দৈনিক সংৰক্ষণাগাৰ : March 5, 2018

লপাকয়ং বিমানবন্দৰত প্ৰথমবাৰলৈ অৱতৰণ কৰে ভাৰতীয় বায়ুসেনাৰ Dornier 288 এয়াৰক্ৰাফ্ট

নিউজ ডেস্ক,অসম সংবাদ:ছিকিমৰ বাবে আজিৰ দিনটো আছিল ঐতিহাসিক ৷ আজি লপাকয়ং বিমানবন্দৰত প্ৰথমবাৰলৈ অৱতৰণ কৰে ভাৰতীয় বায়ুসেনাৰ Dornier 288 এয়াৰক্ৰাফ্ট । অহা এপ্ৰিল মাহত এই বিমানবন্দৰটো আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক »

বি টি চি চুক্তি ভংগৰ দাবীত ২৪ ঘন্টীয়া বি টি এ ডি বন্ধলৈ সমৰ্থন কনকৰ্ফৰ

অসম সংবাদ , মংগলদৈ /দেওমৰনৈ/দৰং:বি টি এ ডিত থকা কোচ ৰাজবংশীকে ধৰি সংৰক্ষিত শ্ৰেনী লাভ কৰা জনগোষ্ঠী কেইটাৰ সংৰক্ষণৰ মৰ্যদা বাতিল কৰি অবড়োৰ ভূমি অধিকাৰ খর্ব কৰাৰ প্ৰতিক্ৰিয়া হিচাপে কোচ ৰাজবংশী ছাত্র সন্থা, নাথ-যোগী ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, চাওতাল ছাত্র সন্থা আৰু গোৰ্খা ছাত্র সন্থাই অহা ৬ মাৰ্চ তাৰিখে আহ্বান জনোৱা ২৪ ঘন্টীয়া বি টি এ ডি বন্ধলৈ পুৰ্ণ …

অধিক পঢ়ক »

ডি এল এড পৰীক্ষাত বড়ো ভাষা সংযোজন কৰাৰ দাবীত এবছুৰ প্ৰতিবাদ

অসম সংবাদ, জোনাই: বড়ো ভাষা এটা স্বীকৃত ভাষা হোৱা সত্বেও ডি এল এড পৰীক্ষাৰ পাঠ্যক্ৰমত আজিলৈকে সংযোজন নকৰাৰ বাবে আজি এবছুৱে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷ ধেমাজি জিলাৰ জোনাইত এবছুৰ উদ্যোগত সংযোক্ত বড়ো গণ মঞ্চ (UBPO) বড়ো সাহিত্য সভা সদৌ বড়ো মহিলা কল্যাণ পৰিষদ, বড়ো শিক্ষক সন্থাৰ সহযোগত জোনাই মহকুমাৰ প্ৰতিটো আঞ্চলিকত সংগঠনটোৰ এক জোৰ …

অধিক পঢ়ক »

মৈৰাবাৰী আৰক্ষীৰ সাফল্য : লখিমপুৰত গ্ৰেপ্তাৰ কৰিলে পলাতক হত্যাকাৰীক

অসম সংবাদ,মৈৰাবাৰী:অৱশেষত মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল বৰথল দলৈগাও হত্যাকাণ্ডৰ মূল অভিযুক্ত,যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়াৰ ভাগত মৈৰাবাৰী থানাৰ অধীনস্থ বৰথল দলৈগাওত আৰজু নামৰ এজন যুৱ ব্যাৱসায়ীৰ হত্যাকাণ্ডৰ অভিযুক্ত জাহিৰ আব্বাছ মল্লিক ওৰফে ৰাব্বুলক পলায়ন কৰি থকাৰ পিছত আজি মৈৰাবাৰী আৰক্ষীয়ে অপৰাধীজনক লখিমপুৰৰ লালুক থানাৰ এলেকাধীন এক দুৰ্গম অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।যুৱ ব্যাৱসায়ীজনক হত্যাকৰাৰ দিনাখনেই বাবুল আলী আৰু কাজিমুদ্দিন …

অধিক পঢ়ক »

নগাঁৱৰ কচুৱা মডেল হস্পিতালত উত্তেজনা

অসম সংবাদ,কামপুৰ:নগাঁৱৰ জিলাৰ কচুৱা মডেল হস্পিতালত উত্তেজনা।সোমবাৰৰ পুৱাই চিকিৎসালয়খনত চিকিৎসক পলমকৈ উপস্থিত হোৱাক কেন্দ্ৰ কৰি এই উত্তেজনা সৃষ্টি হয়।সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে চিকিৎসকে। চিকিৎসক-নাৰ্চৰ অভাৱত আশাকৰ্মী হাতত প্ৰসৱ কৰে এগৰাকী প্ৰসূতীয়ে।চিকিৎসক নথকাৰ বাবে বিহপান কৰা ৰোগীয়ে মৃত্যুৰে যুঁজ দিয়ে চিকিৎসালয় খনত । অধীক্ষক পি.কে. বৰাক ঘেৰাও কৰে উত্তেজিত ৰাইজে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ণৰ কথাৰে দম্ভালি মাৰি …

অধিক পঢ়ক »

মিৰ্জাত ছাত্ৰ-ছাত্ৰীৰ শান্তি সমদল

অসম সংবাদ,আজাৰা: চিৰিয়াত হৈ থকা হত্যালীলাই সমগ্ৰ বিশ্ববাসীক মৰ্মাহত কৰি তুলিছে । সেই  হত্যালীলাত বহু নীৰিহ লোকৰ মৃত্যু হৈছে । শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে চিৰিয়াত এতিয়া মৃত্যুৰ কিৰিলি । প্ৰায় ৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে এই ঘটনাত আৰু সেই মৃত ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ উদ্দেশ্যে তথা শান্তি স্থাপনৰ লক্ষ্যৰেই মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে আজি সোমবাৰে Pray for Seria নামেৰে …

অধিক পঢ়ক »

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে তীব্ৰ অভিয়ান:দুই চোৰাং মাছমৰীয়াক আটক

অসম সংবাদ,ৰূপহীহাট: নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যত আজি বনবিভাগে চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে তীব্ৰ অভিয়ান চলাই ভণই বিভাগে৷দিনৰ ভাগত চলোৱা অভিযানত দুই চোৰাং মাছমৰীয়াক আটক কৰাৰ লগতে বহু পৰিমাণৰ মাছ ধৰা জাল জব্দ কৰে ৷ সম্প্ৰতি আটক কৰা দুই চোৰাং মাছমৰীয়াক নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াৰ কাৰ্য্যালয়ত আনি বন বিভাগে জেৰা অব্যাহত ৰাখিছে।উল্লেখ্য যে এসময়ত ডাঠ হাবি জংঘলৰে ভৰা লাওখোৱা …

অধিক পঢ়ক »

কাজিৰঙাত অনুষ্ঠিত হব গঁড়ৰ সংখ্যা নিৰূপণ কাৰ্যসূচী

অসম সংবাদ,কাজিৰঙা : অহা ২৫ মাৰ্চ ৰ পৰা ২৮ মাৰ্চলৈকে কাজিৰঙাত হ’ব গঁড়ৰ সংখ্যা নিৰূপন ৷ ২৬ মাৰ্চত কঁহৰা,বাগৰি, বুঢ়া পাহাৰ বনাঞ্চলত আৰু ২৭ মাৰ্চত অগৰাতলি বনাঞ্চলত বন্ধ থাকিব জীপ চাফাৰী ৷আনহাতে ২৬ ৰ পৰা ২৮ মাৰ্চলৈকে ৰাষ্ট্ৰীয় উদ্যান খনত বন্ধ থাকিব হাতী চাফাৰী ৷ উদ্যান খনৰ সঞ্চালক জনালে এই কথা।

অধিক পঢ়ক »

বৰভাগত মেধাৱী ছাত্ৰৰ অকাল মৃত্যু

অসম সংবাদ,বৰভাগ:বৰভাগত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী মেধাৱী ছাত্ৰৰ অকাল মৃত্যুত শোকৰ ছাঁ‌ পৰিছে ।ছাত্ৰ গৰাকীৰ নাম নয়নমনি কলিতা ।জানিব পৰা মতে অঞ্চলটোৰ পাণ্ডুলা(কমাৰতোলা)গাওঁ নিবাসী লৱণ কলিতা আৰু নিৰ্মালি কলিতাৰ জ্যেষ্ঠ পুত্ৰ নয়নমনি বিগত কিছু দিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল ।পৰৱৰ্তী সময়ত ৰবিবাৰে অসুস্থতা যথেষ্ট পৰিমানে বৃদ্ধি হোৱাত দিন হাজিৰা কৰি পেটৰ ভাত মোকোলোৱা পৰিয়ালটোৱে ছাত্ৰ গৰাকীক গুৱাহাটী …

অধিক পঢ়ক »

চৰাইদেউ জিলাৰ সোণাৰিত সমূহীয়া বিবাহ

অসম সংবাদ,সোণাৰি:এযোৰ দুযোৰ নহয়,সোণাৰিত একে লগে বিবাহ পাশত আৱদ্ধ হল ৫০৩ যোৰ দৰা কইনা।উৰুলিত মুখৰিত হৈ পৰিল সোণাৰি।সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে ৫০৩ যোৰা দৰা কইনাই বিবাহ পাশত আৱদ্ধ হল সোণাৰিত।উল্লেখ্য যে এই অগতানুগতিক বিবাহ চাবলৈকে বিবাহ মণ্ডপত উপস্থিত হল ভালে সংখ্যক লোক।হিন্দু চাহ জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা সোণাৰি টিয়ক ৰজাবাৰী ৰাইজ আৰু সেৱায়ন অসম ও …

অধিক পঢ়ক »