সাময়িকী

ক্ৰিকেটৰ পৰা অৱসৰ ললে মহম্মদ কাঈফে

স্পৰ্টছ ডেস্ক, অসম সংবাদ: ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে মহম্মদ কাঈফে৷ শুক্ৰবাৰে এই সংক্ৰান্তত তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ ই-মেইল প্ৰেৰণ কৰে৷ উল্লেখ্য ৩৭ বছৰীয়া কাঈফে ভাৰতীয় দলৰ হৈ ১৩ খন টেষ্ট আৰু ১২৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে৷ ২০০২ চনত লৰ্ডছত অনুষ্ঠিত নাটৱেষ্ট ট্ৰফীৰ ফাইনেলত তেওঁৰ দুৰ্দান্ত মেচ উইনিং ৮৭ ৰাণৰ ইনিংছৰ বাবে ক্ৰিকেট প্ৰেমীসকলে তেওঁক মনত ৰাখিব৷

অধিক পঢ়ক »

এছিয়াৰ ধনকুবেৰৰ শীৰ্ষত মুকেশ আম্বানী

নিউজ ডেস্ক, অসম সংবাদ: এছিয়া মহাদেশৰ ভিতৰতে ধনবান ব্যক্তি হিচাপে পৰিগণিত হৈছে উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী৷ শুক্ৰবাৰে আম্বানীৰ সম্পদৰ মূল্যই স্পৰ্শ কৰে ৪৪.৩ বিলিয়ন ডলাৰ৷ ইয়াৰ ফলস্বৰূপে আম্বানীয়ে চীনৰ আলিবাবা গ্ৰুপৰ মুখ্য বিষয়া জ্যাক মাক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়৷ সংবাদ প্ৰতিষ্ঠান এন ডি টি ভিৰ মতে ব্লুমবাৰ্গ বিলিয়নিয়াৰ সূচক অনুসৰি শুক্ৰবাৰে ৰিলায়েন্স …

অধিক পঢ়ক »

অজগৰে গোটে গোটে মহিলাক গিলিলে ক’ত ?

নিউজ ডেস্ক, অসম সংবাদ: এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল ইণ্ডোনেছিয়াত ৷ এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলিলে এগৰাকী মহিলাক ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । মুনা দ্বীপৰ পাৰ্ছিয়াপান লৱেলা গাঁৱত সংঘটিত হয় এই ঘটনা। নিজ বাগিছাৰপৰা ঘৰলৈ উভটি অহাৰ পথত ৫৪ বছৰীয়া ৱা টিবা নামৰ মহিলাগৰাকীক এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলি পেলায় ৷ মহিলাগৰাকী নিশাৰ ভাগতো ঘৰলৈ …

অধিক পঢ়ক »

অসমৰ একাংশৰ ৱাটচএপ গ্ৰুপ আৰু ফেচবুকত সাম্প্ৰদায়িক পোষ্ট: নীৰৱ চৰকাৰী বিভাগ

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ হবলৈ গৈ আছে । সেই খচৰালৈ ৰাজ্যৰ সকলো দল সংগঠনৰ লগতে সকলোৱে বাট চাই আছে । এটা ৰাজনৈতিক দলেও এতিয়া কেৱল ৩০ জুনৰ কথাকে কৈ আছে । কিন্তু তাৰ বিপৰীতে চচিয়েল মেডিয়াৰ ৱাতচাপৰ কিছু গ্ৰুপত আৰু ফেচবুক ত একাংশই ভুৱা একাউণ্ট খুলি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাকৈ কিছু …

অধিক পঢ়ক »

তামিলনাডুত অঘটন: আৰক্ষীৰ গুলিত নিহত ১১

নিউজ ডেস্ক,অসম সংবাদ: তামিলনাডুত আৰক্ষীৰ গুলীত নিহত ১১ জন। টুটিকোৰিনত ষ্টাৰলাইট কপাৰ ইউনিট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ২০ সহস্ৰাধিক লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত ১১ জনৰ মৃত্যুৰ হোৱাৰ লগতে আহত হৈছে ২৪ জনতকৈ অধিক লোক। কপাৰ ইউনিট বন্ধ কৰাৰ দাবীত এমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৰাইজে। কপাৰ ইউনিটৰ বাবে অঞ্চলটোৰ পানী প্ৰদূষিত হোৱাৰ অভিযোগ।

অধিক পঢ়ক »

কৰ্ণাটকত উফৰিল ৫৫ ঘন্টীয়া মুখ্যমন্ত্ৰীৰ গাদী: শাসনৰ গাদীত বহিব কুমাৰস্বামী

নিউজ ডেস্ক,অসম সংবাদ: কৰ্ণাটকৰ ৰাজনীতিত নাটকীয় পট পৰিৱৰ্তন ৷ ৫৫ ঘন্টাৰ বাবে শাসনৰ গাদীত থাকি পদত্যাগ কৰিলে বি এচ য়েডিয়ুৰাপ্পাই ৷ আস্থা ভোটত পৰাজিত হ’ল বিজেপি দল ৷ এতিয়া কৰ্ণাটকত হব কংগ্ৰেছ-JD(S)ৰ সন্মিলিত চৰকাৰ ৷ নতুন মুখ্যমন্ত্ৰীৰ আসনত বহিব JD(S)ৰ এইচ ডি কুমাৰস্বামী ৷ নতুন মুখ্যমন্ত্ৰীৰূপে কাইলৈ শপত লোৱাৰ সম্ভাৱনা কুমাৰস্বামীৰ ৷

অধিক পঢ়ক »

পুনৰ যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ: জম্মু-কাশ্মীৰত শ্বহীদ বিএছএফ জোৱান

নিউজ ডেস্ক,অসম সংবাদ: ভাৰত-পাক সীমান্তত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাক সেনাৰ। জম্মু-কাশ্মীৰৰ আৰ এছ পুৰাত পাক সেনাৰ গুলীত শ্বহীদ এজন বিএছএফ জোৱান। শ্বহীদ জোৱানজনৰ নাম সীতাৰাম উপাধ্যায়। পাক সেনাৰ গুলীত গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক।

অধিক পঢ়ক »

অৱশেষত কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ বিজেপি

নিউজ ডেস্ক,অসম সংবাদ: অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি দলে ৷ কালি ঘোষিত নিৰ্বাচনী ফলাফলত একক বৃহৎ দল হিচাপে জয়ী হোৱা বিজেপি দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে ৰাজ্যপালে ৷ প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰহটেগীৰ সৈতে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যপাল ভালোভাই ভালাই ৷ সেইমৰ্মে কাইলৈ পুৱা ৯ বজাত নতুন মুখ্যমন্ত্ৰীৰূপে শপত …

অধিক পঢ়ক »

উত্তৰ প্ৰদেশৰ বাৰানসীত অঘটন: নিৰ্মীয়মান উৰণীয়া সেঁতু খহি মৃত্যু ১৫ জনৰ

নিউজ ডেস্ক,অসম সংবাদ: উত্তৰ প্ৰদেশৰ বাৰানসীত খহি পৰিল এখন নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ এটা অংশ। এই দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো। কেইবাজনো শ্ৰমিক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। নিহতসকলৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে ৰাজ্যখনৰ চৰকাৰে।

অধিক পঢ়ক »

কৰ্ণাটকত বিজেপিৰ বিজয়ধ্বজা: কিন্তু চৰকাৰ গঠন কৰিব কংগ্ৰেছেহে!

নিউজ ডেস্ক,অসম সংবাদ: কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত। ২২২খন আসনৰ ভিতৰত ২২২খন আসনৰে ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ১০৪খন, কংগ্ৰেছে পাইছে ৭৮খন, JDS মিত্ৰজোঁটে লাভ কৰিছে ৩৮খন আৰু অন্যান্যই লাভ কৰিছে দুখন আসন। ইফালে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে কৰ্ণাটকত বিজয় নিচান উৰুৱালেও চৰকাৰ গঠনক লৈ নাটকীয় পট পৰিবৰ্তন ৷ কৰ্ণাটকত জে ডি এছ+কংগ্ৰেছৰ চৰকাৰ হোবাৰ পথ …

অধিক পঢ়ক »