দৈনিক সংৰক্ষণাগাৰ : March 10, 2018

নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথতে জ্বলিল বলেৰ’ পিকআপ

অসম সংবাদ,নুমলীগড়: নুমলীগড়ৰ আৰক্ষী চকীৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ তেলগৰমৰ বাঁহবাৰীত দপদপকৈ জ্বলিল এখন বলেৰ’ পিক আপ ভান ৷ উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এখন তেল পৰিবাহী টেংকাৰ পলাই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে, কাৰণ টেংকাৰ খন পাৰ হৈ যোৱা পথটোত টেংকাৰ খনৰ পৰা পৰি তেলৰ বাবে কেইবা ঠাইটো জুই জ্বলি আছিল ৷ স্থানীয় ৰাইজৰ মতে …

অধিক পঢ়ক »

টিহুত পথৰ ওপৰত ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা: গ্ৰেপ্তাৰ এজনক

টিহুৰ পৰা পংকজ বেজবৰুৱা,অসম সংবাদ: টিহুৰ নাতি দূৰৈৰ সন্ধেলীত আজি দুপৰীয়া এগৰাকী ছাত্ৰীক পথৰ ওপৰত এজন লম্পট যুৱকে শ্লীলতা হানিৰ চেষ্টা কৰে । ‌এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।‌ ঘটনাৰ পৰিণতিত যুৱকজন আৰক্ষীৰ আলহী হ’বলগীয়া হোৱাৰ লগতে তেওঁ ব্যৱহাৰ কৰা মটৰ চাইকেল এখনো ৰাইজে জ্বলাই দিয়াৰ ফলত ছাই হয় ।‌ ঘটনাৰ বিৱৰণী অনুসৰি আজি সন্ধেলীস্থিত বীণাপাণি হাই স্কুল …

অধিক পঢ়ক »

গোলকগঞ্জত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

অসম সংবাদ,গোলকগঞ্জ:ধুবুৰী জিলাৰ গোলকগঞ্জ বজাৰ অঞ্চলত চলি থকা অবৈধ চুলাই মদৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়ে অভিয়ান চলাই প্ৰয় ২০০ লিটাৰ চুলাই মদ জব্দ কৰাৰ বাতৰি পোৱা গৈছে ।

অধিক পঢ়ক »

যোগীঘোপাত অস্ত্ৰসহ আটক এনডিএফবি(এছ) কেডাৰ

অসম সংবাদ,অভয়াপুৰী: অভয়াপুৰীৰ যোগীঘোপাত আজি সন্ধিয়া এটা দুৰ্ধৰ্ষ এন ডি এফ বি(এছ) কেডাৰ কৰায়ত্ত কৰা হয় ৷ যোগীঘোপাৰ ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথত নৰনাৰায়ণ সেতুৰ সমীপত সন্ধিয়া যোগীঘোপা আৰক্ষী-সেনাৰ অভিযানত আটক হয় কেডাৰজন ৷ কেডাৰজনৰ নাম ফাতাইচৗলা ব্ৰহ্ম(৩২) বুলি জানিব পৰা গৈছে ৷ চিৰাঙত ঘৰ কেডাৰজনৰ ৷ ধৃত কেডাৰজনৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত পিষ্টলসহ ১১ জাই গুলী, ১০ খন ধনদাবী …

অধিক পঢ়ক »

নগাঁৱত উদ্ধাৰ ১৮ ডালকৈ কেঁকোসাপ: আৰক্ষীৰ জালত তিনিজন

অসম সংবাদ,বেবেজীয়া: নগাঁৱ আৰক্ষীৰ অভিযানত আজি উদ্ধাৰ হ’ল ১৮ ডালকৈ বিৰল প্ৰজাতিৰ কেঁকোসাপ৷ লগতে আৰক্ষীৰ জালত পৰিল তিনিজনকৈ চোৰাং সৰবৰাহকাৰী৷ আটক সৰবৰাহকাৰীৰ দুজনেই কিশোৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ জানিব পৰা মতে চাপানলা বনাঞ্চলৰ পৰা কেঁকোসাপ কেইডাল চোৰাংভাৱে আনি ডিমৰুগুৰি পাওঁতে ইটাচালী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে৷

অধিক পঢ়ক »

নুমলীগড়ত শোকাৱহ নাও দুৰ্ঘটনা: শিশু নিহত

অসম সংবাদ,নুমলীগড়: আজি নুমলীগড়ত শোকাবহ নাও দুৰ্ঘটনাত এটি শিশু নিহত হোৱাৰ লগতে এজন লোক সন্ধানহীন হয়৷ কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত নুমলীগড়ৰ ১নং পাৰঘাটৰ ধনশিৰি নদীত সন্ধিয়া প্ৰায় ৫ বজাত নাওঁ দুৰ্ঘটনাটি সংঘটিত হয়৷ ফলত ৰাজীৱ বাউৰী(৮) নামৰ শিশুটি নিহত হোৱাৰ লগতে ডালি বাউৰী(৩০) নামৰ লোকজন সন্ধানহীন হৈ আছে৷ জানিব পৰা মতে নাওঁখনত মহিলাসহ ৬ গৰাকী লোক আছিল৷ চাৰিজন লোকক স্থানীয় …

অধিক পঢ়ক »

যোৰহাটৰ জাঁজীত উৎখাত বৃহৎ চুলাইৰ ভাটি

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, অসম সংবাদঃ যোৰহাট জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ নিৰ্দেশত জিলাখনৰ বিভিন্ন অংশত চলিছে সুৰা বিৰোধী অভিযান৷ আজি টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী হাঁহচৰা ফুকনচুক চেতিয়া গাঁৱত তিনিটাকৈ চুলাই ভাটি উৎখাত কৰে আৰক্ষীয়ে৷ বামুণপুখুৰী উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তুলুমণি দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গাঁওখনৰ জনৈক বুবুল, ৰণ্টু সহ চুলাই ব্যৱসায়ী তিনিজনৰ ঘাটিৰ পৰা এহাজাৰ লিটাৰৰো …

অধিক পঢ়ক »

ঐতিহাসিক গৌৰীনাথ মন্দিৰৰ পৰ্যটকৰ বাবে অতিথিশালা

অসম সংবাদ, বেবেজীয়াঃ নগাঁৱ জিলাৰ চকলাঘাট সোণাইপাৰস্থিত ঐতিহাসিক গৌৰিনাথ মন্দিৰলৈ অহা পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি অতিথিশালা নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়৷ পূৰ্বৰ চৰকাৰৰ অমনযোগিতাৰ বাবে ভূতবাংলাত পৰিণত হয় সোণাই নদীৰ পাৰত থকা জলসিঞ্চন বিভাগৰ অতিথিশালাটি৷ অতিথিশালাটি পুনৰোজ্জীৱিত কৰাৰ লক্ষ্যৰে আজি ভূমিপূজন আৰু বৈদিক মন্ত্ৰোচাৰণেৰে শিলান্যাস কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই৷ অসম চৰকাৰৰ এছ ও পিডি শিতানৰ ২০১৭-১৮ বৰ্ষৰ …

অধিক পঢ়ক »

হাওৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰৰ সাফল্য: লিখি উলিয়ালে মেৰা হিন্দুস্তান শীৰ্ষক গ্ৰন্থ

অসম সংবাদ, হাওৰাঘাটঃ হাওৰাঘাট মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ সম্ৰাট চৌহানে তেওঁৰ তিনিবছৰীয়া সাধনাৰে লিখি উলিয়ালে কবিতা আৰু গল্পৰ সমাহাৰেৰে “মেৰা হিন্দুস্থান” (হিন্দী) শীৰ্ষক এখনি গ্ৰন্থ। আজি হাওৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তাজ উদ্দিনৰ পৌৰহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলকান্ত ফুকনে। পৰিৱেশ, স্বচ্ছতা, দেশৰ স্বাধীনতা, চিপাহী বিদ্ৰোহ, সাম্প্ৰতিক …

অধিক পঢ়ক »

চেঙাত কদৰ্যময় পৰিৱেশতে ৰোগীক স্বাস্থ্য সেৱা প্ৰদান: অস্বাস্থ্যকৰ পৰিৱেশত চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

অসম সংবাদ,চেঙা: ৰাজ্যৰ স্বাস্থ্য খণ্ডত বিভাগটোৱে আমুল পৰিবৰ্তনৰ কথা সঘনাই জাহিৰ কৰি অহাৰ সময়তে বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি৷যি সময়ত ভাৰত চৰকাৰে ‘স্বচ্ছ ভাৰত অভিযান’ৰ দৰে এক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে স্বাস্থ্য খণ্ডৰ দৰে এটি মহত্বপূৰ্ণ চৰকাৰী বিভাগৰ অংগ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত কদৰ্যময় পৰিৱেশে …

অধিক পঢ়ক »