দৈনিক সংৰক্ষণাগাৰ : March 7, 2018

অসমৰ মাওলিনং আখ্যা মাজুলীৰ ভকতিদুৱাৰ গাঁৱক: স্বচ্ছতাই স্থান লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্যচিত্ৰত

ভকতিদুৱাৰৰ পৰা প্ৰাঞ্জল খাউণ্ড,অসম সংবাদ: দ্বীপ জিলা তথা সত্ৰীয়া সংস্কৃতিৰ ৰাজধানী মাজুলীৰ অনুন্নত উজনি মাজুলী উন্নয়ন খণ্ডৰ অধিনৰ ঐতিহ্যমণ্ডিত ভকতিদুৱাৰ গাঁৱৰ স্বচ্ছতাই অসমৰ ভিতৰতেই বৰ্তমান স্বচ্ছতাৰে চৰ্চালৈ আহিছে ৷ গাঁওখনক বহুজনে অসমৰ মাওলিনং আখ্যা দিছে ৷ গাঁওখনৰ প্ৰতি ঘৰ লোকৰ সন্মুখত আছে একোটাকৈ জাৱৰ দানি, য’ত ঘৰ খনত ওলোৱা সকলো জাৱৰ এই জাৱৰ দানিত পেলোৱাৰ পিছত আধিক জাৱৰ গোট খালে …

অধিক পঢ়ক »

অৱশেষত প্ৰবল প্ৰতিবাদত সেও মানি ভুল স্বীকাৰ হাগ্ৰামাৰ

নিউজ ডেস্ক,অসম সংবাদ: বিটিএডিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰত্যাহাৰ কৰাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছৰ আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ সভাকক্ষত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সতে এক বৈঠকত মিলিত হৈ বিটিচি কেবিনেট পৰিষদৰ সভাত লোৱা খচৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য …

অধিক পঢ়ক »

নগাঁৱত প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডত অতিষ্ঠঃ জিলা উপায়ুক্তক অভিযোগ

অসম সংবাদ, বেবেজীয়াঃ নগাঁৱ জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত হাইডুবি ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক গৰাকীৰ কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে৷ যাৰফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে৷ অভিযোগ অনুসৰি বিদ্যালয় খনৰ প্ৰধান শিক্ষক ইউচুফ হাজৰিকাই সামান্য অজুহাতত ছাত্ৰ-ছাত্ৰীক অভব্য আচৰণ কৰাৰ লগতে পৰিচালনা সমিতিৰ সদস্য সকলৰ লগতো কাজিয়াত লিপ্ত হয়৷ তদুপৰি মধ্যাহ্ন ভোজনৰ নামত নিম্নমানৰ সামগ্ৰী বিতৰণ …

অধিক পঢ়ক »

সৰিয়হৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন এহাল দম্পতীৰ

অসম সংবাদ,চেঙা:এহাল উচ্চ শিক্ষিত দম্পতী।এতিয়া দম্পতীহাল সকলোৰে আদৰ্শ ।উচ্চ শিক্ষিত হোৱাৰ পিছতো চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি ফুৰা নাই দম্পতীহাল।নিজ কৃষি ভূমিত একান্ত মনে কৰি গৈছে কৃষি কৰ্ম।কৃষি কৰ্মক শিল্প বুলি ভবা এইহাল আদৰ্শ কৃষক দম্পতী হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কামাৰপাৰা গাঁওৰ পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি । সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি এইহাল দম্পতীয়ে এইবাৰ৯ বিঘা মাটিত কৰিছে উন্নত …

অধিক পঢ়ক »

বহিঃৰাজ্যত স্বামীৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ জীয়ৰীয়ে

অসম সংবাদ, জোনাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ এগৰাকী জীয়ৰীক বহিঃৰাজ্যত স্বামীয়ে হত্যা কৰাৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জোনাইৰ গালীগাঁৱৰ ৰাজাৰীম পেগুৰ কন্যা প্ৰণিতা পেগুক স্বামী আশীষ গুৰুঙে আহমেদাবাদৰ বাসগৃহত চুৰিকাঘাত কৰি পেলাই থয়৷ পিছত আহমেদাবাদ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰণিতাৰ মৃতদেহ উদ্ধাৰ কৰে৷ জানিব পৰা মতে প্ৰেমসূত্ৰে প্ৰণিতাই ছিকিমৰ নিবাসী তথা আহমেদাবাদৰ এটি ব্যক্তিগত খণ্ডৰ বেংকত কৰ্মৰত আশীষ গুৰুঙৰ …

অধিক পঢ়ক »

আৱেগৰ বন্যা ৰঙিয়াৰ এন আৰ চি কেন্দ্ৰত: ৪২ বছৰৰ মূৰত মিলন তিনি ভগ্নীৰ

অসম সংবাদ,ৰঙিয়াঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ(এন আৰ চি) পুনৰীক্ষণ প্ৰক্ৰিয়াই আজি পুনৰ ৰঙিয়াত ৪২ বছৰৰ মূৰত দুই ভগ্নীৰে সৈতে ৰঙিয়াৰ পাৰ্বতী লোহাৰ নামৰ এগৰাকী মহিলাৰ পুনৰ মিলন ঘটোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ৷ সুদীৰ্ঘ ৪২ বছৰকাল পৃথকে বসবাস কৰাৰ অন্তত তিনি ভগ্নীয়ে এন আৰ চিত নামভৰ্ত্তিৰ বাবে প্ৰপত্ৰত একেজন পিতৃৰ লিগেচী ডাটা লিপিবদ্ধ কৰাত এন আৰ চি কৰ্ত্তৃপক্ষই তিনিওগৰাকীকে অলপতে …

অধিক পঢ়ক »

সোণাৰিত আলফাৰ লিংকমেন আটক

অসম সংবাদ,সোণাৰি:সোণাৰিত অস্ত্ৰসহ আলফাৰ লিংকমেন আটক। সেনা আৰু আৰক্ষীৰ তালাচী অভিযানত সোণাৰি চেনীগুদামৰ পৰা আটক প্ৰশান্ত চুতীয়া নামৰ লিংকমেনক।উল্লেখযোগ্য যে সেনা আৰু সোণাৰি আৰক্ষীৰ জালত পৰা ধৃত লিংকমেন জনে সোণাৰিৰ নামতোলা পথৰ চেনিগুদামৰ পৰা অটৰ দ্বাৰা নাগালেণ্ডলৈ যাব লওতেই সেনা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত আটক কৰিবলৈ সক্ষম হয়।ধৃত লিংকমেনজনৰ পৰা এটা নাইন এম এম পিষ্টল আৰু দুই জাই সক্ৰিয় গুলী …

অধিক পঢ়ক »

ছিপাঝাৰত বাইক দুৰ্ঘটনাঃ থিতাতে নিহত ১

অসম সংবাদ, পাথৰিঘাট/ছিপাঝাৰঃ আজি ছিপাঝাৰ ধনাইপাৰা চৌকাত এক বাইক দুৰ্ঘটনা সংঘটিত হয়৷ ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ ফলত বাইক আৰোহীজনে থিতাতে প্ৰাণ হেৰুৱায়৷ দুৰ্ঘটনাগ্ৰস্ত গ্লেমাৰ বাইকখনৰ নম্বৰ হৈছে এ এছ ২৫ জি ৩৭৩৯৷

অধিক পঢ়ক »

গোলাঘাটত স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ: গুৰুত্ব নাই স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ

অসম সংবাদ ,গোলাঘাট:গোলাঘাটৰ দৈয়াং চাহ বাগিচাত প্ৰায় ২৫ টা দিনত ২১ গৰাকী শ্ৰমিকৰ মৃত্যুৰ পিছতো গুৰুত্ব নাই স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ । বুধ বাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি স্বাস্থ্য বিভাগক সকিয়াই দিয়ে । অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি শীঘ্ৰে বাগিচা খনত নিতৌ মানুহৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ উন্মোচন কৰাৰ দাবী জনাই …

অধিক পঢ়ক »

গোলাঘাটৰ আদালত চৌহদত নজিৰবিহীন ঘটনা:চৌহদত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

অসম সংবাদ,গোলাঘাট:গোলাঘাটৰ আদালত চৌহদত সংঘটিত হল নজীৰ বিহীন ঘটনা । আৰক্ষীয়ে গিজ গিজাই থকা আদালত চৌহদত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।তেজেৰে ৰাঙলী হল আদালতৰ মজিয়া।প্ৰেমিক প্ৰেমিকাক আদালতত হাজিৰ কৰাবলৈ আনোতেই ছোৱালী পক্ষই লৰাৰ পক্ষৰ এগৰাকী মহিলাৰ মুৰ আৰু নাকত আঘাত কৰি ৰাঙলী কৰিলে আদালতৰ মজিয়া।আহত মনো বেগমক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি । গোলাঘাটৰ আদালত চৌহদত প্ৰেমিক …

অধিক পঢ়ক »