সাহিত্য

ভাৰতবৰ্ষৰ পৰিৱেশ আন্দোলন সমূহ

দিবাকৰ ৰেণু বিশ্বৰ প্ৰকৃতি প্ৰেমী সংগঠন সমূহৰ দৰে,ভাৰতবৰ্ষতো পৰিৱেশ আন্দোলন ৰ ফিৰিঙতি জ্বলি উঠিছিল।ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা কাহিনী সমূহক বাদ দি আমি যদি একবিংশ শতিকাৰ পিনে অগ্ৰসৰ হওঁ‌ -তেতিয়া দেখিম যে বৃটিছৰ দিনতো পৰিৱেশ আন্দোলন চেগা চৰকাকৈ হৈ আছিল। তাৰ পৰবৰ্ত্তী সময়ত উল্লেখ যোগ্য পৰিৱেশ আন্দোলন হ’ল-চিপকো ।হিমালয়ৰ পাদদেশৰ গড়ৱাল অঞ্চলৰ ডাঠ অৰণ্যত বৃটিছ সকলে কাঠৰ মাহল আৱণ্টনৰ ব্যৱস্থা …

অধিক পঢ়ক »

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ আধাৰ আৰু কিছু প্ৰসঙ্গ

অবিনাশ পাটনায়ক বিষয়টোক লৈ কেইটামান শব্দ সাঙোৰ খাই আছে – ধৰ্মীয় সংখ্যালঘু, হিন্দু বাংলাদেশী, নাগৰিকত্ব আইন- ১৯৫৫, ১৯৫১ৰপৰা ১৯৭১ লৈ প্ৰব্ৰজিত জনসমাজ, পূৱ পাকিস্তান (১৯৭১ চনত ভাৰতৰপৰা ভাগ হওঁতে হয় বাংলাদেশ), পশ্চিম পাকিস্তান, আফগানিস্তানৰ কথা | মন কৰিবলগীয়া যে বিধেয়কখনত ‘হিন্দু বাংলাদেশী’ শব্দৰ উল্লেখ নাই, আনকি ১৯৫৫ চনৰ নাগৰিক আইন বা সংবিধানতো উল্লেখ নাই তাৰপৰিৱৰ্তে ‘ধৰ্মীয় সংখ্যালঘু’ বুলিহে উল্লেখ আছে …

অধিক পঢ়ক »

মিছেছ শইকীয়ানী

নয়নমণি দত্ত আজি মিছেছ শইকীয়ানী আৰু শইকীয়াৰ বিবাহ বাৰ্ষিকীৰ উপলক্ষ্যে দুই এঘৰ লোকক নিমন্ত্ৰণ জনাই এটি সৰু পাৰ্টি আয়োজন কৰিছে | ‘হেৰা,এইপিনে আহাচোন ,মোৰ এই ব্লাউজৰ পিছফালৰ ৰছীকেইডাল ভালদৰে বান্ধি দিয়াচোন আৰু এই নেকলেচডালৰ হুকটো ভালকৈ লগাই দিবা দেই আৰু তুমি ৰেডী হ’লাগৈ নে?সকলোবোৰ যোগাৰ ঠিকঠাকে কৰিলা নে?’ ‘ ওমমম,সকলোবোৰ কৰিলো আৰু যদি কিবা কৰিবলৈ আছে ইয়াতেই কৈ লোৱা।নহ’লে পাৰ্টিত …

অধিক পঢ়ক »

থলুৱা ভাষা-সংস্কৃতিক গুৰুত্ব দিয়ক অসমীয়াই: নলবাৰীত গ্ৰন্থ উন্মোচন সভাত ড° অমৰজ্যোতি চৌধুৰী

অসম সংবাদ , নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী প্ৰেছ ক্লাৱৰ সহযোগত আজি বিশিষ্ট হোমিঅ চিকিৎসক তথা লেখক ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্য্যৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । নলবাৰী সাহিত্য সমাজৰ প্ৰাংগনত তদুপলক্ষে ৰাতিপুৱা ১০ -৩০ বজাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয় । সভাত মূখ্য অতিথি হিচাপে প্ৰতিদিন টাইমৰ …

অধিক পঢ়ক »

তেজপুৰৰ পৰা প্ৰকাশ পালে অসমৰ প্ৰথমখন বন্যপ্ৰাণীৰ মাহেকীয়া আলোচনী

তেজপুৰৰ পৰা অপুৰ্ব বৰা,অসম সংবাদ: তেজপুৰৰ প্ৰকাশ পালে অসমৰ প্ৰথমখন বন্যপ্ৰাণী সম্পৰ্কীয় মাহেকীয়া আলোচনী “ৱাইল্ডলাইফ চেণ্টিনেল”৷ আজি তেজপুৰৰ কলাভূমিত আলোচনীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সমাজসেৱী লক্ষী গোস্বামী আৰু অৱসৰপ্ৰাপ্ত বনবিষয়া কিশোৰ কুমাৰ বৰাই । তেজপুৰ বিশিষ্ট লোকসকলৰ উপস্থিতিত মাহেকীয়া আলোচনীখন মুকলি কৰা হয় ।

অধিক পঢ়ক »

নিৰাপত্তা

নয়নমণি দত্ত নেওঁগ তাই জানো ভাবিছিল জন্ম হৈয়ে তাইৰ আৰু তাইৰ ভনীয়েকৰ এনে অৱস্থা হ’ব বুলি? যি সময়ত ভানুৱে আন ল’ৰা-ছোৱালীৰ দৰে দৰা কইনাৰ খেল খেলিব লাগিছিল তেনে সময়তে তাইৰ একমাত্ৰ এবছৰীয়া ভনীয়েক মামুক কোলাত লৈ আনৰ ঘৰে ঘৰে কাম কৰি ফুৰিব লগাত পৰিছে একমাত্ৰ ভনীয়েক আৰু তাইৰ নিৰাপত্তাৰ বাবেই ! তাইৰ মাক দেউতাকৰ কথা মনলৈ অহাত তাইৰ মন ঘৃণাৰে …

অধিক পঢ়ক »

নলবাৰীত “ভূপেন্দ্ৰ সুবাস” উন্মোচন

অসম সংবাদ,নলবাৰী: এগৰাকী গুণৱান শিক্ষক, আদৰ্শ গুৰুৰ অকাল বিয়োগে এখন সমাজক,জাতিক,দেশক বহু পিচলৈ লৈ যায়। অধ্যাপক ভূপেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী গ্ৰন্থ “ভূপেন্দ্ৰ সুবাস” উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাই এইদৰে কয় নলবাৰীৰ এক অনুষ্ঠানত।উল্লেখনীয় যে আজি নলবাৰী জিলা সাহিত্য সভাই অধ্যাপক ভূপেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰয়াত শৰ্মাৰ জীৱনৰ দীঘ আৰু বাণি সম্বলিত সোঁৱৰণী গ্ৰন্থ ‘ভূপেন্দ্ৰ …

অধিক পঢ়ক »

দেওমৰনৈত বিহু সম্পৰ্কীয় গ্ৰন্থ “বিহু আৰু বিহু প্ৰশ্নোত্তৰ” উন্মোচন

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, অসম সংবাদ: দৰঙৰ দেওমৰনৈ অঞ্চলৰ পাতিদৰং কেন্দ্ৰীয় ৰঙালী বিহুত এখন বিহু সম্পৰ্কীয় গ্ৰন্থ উন্মোচন হয় । সৰুৰে পৰা মৌ কুৱৰী, বিহু দলৰ নাচনী হৈ থকা সময়ত বিচাৰক সকলৰ পৰা হওঁক বা বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত হৈ থকা সময়ত বিহু সম্পৰ্কীয় যিমান বোৰ নজনা কথা শিকিছিল সেই অভিজ্ঞতাৰে শিক্ষয়িত্ৰী লিনুমনি ডেকাই “বিহু আৰু বিহু প্ৰশ্নোত্তৰ” নামেৰে …

অধিক পঢ়ক »

আই

ৰিঙ্কুমনি পূজাৰী তুমি বিমৰ্ষতা গৰকি বৰষি থকা বিস্ময়ৰ এটি গান হতাশাক নিচুকাই ভৰসাত উজ্জ্বলি উঠা আশ্বৰ্য্যৰ এটি লহৰ কেৱল দিয়েই আছাঁ, দিয়েই আছাঁ মা তুমি অনন্যা, তুমি দেৱী এঙেৰুৱা কলিজা পুৰি উজ্জ্বলি থকা এটুকুৰা সোণ ।

অধিক পঢ়ক »

হিন্দোল

মুৰ্চ্ছনা শইকীয়া গগৈ :”নাই নাই,দাদা,নকৰিব,হাতযোৰ কৰিছোঁ।দাদা..”-সুনীতাৰ কাতৰ অনুৰোধত ৰঞ্জন কাকতিৰ উত্তেজিত তেজৰ উত্তেজনা আৰু বাঢ়িল।স্নানাগাৰটোৰ ঠেক পৰিসৰত তাই কোনদিশে অস্তিত্বক ৰক্ষা কৰিব ?সুনীতা অসহায়। “আই বসুমতী,ফাট মেলা, মোৰ নাৰীসত্বাক ৰক্ষা কৰা।” তাইৰ কলিজাই চিৎকাৰ কৰিলে।এইবাৰ কাকতি একপ্ৰকাৰ জঁপিয়াই পৰিল সুনীতাৰ গাত। হঠাতে ”টিং-টিং, টিং-টিং” কৈ কলিং বেলটো বাজিল।কাকতিয়ে  উত্তেজিত দেহাটোক কোনোমতে চম্ভালি বাহিৰলৈ ওলাই গ’ল এজন ভদ্ৰ স্বাভাৱিক মানুহ হৈ। …

অধিক পঢ়ক »