দৈনিক সংৰক্ষণাগাৰ : March 6, 2018

ধনশিৰি মহকুমাত জাঠা কাৰ্যসূচী ৰূপায়ন

অসম সংবাদ,সৰুপথাৰ:গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ,উৰিয়ামঘাটকে ধৰি বিভিন্ন স্থানত চি অাই টি ইউ ৰ কৰ্মীসকলে শ্ৰমিকৰ স্বাৰ্থত বিভিন্ন দাবীৰ সমথৰ্নত জয়ন্তিপুৰ,বিদ্যাপুৰ, মাজগাওঁ অাদি স্থানত জাঠা কাৰ্য্যসূচী ৰূপায়ন কৰে । চি আই টি ইউ ৰ গোলাঘাট জিলাৰ সম্পাদক প্ৰকাশ হাজৰিকা,গোলাঘাট জিলা কৃষক সভাৰ সম্পাদক গোবিন্দ সিনহা, সদৌ অসম নিম্মান শ্ৰমিক সন্থাৰ গোলাঘাট জিলা সম্পাদক জিতেন ৰাভাই অংশ গ্ৰহন কৰা সভাত শ্ৰমিকৰ …

অধিক পঢ়ক »

মাজুলীত আছুৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ,উজনি মাজুলী : মাজুলীৰ মেৰুডণ্ড স্বৰূপ হালধীবাৰি বেচামৰা মাথাউৰী সৱলিকৰণৰ দাবীত আজি উজনি মাজুলীৰ নপমুৱা তিনিআলিত পূবমাজুলী আঞ্চলিক ছাত্ৰ সন্থাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আৰু মাজুলী জিলা উপায়ুক্তৰ যোগেদি জলসম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে মাজুলী জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ে অৱস্থান ধৰ্মঘট স্থলীত উপস্থিত হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে।স্মাৰক পত্ৰট মাজুলীৰ প্ৰধান মাথাউৰী হালধীবাৰী বেচামৰা …

অধিক পঢ়ক »

ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা নিৰঞ্জন দাস

ধৃতিমান ভ্ৰাম্যমান মঞ্চৰ এজন বলিষ্ঠ অভিনেতা, যিজন অভিনেতাই নিজৰ স্বকীয় অভিনয়ৰে অভিনয় কৰি ভ্ৰাম্যমান মঞ্চজগতত এখন সুকীয়া স্থান দখল কৰি আছে । তেখেতৰ নাম নিৰঞ্জন দাস । মনালিছা থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰ জগতত প্ৰৱেশ কৰা এইজন অভিনেতাই জীৱনৰ বহুকেইটা বসন্ত পাৰ কৰিলে ভ্ৰাম্যমানৰ মঞ্চতেই । এখেতে অভিনয় কৰা প্ৰথমখন হিট নাটক আছিল নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ “ৰাজাবাবু” য’ত তেখেতে নাম ভূমিকাত …

অধিক পঢ়ক »

অবৈধ বাহনৰ দৌৰাত্মঃ আহত শিশু

অসম সংবাদ, মানকাচৰঃ মানকাচৰৰ পিপুলবাৰীত বিগত কিছুদিন ধৰি মেঘালয়ৰ অবৈধ বল্ডাৰ কঢ়িওৱা পিকআপ ভানৰ দৌৰাত্ম দেখিবলৈ পোৱা গৈছে৷ আজি এম এল ০৮ই-১৮৮৩ নম্বৰৰ পিকআপ ভান এখনে খুন্দিয়াই আহত কৰে এটি শিশুক৷ নুৰ আজিম নামৰ শিশুটি স্থানীয় পিপুলবাৰী বজাৰৰ মজিবুৰ ৰহমানৰ পুত্ৰ৷ বৰ্তমান শিশুটি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে৷

অধিক পঢ়ক »

ছাত্ৰ ছাত্ৰী নহয় এইবাৰ চোৰৰ হাতত মধ্যাহ্ন ভোজনৰ চাউল

অসম সংবাদ,মাহমৰাঃচৰাইদেউ জিলাৰ সোণাৰি প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত শিঙৰীজান চাহ বাগিচাৰ বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ তলা ভাঙি দুৰ্বৃত্তই ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি নিয়া ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য অনুসৰি উক্ত বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ কোঠাৰ তলা ভাঙি যোৱা নিশা দুৰ্বৃত্তই ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ তিনি কুইণ্টল পঞ্চাশ কেজি চাউল চুৰি কৰি লৈ …

অধিক পঢ়ক »

অগ্নিগৰ্ভা বিটিচিঃ ঠায়ে ঠায়ে প্ৰতিবাদৰ জোঁৱাৰ

অসম সংবাদ, ডিমাকুছিঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভূমি হস্তান্তৰৰ বিষয়ে কৰা মন্তব্যৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ডিমাকুছি কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু আটাৰীখাট আদিবাসী আঞ্চলিক ছাত্ৰ সন্থাই৷ আজি পুৱাৰে পৰা ডিমাকুছি, আটাৰীখাট, নালাপাৰা, শুক্লাই আদিকে ধৰি বিভিন্ন ঠাইত প্ৰতিবাদৰ ঢৌ উঠা পৰিলক্ষিত হয়৷ আজি কেবাটাও সংগঠনে আহ্বান জনোৱা ২৪ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত হিংসাত্মক …

অধিক পঢ়ক »

চেঙাত অসম ভিত্তিত হোলী গীত প্ৰতিযোগিতা সম্পন্ন

অসম সংবাদ,চেঙা: বৰপেটা জিলাৰ চেঙাৰ বৰচেঙা পাৰা পঞ্চায়তৰ পৃষ্ঠপোষকতা আৰু বীৰ চিলাৰায় নাম দলৰ উদ্যোগত বৰচেঙা পাৰা কীৰ্তন ঘৰৰ ৰংগমঞ্চত যোৱা 2 মাৰ্চত প্ৰয়াত সনৎ কুমাৰ ডেকা আৰু টুপুল চন্দ্ৰ ঠাকুৰীয়াৰ সোঁৱৰণত সদৌ অসম ভিত্তিত হোলী গীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ।প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয় ।সন্ধিয়া 6 বজাৰ পৰা অনুষ্ঠিত হোলী গীত প্ৰতিযোগিতাখনি উদ্বোধন কৰে …

অধিক পঢ়ক »

বিহালীত পথ অৱৰোধ:অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ উত্তাল প্ৰতিবাদ

অসম সংবাদ,বিহালী: আজি বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰগাংত দিনৰ ১২ বজাৰ পৰা ১ বজালৈকে বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথ অৱৰোধ কৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ বিশ্বনাথ চাৰ্কোল সমিতিয়ে ৷ মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত ৰাজ্যৰ আন-আন স্থানৰ লগতে বিহালীতো অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই বিহালীৰ বৰগাংত বিশাল সমদল বাহিৰ কৰি উত্তাল কৰি তোলে বিহালীৰ আকাশ বতাহ ৷ …

অধিক পঢ়ক »

কোকৰাঝাৰত চালকসহ টেম্পোত জুই: শাৰীৰিকভাবে অপদস্ত সাংবাদিক: এবিএমছুৰ নিন্দা  

অসম সংবাদ, ৰঙিয়া: ৰঙিয়াত আজি এবিএমছুৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে এক বিবৃতি যোগে জনাই যে বি টি চি কৰ্তৃপক্ষই পূৰ্বৰে পৰা বিশেষ শ্ৰেণীৰ মৰ্য্যদা পাই থকা বিশেষ কিছু জনগোষ্টীক যোৱা ১২ জানুৱাৰী ২০১৮ তাৰিখে মৰ্য্যদা কৰ্তন কৰাক লৈ আজি আহ্বান কৰা বন্ধৰ সময় চোৱাত কোকৰাঝাৰ জিলাৰ চৰাইখোলাত ছফিউৰ ৰহমান(২১) নামৰ এজন টেম্পো চালকক টেম্পোসহ পেট্ৰল ঢালি জ্বলাই দিয়াৰ লগতে ধনঞ্জয় নাথ …

অধিক পঢ়ক »

হোজাইত বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য সহ আটক ধৃত ব্যক্তি

অসম সংবাদ ,হোজাই:হোজাইৰ পৰা ৰেলযুগে ডিমাপুৰলৈ বিক্ৰীৰ বাবে নিয়াৰ সময়তেই হোজাই আৰক্ষীয়ে আটক পুলকা ওৰফে পিংকু।পুলকা ওৰফে পিংকুৰ লগত উদ্ধাৰ প্ৰায় দহ হাজাৰ টকাৰ মূল্যৰ নাইট্ৰচাম আৰু এছ পি টেবলেট।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত ধৃত ব্যক্তিজন।

অধিক পঢ়ক »