গল্প

নিৰাপত্তা

নয়নমণি দত্ত নেওঁগ তাই জানো ভাবিছিল জন্ম হৈয়ে তাইৰ আৰু তাইৰ ভনীয়েকৰ এনে অৱস্থা হ’ব বুলি? যি সময়ত ভানুৱে আন ল’ৰা-ছোৱালীৰ দৰে দৰা কইনাৰ খেল খেলিব লাগিছিল তেনে সময়তে তাইৰ একমাত্ৰ এবছৰীয়া ভনীয়েক মামুক কোলাত লৈ আনৰ ঘৰে ঘৰে কাম কৰি ফুৰিব লগাত পৰিছে একমাত্ৰ ভনীয়েক আৰু তাইৰ নিৰাপত্তাৰ বাবেই ! তাইৰ মাক দেউতাকৰ কথা মনলৈ অহাত তাইৰ মন ঘৃণাৰে …

অধিক পঢ়ক »

হিন্দোল

মুৰ্চ্ছনা শইকীয়া গগৈ :”নাই নাই,দাদা,নকৰিব,হাতযোৰ কৰিছোঁ।দাদা..”-সুনীতাৰ কাতৰ অনুৰোধত ৰঞ্জন কাকতিৰ উত্তেজিত তেজৰ উত্তেজনা আৰু বাঢ়িল।স্নানাগাৰটোৰ ঠেক পৰিসৰত তাই কোনদিশে অস্তিত্বক ৰক্ষা কৰিব ?সুনীতা অসহায়। “আই বসুমতী,ফাট মেলা, মোৰ নাৰীসত্বাক ৰক্ষা কৰা।” তাইৰ কলিজাই চিৎকাৰ কৰিলে।এইবাৰ কাকতি একপ্ৰকাৰ জঁপিয়াই পৰিল সুনীতাৰ গাত। হঠাতে ”টিং-টিং, টিং-টিং” কৈ কলিং বেলটো বাজিল।কাকতিয়ে  উত্তেজিত দেহাটোক কোনোমতে চম্ভালি বাহিৰলৈ ওলাই গ’ল এজন ভদ্ৰ স্বাভাৱিক মানুহ হৈ। …

অধিক পঢ়ক »

আৱৰণ

নয়নমণি দত্ত নেওঁগ গামোচাখনেৰে মেৰিয়াই থোৱা তিতা চুলিখিনি মেলি বন্যাই কিছু সময়ৰ বাবে বেলকনিতে ৰয়হি।সুৰজিতক ন বজাৰ আগতেই ব্ৰেকফাষ্ট কৰাই অফিচলৈ পঠিয়াই লৈ পুৱাৰ এই সময়খিনি বন্যাই হাতত একাপ গাখীৰ চাহ লৈ উপভোগ কৰিবলৈ নাপালে কিবা এটা তাইৰ ভাল নালাগে।সেই যে বিয়াৰ আগতে থকা অভ্যাসটো বন্যাই আজিও সলনি কৰিব পৰা নাই। চাহৰ কাপত চুমুক দি তাই কিবা এটা মনত পৰাত …

অধিক পঢ়ক »

মনৰআশা

নয়নমণি দত্ত পুৱাই চোতালতে বহি হৰিকান্তই নিজৰ চামৰা চেণ্ডেলযোৰ কিবা এটা ব্যৱস্থা কৰিব পাৰি নেকি তাকে একান্ত মনে ভাবি থাকোতে পুতেক গিৰীশে আহি মাত দিয়েহি….. “দেউতা…..মোৰ স্কুললৈ যোৱা চাৰ্ট পেন্টযোৰ সৰুৱেই হ’ল চা।মোৰ লগৰবোৰে সদায় জোকায়। মোক এযোৰ নতুন চিলাই দিব নোৱাৰিবিনে?” “অ’ হয় পায়….তোৰ কাপোৰযোৰ সৰুৱেই হৈছে….মই এই কেইদিনতে বাৰু এযোৰ দিম দে তোক।হ’ব…আজি এইযোৰকে পিন্ধি যা ” কিছুপৰ …

অধিক পঢ়ক »

শুভ্ৰ বসনত ৰামধেনুৰ ৰং

লিপিকা গগৈ : হেল্ল ‘ । : হেল্ল’ । কি কৰিছা? : এয়া জোনাকত বহি কথা পাতি আছো। : কাৰ সতে? : নিজৰ সতে । জোনটোৱে শলাগি আছে কাষৰতে। : তোমাৰ কথাবোৰ কাব্যজগতৰ এমুঠি জোনাক । : কবিতাৰ দুৰ্দান্ত প্ৰেমিক তুমি । তোমাৰ প্ৰতিটো কথা, প্ৰতিটো চিন্তা কবিতাই আগুৰি থাকে । : হাঃ হাঃ । হঁহুৱালা। তোমাকো মোৰ কাষত থকা …

অধিক পঢ়ক »

বৈদেহী

ববিতা বড়া ক্ৰিং….. ক্ৰিং….. ক্ৰিং….. : উস! ৰাম, এই সময়ত আকৌ কোনে ফোন কৰিলে।গুণগুণাই হাত খন মচি মচি বৈদেহী পাকঘৰৰ পৰা ওলায় আহিল।ইফালে ফোনটোৱে চিঞঁৰিয়েই আছে। : হেল্ল’ : নিমাত : হেল্ল’ কোনে কৈছে? কোনো সঁহাৰি নাপায় বৈদেহীয়ে ফোনটো থৈ যাবলৈ ঘূৰিছে মাত্ৰ পুনৰ এটা কৰ্কশ শব্দৰে ফোনটো বাজি উঠিল। : হেল্ল’ : হেল্ল’ বৈদেহী :…….. : বৈদেহী শুনিছানে মই …

অধিক পঢ়ক »

হেৰি ! ভালে আছে

দিবাকৰ ৰেণু জোতাৰ ভিতৰত পানী সোমাই চেপট চেপট এটা শব্দই ভাস্কৰৰ মন আন্দোলিত কৰিলে।সি সদায় ভাৱে ,আজি কামৰ পৰা অলপ আগতে যাম,নহ’লে নৱগ্ৰহ শ্মশানৰ সেইখিনিত তাৰ বৰ ভয় লাগে।কিন্তু কোনো দিনেই তেওঁ কামৰ পৰা ১০ বজাৰ আগতে ওলাব নোৱাৰে।পেপচি, কোকাকোলাৰ বটলৰ মাজৰ পৰা টয়লেট চাফা কৰি আঠগাঁ‌ৱৰ অফিচত বজৰং চাহাবক মদ খাবৰ বাবে আলু ভাজি দিয়ালৈকে সকলো কাম অতাইহে তেওঁ …

অধিক পঢ়ক »

প্ৰেমৰ বাবে

খুশবু হাজৰিকা : কি বনাইছা এইবোৰ? শুদা ভাত আৰু আলু বইল! ৰুটি ক’ত।- কাঁহীখন দেখিয়েই ভোৰভোৰাই উঠিল প্ৰতীকে। : আজি বনাবলৈ নহলেই।- লাহেকৈ কলে নন্দিনীয়ে। : কিনো কৰি থাকা ৰাতিপুৱাৰে পৰা! ৰুটিখনো বনাব নোৱাৰা। ৰাতিপুৱাই নাখাইহে পাৰিছো এইবোৰ।- কাঁহীখন থেলা এটা মাৰি চিধাই দুপদুপাই গৈ চিৰিত উঠিলগৈ সি। সি যোৱাৰ ফালে এবাৰ চাই পুনৰ কাঁহীখনলৈ চালে ৰাজনন্দিনীয়ে। দীৰ্ঘ নিশ্বাস এটা …

অধিক পঢ়ক »

নিৰৱ নিনাদ

নিৰুপমা ডেকা “তোমাৰ নিৰুত্তৰ সময়বোৰে মোক যেতিয়া অন্তৰত আঘাত কৰে তেতিয়া অনুমান কৰোঁ কিমান বেছি ভালপোৱা থাকিলে এনে মনোকষ্ট পাব পাৰি ৷ তেতিয়া তোমালৈ মোৰ ভালপোৱা আৰু বাঢ়ে৷” নিৱেদিতাই তাইৰ ডায়েৰীখনত লিখি গ’ল শাৰীকেইটা ৷ কিমান দিন হ’ল বাৰু নিৰজ হেৰুৱাৰ , তাই হিচাব এটা কৰিলে এক দুই….আজি দুবছৰ , নহয় তিনিবছৰ এহ মনতে নপৰে কিমান বছৰ৷ তাই থেকেচি পেলালে …

অধিক পঢ়ক »

সৰস্বতী পূজা

জ্ঞানদীপ বৰুৱা                           (১) অন্য দিনৰ দৰেই তাই ঢল পোৱাতেই উঠি হাতত বাঢ়নীটো লৈ চোতাল পালেগৈ । আনদিনৰ দৰেই আজি যেন তাই চোতালখন সাৰিব পৰা নাই । তাতেই বাঢ়নিটো পেলাই ভিতৰ পালেহি মায়া । ঠায়ে ঠায়ে ফাটিব ধৰা চোৱেটাৰ এটা পিন্ধি মাক অন্য দিনৰ দৰেই ফিকা চাহ এবাতি …

অধিক পঢ়ক »