দৈনিক সংৰক্ষণাগাৰ : March 1, 2018

৫৫০ বছৰীয়া পৰম্পৰা অটুট ৰাখি বটদ্ৰৱাত গোঁসাই মূৰত ফাঁকু দিয়া উৎসৱ সম্পন্ন

অসম সংবাদ,বেবেজীয়া: প্ৰায় ৫৫০ বছৰীয়া পৰম্পৰা অটুট ৰাখি দৌলোৎসৱ উপলক্ষে আজি গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাত ‘গোঁসাই মূৰত ফাঁকু দিয়া উৎসৱ’ সম্পন্ন হয়। পূৰ্বৰ পৰম্পৰা অনুযায়ী আজি বিয়লি ভাগত কীৰ্তনঘৰৰ নাম-প্ৰসংগৰ অন্তত গায়নে-বায়নে গোবিন্দ মূৰ্তিৰ সমুখত জোৰা ধৰি তাল-খোল, দবা, নেগেৰা, শংখ-ঘন্টা আদি মাংগলিক ধ্বনিৰ মাজতে আয়তীৰ উৰুলি আৰু মংগাচৰণেৰে গোবিন্দৰ মূৰত ফাঁকু দিয়া হয়। আনহাতে, নিশালৈ বাৰেৰহণীয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান …

অধিক পঢ়ক »

ডকমকাত ট্ৰাকে মহতিয়ালে ইণ্ডিগ’ক: আহত ২

অসম সংবাদ,হাওৰাঘাট: কাৰ্বি আংলঙৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দুৰ্ঘটনা ৷ সুৰামত্ত ট্ৰাক চালকৰ দৌৰাত্ম্য অব্যাহত ৷ ডকমকা থানাৰ অন্তৰ্গত শিলধৰমপুৰত ট্ৰাকে মহতিয়াই নিলে এখন ইণ্ডিগ’ক ৷ এখন ইণ্ডিগ’ক খুন্দা মাৰি পথৰ কাষত বাগৰি পৰিল ট্ৰাকখন ৷ ডিফুৰ পৰা নগাওঁ অভিমুখে গৈ থকা ট্ৰাকখনৰ চালক আৰু সহযোগীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ গুৰুতৰভাৱে আহত হৈছে দেৱজিত ৰাজখোৱা আৰু গোপাল …

অধিক পঢ়ক »

হোলী গীত গাই আবিৰৰ ৰঙেৰে ৰঙীন হ’ল বিধায়িকা আঙুৰলতা

অসম সংবাদ,বেবেজীয়া: “ৰঙে ফাকু খেলে চৈতন্য বনমালী–দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰি।” এইফাঁকি হোলী গীতেৰে আজি নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰি গৰখীয়া থানত অনুষ্ঠিত হৈ থকা দৌলোৎসৱত অংশ লৈ বিধায়িকা আঙুৰলতা ডেকাই অগণিত ভক্তবৃন্দৰ হৃদয়ত ভক্তিৰসৰ নিজৰা বোৱায়। যোৱাকালিৰে পৰা জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত উদযাপিত হোৱা দৌলোৎসৱৰ ৰূপালী জয়ন্তী কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা থানভাগৰ প্ৰস্তাৱিত তিনিমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰি স্থানীয় ৰাইজৰ …

অধিক পঢ়ক »

হোলীৰ আনন্দ লবলৈ গৃহভূমিত মুখ্যমন্ত্ৰী সোণোৱাল

চাবুৱাৰ পৰা ডেভিদ বৰুৱা,অসম সংবাদ: চাবুৱা আজি ৰঙৰ উৎসৱ ফাকুৱা ৷ সমগ্ৰ ৰাজ্য বুৰ গৈছে আনন্দ উচাহত ৷ বৃহস্পতিবাৰে ৰং আৰু আবিৰৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে গৃহভূমি চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাওঁস্থিত বাসগৃহত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যবাসীক হোলীৰ শুভেচ্ছাও জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখযোগ্য যে BTAD-প্ৰসংগত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে “এই ক্ষেত্ৰত চিন্তাৰ কাৰণ নাই, আমি …

অধিক পঢ়ক »

লোকে লোকাৰণ্য শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰীহাটী সত্ৰ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা,অসম সংবাদ: বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰত শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী। হাটী সত্ৰত কেৱল মানুহ আৰু মানুহ। জনসমুদ্ৰত পৰিণত ঐতিহাসিক হাটী সত্ৰ। ৰঙৰ উৎসৱ ফাকুৱা আৰু অধিক ৰঙীন হল আটচবাজি ৰঙত। ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত গোঁসাই দৌল গৃহত উঠাৰ পাছতে দৌলত ফুৰোৱা হয় গোখাইক। শতাধিক কিশোৰীয়ে পৰিবেশন কৰিলে কৃষ্ণ নৃত্য। তাৰ পাছতেই …

অধিক পঢ়ক »

বিশিষ্ট বিজ্ঞানী ড° অনন্ত বৰাৰ দেহাৱসান

নিউজ ডেস্ক, অসম সংবাদ: ফাকুৱাৰ আনন্দৰ মাজতে বঙাইগাঁওত শোকৰ ছাঁ ৷ অসমৰ বিশিষ্ট প্ৰাণীবিজ্ঞানী ড° অনন্ত কুমাৰ বৰাৰ দেহাৱসান ৷ বঙাইগাঁও বীৰঝৰা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আছিল বৰা ৷ প্ৰকৃতিপ্ৰেমী সংগঠন “আৰণ্যক”ৰ লগত জড়িত আছিল ৷ অসম শিশু বিজ্ঞান সমাৰোহৰ লগতো আছিল জড়িত ৷

অধিক পঢ়ক »

সু-চিকিৎসাৰ অভাৱত মৃত্যু তুলসীবাৰী এপ’ল বস্ত্ৰ উদ্যোগৰ নিৰাপত্তাৰক্ষী

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, অসম সংবাদ:অসম চৰকাৰৰ সমবায় খণ্ডৰ অধীনস্থ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপল’ মিলৰ কৰ্মচাৰীৰ জীৱনলৈ  নামি আহিছে অশনি সংকেত। সুদীৰ্ঘ দিন ধৰি কৰ্মস্থান নিস্ক্ৰিয় হৈ অহাৰ পৰিপ্ৰেক্ষিতত বেতন বঞ্চিত হৈ আৰ্থিক দীনতাত ভোগা মিলটোৰ শ্ৰমিক- কৰ্মচাৰীসকলে জীয়াই থকাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। বাৰে-বাৰে আন্দোলন কৰিও চৰকাৰৰ সদিচ্চাৰ অভাৱত ব্যৰ্থ হৈ হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে যেন  গত্যন্তৰ নোহোৱা হৈছে। এনে …

অধিক পঢ়ক »

বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ’ল জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱ

বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰৰ পৰা নিহাৰ শৰ্মা,অসম সংবাদ:আজি খোল, তাল, ডবা,শংখৰ ধ্বনীৰে মুখৰিত হৈ পৰিল জামুগুৰিহাট৷পুৱাৰ পৰাই জামুগুৰিহাটবাসীৰ  মনত যেন আনন্দৰ সীমা নাই, কাৰণ আজিৰে পৰা আৰম্ভ হ’ল ভাৰতৰ একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা৷ পুৱা ১০ মান বজাত জামুগুৰিহাটৰে খাদৈচুক গাঁওৰ নামঘৰৰ পৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ পকামূৰা পথাৰলৈ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে অনা হয় সিংহাসন ভাগ৷ শোভাযাত্ৰাত …

অধিক পঢ়ক »

বাক্সাৰ শালবাৰীত ট্ৰাকে মহতিয়ালে বিদ্যুৎ পৰিবাহী ট্ৰেন্সফৰ্মা

অসম সংবাদ,শালবাৰী:বাক্সাৰ শালবাৰীত ভয়ংকৰ দুৰ্ঘটনা।মানাহ ৰাষ্ট্ৰীয় উদ্যান- ভৱানীপুৰ সংযোগী পথ তথা শালবাৰীৰ হৰিপুৰত শিলভৰ্তী ট্ৰাকে মহতিয়াই ভাঙি চুৰ্ণ – বিচুৰ্ণ কৰিলে বিদ্যুৎ পৰিবাহী ট্ৰেন্সফৰ্মাৰ সহ বিদ্যুৎ পৰিবাহী খুঁটা আৰু তাৰ । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS- 01-6408 ।দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকৰ পলায়ন।পুৱতি নিশা ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । লগত শিল কৰিয়াই অনা দুখন ট্ৰাকে উদ্ধাৰ কৰি লৈ যায় …

অধিক পঢ়ক »

অভয়াপুৰীত ফাকু খেলিলে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেই

ব্যুৰ’ ৰিপৰ্ট, অসম সংবাদ: ৰাজ্যজুৰি ফাকুৱাৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷ ৰঙৰ উৎসৱ ফাকুৱাৰ উৎসাহ দেখা গৈছে অভয়াপুৰীতো ৷ অভয়াপুৰী সৃজনগ্ৰামৰ ঐতিহ্যমণ্ডিত ৰঘূনাথ সস্তৰত আজি ফাকুৱাৰ আনন্দ ল’লে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেই ৷ অসমৰ ভিতৰত প্ৰথম তথা ভাৰতৰ ভিতৰত দ্বিতীয় ৰামৰ সেউজীয়া মূৰ্তি থকা এই সত্ৰত কেবাদিনীয়া কাৰ্যসূচীৰে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা ৷ আজি এই সত্ৰতে …

অধিক পঢ়ক »