বিশেষ

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?

– ধীৰেণ শইকীয়া যেতিয়ালৈকে সমাজত সকলো শ্ৰেনীৰ লোকৰ মাজত সমতা আৰু অধিকাৰ স্থাপন নহয় তেতিয়ালৈকে বিষ্ণুৰাভাৰ গুৰুত্ব সদায় থাকিব। বিষ্ণুৰাভা আছিল সাম্য- মৈত্ৰীৰ প্ৰতীক। তেওঁ ধনী দুখীয়া সকলোৰে বাবে এই পৃথিবীখন বুলি বিশ্বাস কৰিছিল। এক কথাত হাতে কামে তেওঁ আছিল সৰ্বহাৰাৰ মুক্তিদাতা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে তেওঁৰ বিষয়ে লিখিছিল সেই বিখ্যাত কবিতাটো  — “বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, …

অধিক পঢ়ক »

অজগৰে গোটে গোটে মহিলাক গিলিলে ক’ত ?

নিউজ ডেস্ক, অসম সংবাদ: এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল ইণ্ডোনেছিয়াত ৷ এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলিলে এগৰাকী মহিলাক ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । মুনা দ্বীপৰ পাৰ্ছিয়াপান লৱেলা গাঁৱত সংঘটিত হয় এই ঘটনা। নিজ বাগিছাৰপৰা ঘৰলৈ উভটি অহাৰ পথত ৫৪ বছৰীয়া ৱা টিবা নামৰ মহিলাগৰাকীক এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলি পেলায় ৷ মহিলাগৰাকী নিশাৰ ভাগতো ঘৰলৈ …

অধিক পঢ়ক »

ৱিকিপিডিয়াত চাঞ্চল্যকৰ তথ্য: ভয়ানক স্থানৰূপে চিহ্নিত হ’ল ডকমকা

অসম সংবাদৰ প্ৰতিবেদন: প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেদৰ সজাই বিজ্ঞাপনৰ নামত লাখ লাখ টকাৰ শৰাধেৰে ৰাজ্য চৰকাৰে যিমানেই বিশ্বজুৰি ঢাক-ঢোল নবজাওক কিয়, কাৰ্যত: সেয়া যেন প্ৰহসনতহে পৰিণত হবলৈ গৈ আছে ৷ প্ৰকৃতিৰ ৰম্যভূমি অসমলৈ প্ৰতিবছৰে বিদেশী পৰ্যটকৰ সোঁত বয় ৰাজ্যখনত থকা কাজিৰঙা, মাজুলীকে ধৰি বিভিন্ন পৰ্যটনস্থলীলৈ ৷ অনুৰূপ ধৰণে বহুতো পৰ্যটকক হাত বাউলি মাতে সেউজ কাৰ্বি পাহাৰৰ অপৰূপ সৌন্দৰ্যই৷ …

অধিক পঢ়ক »

কাৰ্বি আংলঙৰ ঘটনা আৰু ছ’চিয়েল মিডিয়া: গৃহ বিভাগে নজৰ দিয়ক

অসম সংবাদৰ প্ৰতিবেদন: দুজন সুঠাম, প্ৰতিভাবান যুৱকক নৃশংসভাৱে হত্যা কৰা হ’ল কাৰ্বি আংলঙৰ ডকমকাৰ পানীজুৰি গাঁৱত৷ একাংশ উন্মাদ লোকৰ নৃশংসতাই চোদিশে জোকাৰি গ’ল৷ এই ঘটনা চূড়ান্ত নিন্দনীয়৷ কিন্তু এই ঘটনাৰ পিচতে আৰু বিষবাস্প বিয়পিছে ছ’চিয়েল মিডিয়াযোগে৷ একাংশই কাৰ্বি লোকক আক্ৰমণ কৰি ফে’চবুকত মন্তব্য কৰাৰ লগতে একাংশই হোৱাটছএপৰ জৰিয়তেও আপত্তিজনক বাৰ্তা বিয়পাইছে৷ আন একাংশই আকৌ হিন্দু-মুছলমানৰ প্ৰসংগ টানি আনিও সাম্প্ৰদায়িক মন্তব্য …

অধিক পঢ়ক »

হায় মানৱতা! কোনেও নুশুনিলে দুই যুৱকৰ প্ৰাণভিক্ষা “আমি অসমীয়া, আমাক হত্যা নকৰিব”

অসম সংবাদৰ প্ৰতিবেদন: পুনৰ মানৱতাৰ অপমৃত্যু৷ ফুৰিবলৈ যোৱা দুজন যুৱকক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰা হ’ল৷ দুই যুৱকৰ মৰণকাতৰ চিঞৰ৷ ’আমি অসমীয়া হয়৷ আমাক হত্যা নকৰিব’৷ কিন্তু তালৈ কাৰো গুৰুত্ব নাই৷ দুই যুৱকৰ ওপৰত জপিয়াই পৰা উন্মত্ত লোকৰ দলটোৱে গোৰ, ভুকু, লাঠিৰে নৃশংসভাৱে প্ৰহাৰ কৰিছে দুই যুৱকক৷ আৰু অৱশেষত গণপ্ৰহাৰত কৰুণভাৱে মৃত্যুক সাৱটি ললে দুই যুৱকে৷ ঘটনাটো সংঘটিত হ’ল কাৰ্বি …

অধিক পঢ়ক »

পৰিৱেশ আমাৰ আত্মা…

(আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে) -ধীৰেণ শইকীয়া প্ৰতিবছৰে ৫ জুনৰ দিনা সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো পৰিৱেশ মন্ত্ৰালয়ৰ লগতে প্ৰকৃতি প্ৰেমী সংগঠনসমূহে পৰিৱেশ দিৱস অনুষ্ঠিত কৰি আহিছে। এইবাৰ আমাৰ দেশ হৈছে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজক দেশ। এইবাৰৰ “বিট প্লাষ্টিক পলিউছন”এইটো হৈছে পৰিৱেশ দিৱসৰ থীম তথা শ্ল’গান। জনসাধাৰণক এই দিনটোত গছ-গছনি তথা প্ৰাকৃতিক পৰিৱেশ বৰ্তাই ৰখাৰ আহ্বান জনাই কোৱা হৈছে যে, ভাৰতীয় …

অধিক পঢ়ক »

নিপা ভাইৰাছ আৰু উৰাবাতৰি

অসম সংবাদৰ প্ৰতিবেদন: কেৰেলাত সম্প্ৰতি দেখা দিয়া নিপা ভাইৰাছক লৈ অসমতো আতংকৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে স্বাস্থ্য বিভাগে সতৰ্কতামূলক বিজ্ঞাপনো জাৰি কৰিছে৷ কিন্তু আতংকৰ কাৰণ এয়া নহয়৷ ৰাজ্যত ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে প্ৰচাৰ লাভ কৰা কিছুমান বাৰ্তাইহে জনসাধাৰণক শংকিত কৰি তুলিছে৷ উল্লেখযোগ্য যে প্ৰথমে মেঘালয়ৰ উইলিয়াম নগৰত বহু সংখ্যক লোক নিপা ভাইৰাছত আক্ৰান্ত হোৱা বুলি এটা বাৰ্তা হোৱাটছএপযোগে প্ৰচাৰ লাভ কৰে৷ …

অধিক পঢ়ক »

পৰীক্ষাৰ ফলাফলৰ পাছত…

✍ হিমাংশু ৰঞ্জন ভূঞা এতিয়া পৰীক্ষাৰ ফলাফলৰ বতৰ। যােৱা ২৫ মে’ত ঘােষণা কৰা হ’ল অসমৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। আনহাতে অহা ৩১ মে’ত ঘােষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল। জীৱনৰ এই প্রথম গুৰুত্বপূর্ণ পৰীক্ষা দুটাত যিসকল ছাত্র-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়াল, নিজৰ অঞ্চলটো তথা সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিলে সেইসকল কীর্তিমান ছাত্র-ছাত্রীলৈ আৰম্ভণিতে অকৃত্রিম মৰম, স্নেহ …

অধিক পঢ়ক »

নাগৰিক সাংবাদিক, ডিজিটেল মাধ্যম আৰু নতুন যুগৰ সাংবাদিকতা

-ৰিংকুমণি পাঠক, তেজপুৰ বিশ্ববিদ্যালয় পৰিৱৰ্তন আহিছে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ ৷ ক্ৰমশ: সলনি হৈছে সাংবাদিকতাৰ পৰম্পৰাগত ধাৰণাৰ। প্ৰযুক্তিৰ বহুল ব্যৱহাৰ আৰু নতুন চিন্তা-চৰ্চাই সাংবাদিকতাক এক অনন্য ৰূপ আৰু গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে। পূৰ্বতে সাংবাদিক বুলি ক’লে সংবাদ গোষ্ঠীসমূহৰ বেতনভোগী আৰু পেছাদাৰী অথবা অংশকালীনভাৱে কৰ্মৰত সাংবাদিকসকলকে বুজা গৈছিল। সাংবাদিকে প্ৰচাৰ কৰা সংবাদসমূহ গ্ৰহণ বা উপভোগ কৰাটোৱে সাধাৰণ নাগৰিকৰ দায়িত্ব বুলি ভবা হৈছিল। …

অধিক পঢ়ক »

চৰাই হালধীয়া…পাখিও ধুনীয়া…: চৰাইৰ কথাৰে…

-ধীৰেণ শইকীয়া আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস। চৰাইসমূহক সমগ্ৰ প্ৰকৃতিৰ আটাইতকৈ ৰঙিয়াল জীৱ বুলি জনাজাত ৷ সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমী সংস্থাসমূহে আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস পালন কৰিছে। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত পক্ষীৰ গুৰুত্ব অপৰিসীম। প্ৰকৃতিত আটাইতকৈ শান্ত,পৰিষ্কাৰ-পৰিছন্ন, নীতিনীষ্ঠ, পৰিশ্ৰমী আৰু ধৈৰ্যশীল জীৱ বুলি জনাজাত এই পক্ষীসমূহে যুগে যুগে পৃথিৱীখন প্ৰদূষণ মুক্ত কৰি ৰখাৰ পৰা আৰম্ভ কৰি  নৈসৰ্গিকভাৱেও সৌন্দৰ্য্যশালী কৰি ৰাখিছে। সেয়েহে …

অধিক পঢ়ক »