দৈনিক সংৰক্ষণাগাৰ : March 9, 2018

ছৈখোৱা ডুমডুমাত চোৰাং কাঠ জব্দ

অসম সংবাদ,তালাপ: তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি এখন চোৰাং কাঠ বোজাই ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ কিছু সময়ৰ পাছতে ছৈখোৱাত বন বিভাগে চোৰাং কাঠ বোজাই আন এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। কাঠ মাফিয়াই ডঃভূপেন হাজৰিকা সেতুৰে অৰুণাচলৰ পৰা অনা চোৰাং কাঠ সৰবৰাহৰ বাবে কৰিদৰ স্বৰূপে ব্যৱহাৰ কৰাৰ অভিযোগ এই ঘটনাই প্ৰতিস্থিত কৰি তুলিছে। AS-23-AC-1788আৰু AS-13-A-0823 নম্বৰৰ ট্ৰাক দুখন সম্প্ৰতি ডুমডুমা বন …

অধিক পঢ়ক »

আধ্যাত্মিক গুণানুকীৰ্তনেৰে মুখৰ দক্ষিণ জাজৰী বগৰিগুড়ি

জাজৰীৰ পৰা মানস জ্যোতি মহন্ত,অসম সংবাদ:হৰিনামৰ মঙ্গলময় ধ্বনিৰে জাজৰী বগৰিগুড়ি একশৰণ ভাগৱতী সমাজ বৰনামঘৰত আজি পুৱাৰে পৰা আৰম্ভ হয় মহা পালনাম যজ্ঞৰ।মনেশ্বৰ কৈৱৰ্ত্ত বুঢ়া আতা ৰ দ্বাৰা পুৱা পতাকা উত্তোলনৰ পাছত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ আঁত ধৰে অনন্ত বৰদলৈয়ে।দিনজোৰা ভিন্ন কাৰ্যসূচী ৰ অন্তত কিছু পলমকৈ হলেও সন্ধ্যা ৬ বজাৰ পৰা গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আয়োজিত হয় এখনি ধৰ্মালোচনী সভাৰ।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত …

অধিক পঢ়ক »

শোণিতপুৰত বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ

অসম সংবাদ,ঢেকীয়াজুলি:শোণিতপুৰৰ মিছামাৰীত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমানৰ সজীৱ গুলি উদ্ধাৰ।১১০০ শ জাঁই সজীৱ গুলি উদ্ধাৰ কৰাৰ লগতে ধৃত ৰঞ্জিত (২৩) নামৰ এজন যুৱক।

অধিক পঢ়ক »

ধুবুৰীৰ গোলকগঞ্জত ৪ জুৱাৰীক জেললৈ প্ৰেৰণ

অসম সংবাদ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বিষখোৱা গাঁৱত আৰক্ষীয়ে অভিযান চলাই জুৱাৰ ঘাটি উচ্ছেদ কৰে৷ ইয়াৰ লগতে ৪ জন জুৱাৰীকো গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে বিষখোৱা গাঁৱত জুৱা খেলি থকা অৱস্থাত নুৰ ইছলাম সৰকাৰ, ছোলেমান আলী, মোজাম্মল হক আৰু আয়েনাল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ আনে৷ আজি আৰক্ষীয়ে চাৰিওকে ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰে৷

অধিক পঢ়ক »

ৰঙিয়াৰ ৰেলৱে  প্লেটফৰ্মত  সোণ উদ্ধাৰ: অনুমানিক মূল্য ৩০ লক্ষাধিক টকা

অসম সংবাদ, ৰঙিয়াঃ ৰঙিয়া ৰেলৱে ষ্টেচনৰ ১নং প্লেটফৰ্মত আজি আবেলি প্ৰায় এক কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুট উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য মতে আনদিনাৰ দৰে আজিও ৰঙিয়া ষ্টেচনৰ প্লেটফৰ্ম সমুহত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে ৰেলৱে ষ্টেচনৰ গৃহৰক্ষীয়ে ১ নং প্লেটফৰ্মত  পৰিত্যক্ত অৱস্থাত এটি বেগ উদ্ধাৰ কৰে। তাৰপিছত বেগটোত তালাচী চলোৱাত এটি জিন্চ পেন্টৰ ভিতৰত মেৰাই থোৱা অৱস্থাত ৯ টা ‌‌সোণৰ বিস্কুটত দেখা পায় …

অধিক পঢ়ক »

কাৰ্বি আংলঙত বাঘৰ আক্ৰমণত মাতৃ-কন্যা আহত

দেওপানীৰ পৰা দীপক বৰা, অসম সংবাদঃ কাৰ্বি আংলঙৰ নামবৰ অভয়াৰণ্যত আজি দুপৰীয়া বাঘৰ আক্ৰমণত মাতৃ-কন্যা আহত হয়৷ দুপৰীয়াৰ ভাগত মাতৃ-জীয়ৰীয়ে কচুশাক বিচাৰিব যাওঁতে পোৱালী সহ এজনী বাঘে আক্ৰমণ কৰে৷ আহত জোনালী শইকীয়া(৩৪) আৰু প্ৰিয়াংকী শইকীয়াক হেমন্ত বৰুৱা নামৰ ব্যক্তি এজনে আহত অৱস্থাত দেখি বৰপথাৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে৷

অধিক পঢ়ক »

কাইলৈৰ পৰা কোকৰাঝাৰত ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ মহোৎসৱ: অংশ ল’ব ইণ্ডোনেছিয়াৰ সাহিত্যিকেও

কোকৰাঝাৰৰ পৰা খ্ৰৌমচাৰ বসুমতাৰী,অসম সংবাদ: বিটিএডিৰ সদৰ চহৰ কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া, সাহিত্য অকাডেমীৰ সহযোগত বড়ো লেখক সন্থাৰ উদ্যোগত আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কৰ্তৃপক্ষৰ উদ্যোগত অহা ১০ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুস্থিত হ’ব ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ ৷ আনহাতে এই উৎসৱৰ সমান্তৰালভাৱে বড়োলেণ্ড গ্ৰন্থ মেলা, বিশেষ সাহিত্য উৎসৱ, সদৌ ভাৰত বহুভাষিক কবিতা অাবৃতি, যুৱ বড়ো …

অধিক পঢ়ক »

ধনৰ অভাৱত মৰহি যোৱাৰ উপক্ৰম উজ্জ্বল প্ৰতিভা: অসমবাসীৰ সহায় ভিক্ষা

মাহমৰাৰ পৰা নুৰুজ চাবুকধৰা,অসম সংবাদ মাহমৰা:অসমৰ ক্ৰীড়া ক্ষেত্ৰত বহু উন্নতি হোৱা বুলি ঢাক-ঢোল বজোৱা হৈছে যদিও ৰাজ্য খনৰ বহু প্ৰতিভা সম্পন্ন খেলুৱৈ উপযুক্ত আন্তঃগাথনি আৰু ধনৰ অভাৱৰ বাবে উজ্জ্বল প্ৰতিভা সমূহ অকালতে মৰহি যোৱাৰ উদাহৰণ অসম মুলুকত অলেখ আছে । কিন্তু ইয়াৰ  বহু যুৱক যুৱতী‌য়ে নিজৰ প্ৰতিভা আৰু কঠোৰ অনুশীলন , দৃঢ় মনৰ বাবে জিলিকি উঠাৰ পাছতো টকাৰ অভাৱ‌ৰ বাবেই …

অধিক পঢ়ক »

ছাত্ৰীৰ সৈতে একেলগে পেডেল মাৰি চাইকেল চলালে বিধায়িকা আঙুৰলতাই

অসম সংবাদ,বেবেজীয়া:প্ৰতিদিনেই যেন সংবাদ শিৰোনামত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা। কেতিয়াবা যদি দেখা পোৱা যায় কোনো বিদ্যালয়ৰ ৰান্ধনিৰ ৰূপত, কেতিয়াবা আকৌ কোনোবা ভিতৰুৱা গাঁৱৰ বাটত ই-ৰিক্সা চালকৰ ৰূপত, কেতিয়াবা যদি ৰাসলীলা মঞ্চত গোপীসকলৰে নৃত্যৰত অৱস্থাত দেখা পোৱা যায়, কেতিয়াবা আকৌ মহানগৰীত এক্সিলেটৰ পকাই প্ৰফেচনেল বাইকাৰ্ছৰ ৰূপত। ইয়াৰ সমান্তৰালভাৱে সময়ে সময়ে সমষ্টি উন্নয়ন আৰু বিভিন্ন স্পৰ্শকাতৰ বিষয়ক লৈ বিধানসভাকে ধৰি বিভিন্ন মঞ্চত সৰৱ …

অধিক পঢ়ক »

সংখ্যালঘু উন্নয়ন বৰ্ডৰ আঁচনি কৰ্তন: ক্ষোভিত সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ

অসম সংবাদ,চেঙা:অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ পূৰ্ব্বৰ সকলো আঁচনি কৰ্তনক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে৷এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক চাহনুৰ আলীয়ে কয় যে,চলিত অধিৱেশনত ২০১৮-১৯ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে সেয়া সম্পূৰ্ণ সংখ্যালঘু বিৰোধী আঁচনি৷এয়াৰ হোষ্টেজ প্ৰশিক্ষণ, এ এন এম/জি এন এম নাৰ্চিং প্ৰশিক্ষণ, বি এচ চি নাৰ্চিং, বি ফাৰ্ম, ডি …

অধিক পঢ়ক »