হিচাপে পৰিচিত আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত “চিকদামাখা”ক | তাৰে অংশ হিচাপে সংস্থাটোয়ে পাৰম্ভিক কাৰ্য্য চাৰ্ভে কৰি ইতিমধ্যে এক কৰ্মশালাও অনুস্থিত কৰে | তিনি দিনীয়া …

অধিক পঢ়ক »

বিশ্ব মিক্স বক্সিং চেম্পিয়নশ্বিপত দহটাকৈ সোণৰ পদক অৰ্জন শিমলুগুৰিৰ দহ গৰাকী খেলুৱৈৰ

অসম সংবাদ , নাজিৰা :   যোৱা ৩ ,৪, আৰু ৫ মেত সুদুৰ ৰাজস্থানত অনুষ্ঠিত হোৱা  মিক্স বক্সিংৰ বিশ্ব চেম্পিয়নশ্বিপত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে সুবিধা লাভ কৰিছিল শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ১০ গৰকী প্ৰতিভাবান খেলুৱৈয়ে৷ আটাইকেইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত বিভিন্ন শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছ৷ বৰ্তমান পদকপ্ৰাপ্ত খেলুৱৈ কেইগৰাকী আহি শিমলুগুৰিত উপস্হিত হৈছে। শিমলুগুৰিত এতিয়া আনন্দমুখৰ পৰিবেশ৷ বিভিন্ন …

অধিক পঢ়ক »