দৈনিক সংৰক্ষণাগাৰ : March 8, 2018

পুৰণিগুদামত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

অসম সংবাদ, চামগুৰি:নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত ম’ৰাচুকত আজি কাম কৰি থকা অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু হয়৷ শ্ৰমিকজনৰ নাম জব্বৰ মুল্লা ওৰফে ডেনী,বয়স, (৫৮),ঘৰ নগাঁও পানীগাঁৱৰ লাচিতপুৰত৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,পুৰণিগুদাম ম’ৰাচুকস্থিত পুৰণিগুদাম পশু চিকিৎসালয়ৰ নৱনিৰ্মিত গৃহত ৰং কৰি থকা অৱস্থাত শ্ৰমিক জব্বৰ মুল্লাই ওপৰৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাট পায়৷শ্ৰমিকজনক ততাতৈয়াকৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ যোগেদি নগাঁও অসামৰিক …

অধিক পঢ়ক »

বানৰ পূৰ্বে নিৰ্মান সম্পূৰ্ণ নহয় কাজিৰঙাৰ হাইলেণ্ডৰ: সৰৱ জাতীয় সংগঠন

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া,অসম সংবাদ : বাৰিষা সমাগত ৷সমাগত সাম্ভাব্য বান ৷এনে পৰিস্থিতিত বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাই অধিক হৈ পৰিছে ৷কাৰণ বানৰ পূৰ্বে কাজিৰঙাত সন্পূৰ্ণ নহয় নিৰ্মানৰত ৩১ টা হাইলেণ্ডৰ কাম ৷উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যান খনত বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে বিগত বৰ্ষত বনবিভাগে ঠিকা ভিত্তিত আৰম্ভ কৰিছিল ৩১ টা হাইলেণ্ড নিৰ্মাণৰ …

অধিক পঢ়ক »

আমগুৰিত ছাত্ৰ সংগঠনৰ নেতাৰ বিৰুদ্ধে ধনদাবী আৰু ডকাইতিৰ অভিযোগ: আৰক্ষীক গোচৰ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য,অসম সংবাদ: শিৱসাগৰ জিলাৰ আমগুৰিৰ এটা ছাত্ৰ সংগঠনৰ তিনিজনকৈ ছাত্র নেতাৰ বিৰুদ্ধে মাৰপিট,ধনদাবী আৰু ডকাইতিৰ অভিযোগ তুলি আমগুৰি আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল কৰিছে আমগুৰিৰ দুজন ব্যৱসায়ীয়ে। জানিব পৰা মতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুলাল কলিতা আৰু দুই সহযোগী পল্লৱ শইকীয়া আৰু ৰবীন হাজৰিকা নামৰ ছাত্ৰ নেতা তিনিগৰাকীৰ বিৰুদ্ধে ধনদাবী,মাৰপিট আৰু ডকাইতিৰ অভিযোগ তুলি আমগুৰি বালি মহলৰ …

অধিক পঢ়ক »

উৰুলিৰ মঙ্গলধ্বনিৰে মুখৰিত মৰিয়নী: ৭০০ যোৰা দৰা কন্যা একেলগে বহিল বিবাহত

মৰিয়নী পৰা ৰঞ্জিত বৰা,অসম সংবাদ: মৰিয়নী আজি অনুষ্ঠিত হল এক ব্যতিক্ৰমী বিবাহ অনুষ্ঠান সাধাৰণতে আমি দেখা বিবাহৰ দৰে এযোৰ দৰা কন্যা নহয় প্ৰায় ৭০০ যোৰা দৰা কন্যা একেলগে বিবাহপাশত আবদ্ধ হল মৰিয়নীত। মৰিয়নীৰ ৰাইজ আৰু একল বিদ্যালয় অভিযানৰ সহযোগত হিন্দু চাহ জনগোষ্টী সংস্কৃতি সুৰক্ষা পৰিষদে সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। ৭০০ যোৰাৰো অধিক দৰা কন্যাই সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ …

অধিক পঢ়ক »

নাৰীৰ প্ৰসংগত নেতিবাচক সংবাদৰ অৱসান হ’ব লাগে: প্ৰতিবন্ধী লেখিকা শৰ্মিষ্ঠা প্ৰীতম

অসম সংবাদ,বেবেজীয়া: “আন্তৰ্জাতিক নাৰী দিৱস বুলিয়েই নহয়, সমাজৰ প্ৰতিজন মানুহেই নাৰীৰ প্ৰতি সন্মান জনাব লাগে। সাম্প্ৰতিক সময়ত নাৰীসকলৰ প্ৰসংগত যিবিলাক নেতিবাচক সংবাদ আহে সেইবিলাকৰ অৱসান হ’ব লাগে” ৷ এই মন্তব্য প্ৰতিবন্ধী বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ। অসমৰ প্ৰথম মহিলা শিল্পীৰ বেণ্ড ‘সুৰ সমলয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ‘আন্তৰ্জাতিক নাৰী দিৱস’ উপলক্ষে আজি সন্ধিয়া লেখিকাগৰাকীক তেখেতৰ ফুলগুৰিৰ বাসগৃহত সম্বৰ্ন্ধনা জনোৱা হয়। এটা ফুলৰ …

অধিক পঢ়ক »

দক্ষিণ শালমাৰাত বাইক দুৰ্ঘটনাঃ আহত তিনি

অসম সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ময়নাবান্ধাত এক বাইক দুৰ্ঘটনা সংঘটিত হয়৷ ফলত তিনিজন যুৱক আহত হয়৷ তীব্ৰ বেগত আহি থকাৰ বাবে বাইক দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে৷ আহত যুৱক কেইজন হৈছে- ৰুহুলামিন(১৮), ছাইদুল ইছলাম(১৬) আৰু আমিৰুল ইছলাম(১৮) ৷ আটাইকেইজনক সংকটজনক অৱস্থাত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

অধিক পঢ়ক »

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত সুৰাসহ আটক দুই সৰবৰাহকাৰী: জব্দ ২১৬ বটল বিদেশী সুৰা

অসম সংবাদ,কৰিমগঞ্জ: কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত সীমা সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ২১৬ বটল বিদেশী সুৰা ৷ চোৰাংচোৱা বিভাগৰ পৰা তথ্য লাভ কৰি বৃহস্পতিবাৰে আবেলি ৩ মান বজাত BSFএ কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ জাৰাপাতা এলেকাত এখন AS10-9508 নম্বৰৰ অল্টো গাড়ীত তলাচী চলায় । তালাচী চলাই গাড়ীখনৰ পৰা ১১ টাকৈ কাৰ্টনত মুঠ ২১৬ বটল সুৰা জব্দ কৰে । লগতে ঘটনাত জড়িত আমিৰ …

অধিক পঢ়ক »

যোৰহাট আৰক্ষীৰ পুতৌজনক অৱস্থাঃ জিম্মাৰ পৰা পলোৱা এক্সকেভেটৰ জব্দ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদঃ যোৰহাট জিলাৰ স্মাৰ্ট আৰক্ষীৰ জিম্মাৰ পৰা পলাল জব্দকৃত এক্সকেভেটৰ৷ আজি পুৱা যোৰহাটৰ ভগামুখ আৰক্ষীয়ে বনাই অঞ্চলত জাঁজী নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি থকা অৱস্থাত জব্দ কৰিছিল এখন এক্সকেভেটৰ৷ জনৈক পল্লৱ নামৰ এজন চোৰাং বালি ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা এক্সকেভেটৰ খন আৰক্ষীয়ে জব্দ কৰি থানালৈ নি থকা অৱস্থাত বাহনখন ৰহস্যজনকভাৱে অন্তৰ্ধান হয়৷ ইফালে এগৰাকী আৰক্ষী …

অধিক পঢ়ক »

আন্তৰ্জাতিক নাৰী দিৱসত নীডচৰ প্ৰশংসনীয় পদক্ষেপ: মহিলাৰ মাজত বিতৰণ কৰিলে নেপকিন

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ,অসম সংবাদ: অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা নীডছৰ উদ্যোগত আৰু বৰপেটাৰোড আঞ্চলিক মহিলা সমিতিৰ সহযোগত বৰপেটাৰোডৰ সমীপৰ গুৱাগাছাত আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত নীডছৰ মূখ্য সঞ্চালক অমৰদ্বীপ পালে মহিলা সকলৰ মাজত বিনামূলীয়াকৈ নেপকিন বিতৰণ কৰি কয়- মহিলাৰ সু-স্বাস্থ্যৰ বাবে চেনেটাৰী নেপকিন অতি প্ৰয়োজনীয় যদিও এইক্ষেত্ৰত ভাৰতবর্ষৰ মাত্ৰ ১২% মহিলাইহে চেনেটাৰী নেপকিন ব্যৱহাৰ কৰে। তাৰ …

অধিক পঢ়ক »

ক’লামাহৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন ধিঙৰ এখন গাঁৱৰ ৰাইজৰ

অসম সংবাদ,বেবেজীয়া: ভাৰত চৰকাৰৰ মাহজাতীয় শস্যৰ প্রদৰ্শনমূলক খেতি আঁচনিৰ অধীনত কৃষি বিজ্ঞান কেন্দ্র নগাঁৱৰ সৌজ্যনত ধিঙৰ আঠগাঁৱত ১০০ বিঘা মাটিত উন্নতজাতৰ ক’লামাহ(ৰতন)ৰ খেতি কৰা হৈছে।অঞ্চলটোৰ অৰ্ধশতাধিক ৰাইজ এই খেতিৰ সৈতে জড়িত হৈ আছে। লহপহকৈ বাঢ়ি অহা খেতি পথাৰতেই আজি কৃষি বিজ্ঞান কেন্দ্র নগাঁৱৰ উদ্যোগত পথাৰ দিৱস উদযাপন কৰা হয়।পথাৰ দিৱসৰ অনুষ্ঠানটিত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্রৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই …

অধিক পঢ়ক »