দৈনিক সংৰক্ষণাগাৰ : March 3, 2018

লখিমপুৰৰ বগীনদীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰ ভাৱে আহত যুৱক

অসম সংবাদ,লখিমপুৰ: লখিমপুৰৰ বগীনদীত আজি নিশা ১০.১৫ মান বজাত সংঘটিত এক ভয়ানক পথ সংঘটিত হয়।দুৰ্ঘটনাত এজন যুৱক গুৰুতৰ ভাবে আহত হৈছে।লৰাজন লখিমপুৰৰ ৰমণীচুকৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ সমীপৰ ৰাইজৰ পৰা জানিব পৰা মতে এখন তিব্ৰবেগী ডাম্পাৰে গাড়ীখন খুন্দিওৱাত গুৰুতৰ ভাৱে জখম হোৱা লৰাজনক মানুহে গাড়ী ভাঙি উদ্ধাৰ কৰে ৷

অধিক পঢ়ক »

লংকাত আৰক্ষীৰ সুৰা বিৰোধী অভিযান: বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

অসম সংবাদ,লংকা: অবৈধ সুৰাৰ বিৰুদ্ধে লংকা চহৰত আৰক্ষী প্ৰশাসনৰ অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে ৷ ধাৰাবাহিক ভাৱে লংকাত চলিছে সুৰা বিৰোধী অভিযান ৷ বিগত দিনবোৰত লংকাৰ পাৰ্শ্ববৰ্তী অঞ্চল ভালুকমাৰী, জোৰাপুখুৰী, হংকং মাৰ্কেটত সুৰা বিৰুদ্ধে অভিযান চলি অহাৰ সমান্তৰলকৈ আজি নিশা প্ৰায় ৮ মান বজাত লংকা ৰেলৱে ষ্টেচনৰ সমীপৰ একাংশ অবৈধ সুৰা বিপণীত চলিল প্ৰশাসনৰ অভিযান ৷ জিলা প্ৰশাসনৰ অতিৰিক্ত আৰক্ষী …

অধিক পঢ়ক »

তালাপত বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ধন লুটৰ ঘটনাত জড়িত ডকাইত গ্ৰেপ্তাৰ

অসম সংবাদ,তালাপ: তিনিচুকীয়া জিলাৰ তালাপ অঞ্চলৰ কেইবা ঠাইতো বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ধন লুটৰ ঘটনাত জড়িত এটা ডকাইট কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তালাপ আৰক্ষী । কৰ্দৈগুৰি অঞ্চলৰ জকাইচুক গাঁৱৰ ৰাজা মৰাণ (২২) নামৰ ধৃত ডকাইটটোৱে ডকাইটি ঘটনাত জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বিকাৰ কৰা বুলি প্ৰকাশ । উল্লেখ্য যে বন্ধন বেংকৰ কৰ্মচাৰীয়ে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ মহিলা গোট সমূহক প্ৰদান কৰা …

অধিক পঢ়ক »

তিতাবৰত টেংকাৰ আৰু টাটা এচিৰ মুখামুখি সংঘৰ্ষ: গুৰুতৰ ভাৱে আহত ৪

অসম সংবাদ,তিতাবৰ: তিতাবৰ মৰিয়ণি সংযোগী ধোদৰআলি পথৰ লেটেকুজান চাহ বাগিচাৰ সমীপত আজি নিশা প্ৰায় ৭ বজাত এটি ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।ধোদৰআলি পথেৰে তিতাবৰৰ পৰা মৰিয়ণি দিশত তীব্ৰ বেগত গৈ থকা AD-23 AC-2922 নম্বৰৰ এখন খালী তেলৰ টেংকাৰে বিপৰীত দিশত আহি থকা AS-03 Bc-4003-নম্বৰৰ এখন টাটা এচি গাড়ীত মুখামুখিকৈ খুন্দা মাৰে।ইপিনে টাটা এ চি খনৰ চালক কৃষ্ণ মাংকি, আৰোহী দ্বীপ …

অধিক পঢ়ক »

নলবাৰীত আধুনিক পৰশুৰাম: নিজ পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

অসম সংবাদ,নলবাৰী: নলবাৰীৰ নিজবাহঁজানী গাওঁৰ হাউৰাপাৰাত এগৰাকী বৃদ্ধা মাতৃক নিজৰ পুত্ৰ-বোৱাৰী আৰু খুলশালীয়েকে হত্যা কৰাৰ অভিযোগে জিলাব্যাপি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে আজি গাওঁ খনৰ এজন লোকে পথাৰক গৰু চৰাবলৈ গৈ বাহঁনিৰ মাজত এটা অগ্নিদগ্ধ মৃতদেহ প্ৰত্যক্ষ কৰে । এনেতে অঞ্চলটোত হুৱাদুৱা লাগি যায় । শৰীৰৰ ৯৫ শতাংশ অগ্নিদগ্ধ হোৱা মৃতদেহটোৰ মাত্ৰ আঠুৰ তলৰ অংশ হে দেখা হৈ …

অধিক পঢ়ক »

বৰপেটাৰোডত নিৰ্বাচনৰ ফলাফলক লৈ উৎফুল্লিত বিজেপিৰ ৰাজ্যিক সভাপতি

অসম সংবাদ,বৰপেটাৰোড: আজিৰ নিৰ্বাচনৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে বৰপেটাৰোডৰ বিজেপিৰ কৰ্মকৰ্তা সকল। তেওঁলোকে আবিৰৰ ৰঙেৰে ৰঙিয়াল হৈ বিজেপি জিন্দাবাদ ধ্বনি দি বৰপেটাৰোডত উলিয়ায় এক বিজয় যাত্ৰা। এই বিজয় যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসেও অংশগ্ৰহণ কৰে।

অধিক পঢ়ক »

চেঙাৰ ছাটাগাঁৱত নৃশংস ঘটনা: দহদিনীয়া কন্যাক হত্যাৰ অভিযোগ পিতৃ আৰু সতীয়া মাতৃৰ বিৰুদ্ধে

অসম সংবাদ,চেঙা:পাৰিবাৰিক কন্দলৰ বলি হ’ল এটি দহ দিনীয়া পানী কেঁচুৱা।বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাটাগাঁৱত সংঘটিত হৈছে এই ঘটনা । শুকুৰবাৰে নিজৰ পিতৃ আৰু সতীয়া মাতৃয়ে লগ হৈ দহদিনীয়া কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ উঠিছে । মৃত শিশুটোৰ মাতৃ আনোৱাৰা খানমে তাৰাবাৰী আৰক্ষী থানাত স্বামীৰ লগতে স্বামীৰ প্ৰথমা পত্নী আৰু শশুৰেকৰ নামত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি …

অধিক পঢ়ক »

চেঙাত আৰক্ষীৰ জালত চাৰি গভাইত চোৰ

অসম সংবাদ,চেঙা:বিগত কিছুদিন ধৰি বৰপেটা জিলাৰ চেঙা অঞ্চলত ধাৰাবাহিক ভাৱে চুৰি কাণ্ড সংঘটিত হৈ অহাৰ সময়তে কালি এটি চোৰক স্থানীয় ৰাইজে আটক কৰি তাৰাবাৰী আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীক গতাই দিয়া ১৩ বছৰীয়া কিশোৰ চোৰটোৰ স্বীকাৰোক্তিত কেবাটাও কিশোৰ চোৰৰ নাম উল্লেখ হোৱাত শিশু সমাজৰ নৈতিক অধঃপতন দেখি সচেতন মহল চিন্তিত হৈ পৰে ৷ কিশোৰ চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত এটা পোন্ধৰ বছৰীয়া …

অধিক পঢ়ক »

ত্ৰিপুৰাত শেষ হাঁহি বিজেপিৰ, মেঘালয়ত কংগ্ৰেছ জয়: নাগালেণ্ডত NPFৰ বিজয় ধ্বজা

নিউজ ডেস্ক,অসম সংবাদ: উত্তৰ-পূৱৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন। মেঘালয়ত কংগ্ৰেছৰ দখলত ২১খন, NPPৰ দখলত ১৯খন, UDPৰ দখলত ৬খন, BJP–এ পাইছে ২খন, PDF–এ পাইছে ৪খন, HSPDPৰ লাভ কৰিছে ২খন আসন, NCP–এ পাইছে এখন আৰু KHNAM-এ পাইছে এখন আসন। নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩খন আসন দখল কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনত। আনহাতে, চিপিআই(এম)ৰ লাল দুৰ্গ তচনচ কৰি ত্ৰিপুৰাত এইবাৰ বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা লাভ। …

অধিক পঢ়ক »