দৈনিক সংৰক্ষণাগাৰ : March 12, 2018

অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন: NSUIৰ আন্দোলনৰ হুংকাৰ

অসম সংবাদ,ননৈ: অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাত এন.এছ ইউ.আইৰ ৰাজ্যিক সমন্বয়ক পল্লবজ্যোতি নাথে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে অসম সংবাদক জানিবলৈ দি কয় “পৰিৱৰ্তনৰ জোৱাৰত উটি অহা বিজেপি চৰকাৰ খনে জাতি-মাটি-ভেটিৰ নামত অসমীয়া ৰাইজক এক নতুন সপোনেৰে পোহৰ দেখাইছিল যদিও বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ কৰ্ম-কাণ্ডৰ পৰা এইয়া নিশ্চিত হৈ উঠিছে যে জাতি-মাটি-ভেটিৰ আৱেগ তেওঁলোকৰ কেৱল নিৰ্বাচনী ৰণ-কৌশলহে আছিল । …

অধিক পঢ়ক »

নামৰূপত অব্যাহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান : ৮০০০০ টকাৰো অধিক মূল্যৰ সুৰা জব্দ

অসম সংবাদ,নাহৰকটীয়া:আজি দ্বিতীয় দিনৰ বাবেও নামৰূপ আৰু জয়পুৰত অবৈধ মদৰ বিৰুদ্ধে অব্যাহত থাকিল আৰক্ষীৰ অভিযান। কালি নিশা সমগ্ৰ নামৰূপত লেডী সিংহম ৰূপী আৰক্ষী অধীক্ষক কবিতা দাসে লক্ষাধিক টকা মূল্যৰ অবৈধ মদ জব্দ কৰাৰ পিছত আজি পুনৰ আন এগৰাকী উপ আৰক্ষী অধীক্ষক (প্ৰৱেশ্যন) বৰকিৰি টেৰাঙৰ নেতৃত্বত জয়পুৰত চলোৱা এই অভিযানত কেইবাখনো হোটেল আৰু দোকানৰ পৰা ৮০০০০ টকাৰো অধিক মূল্যৰ অবৈধ মদ …

অধিক পঢ়ক »

কাৰ্বিপাহাৰত অব্যাহত ভূমি বেদখল: বন বিভাগৰ অভিযানত আটক ৩

অসম সংবাদ,ডিফু: কাৰ্বিআংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বেদখল চলোৱা ৩ জন লোকক বনকৰ্মীয়ে আজি আটক কৰে ৷ জেচিবি আৰু ডাম্পাৰৰ সৈতে আটক কৰা লোক কেইজন ক্ৰমে চীচে আংমি, কিকাম শ্লাংবায় আৰু জেট্ৰুচুন তিৱাই ৷

অধিক পঢ়ক »

দুধনৈত এবছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত

অসম সংবাদ, দুধনৈ: অসম চৰকাৰৰ শিক্ষা বিভাগে ১১ মাৰ্চত জাৰি কৰা বিভিন্ন মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ নিৰ্দেশনাত বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত আজি দুধনৈত গোৱালপাৰা এবছুয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী দলটোৱে শিক্ষা সঞ্চালক এছ কে ভূঞাৰ প্ৰতিমুৰ্তি দাহ কৰে৷ উল্লেখ্য যে ৰাজ্যৰ বহু বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ পদ খালী থকাৰ পিছতো নিযুক্তিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা …

অধিক পঢ়ক »

NRC ত নাম উঠাবলৈ আহি বঙাইগাঁওত গ্ৰেপ্তাৰ বাংলাদেশী

অসম সংবাদ, বঙাইগাঁও: সোমবাৰে নাটকীয়ভাৱে বঙাইগাঁৱত বাংলাদেশী এটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে ৷ সুৰেশ মণ্ডল(৫৬) নামৰ বাংলাদেশীজনে আজি এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ বাবে বঙাইগাঁওৰ বিভাগীয় কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ জালত পৰে ৷ অভয়াপুৰীৰ উত্তৰ শালমাৰাৰ দুৰ্গাপুৰত বাস কৰা সুৰেশ মণ্ডল বহু দিনৰে পৰা পলাতক অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিব দিছে সংবাদ মাধ্যমক ৷ আবেলি গোৱালপাৰাস্থিত ডিটেনচন …

অধিক পঢ়ক »

বৰপেটাৰোডৰ “মেগা” ব্ৰেণ্ডৰ ব্ৰেডত ওলাল জাৱৰ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ,অসম সংবাদ: জন স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ এক কাৰ্য সংঘটিত হৈছে বৰপেটাৰোডত। আজি এজন গ্ৰাহকে এখন দোকানৰ পৰা ক্ৰয় কৰা ব্ৰেডৰ ভিতৰত লেতেৰা জাবৰ পোৱা গৈছে। মেগা (Mega) নামৰ এই ব্ৰেডটো Universal Food Products নামৰ বৰপেটাৰোডৰ এটি ফেক্টৰিয়ে বনাইছিল। উল্লেখ্য যে যিকোনো সামগ্ৰী এটি বনালে তাৰ সম্পূৰ্ণ বিভাগীয় পঞ্জীয়ন, লাইচেঞ্চ নম্বৰ, ঠিকনা দিয়াটো বাধ্যতামূলক যদিও এই …

অধিক পঢ়ক »

লক্ষীপুৰত লতা মেকুৰী বাঘ উদ্ধাৰ

অসম সংবাদ,লক্ষীপুৰ:আজি নিশা প্ৰায় ৯ বজাত লক্ষীপুৰ নগৰৰ সন্তোষ প্ৰজাপতি নামৰ লোকজনৰ দোকানৰ গুদামত এটা লতা মেকুৰী বাঘ প্ৰত্যক্ষ কৰি বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে।পিচত বন বিভাগৰ কৰ্মচাৰীয়ে দোকানখনত উপস্থত হৈ লতা মেকুৰীটো কৰায়ত্ব কৰিবলৈ সক্ষম হয়।জনা মতে কাইলৈ লতা মেকুৰীটো গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিব।

অধিক পঢ়ক »

লক্ষীপুৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰ্ধণা

অসম সংবাদ,লক্ষীপুৰ: খিলঞ্জীয়া ভূমিপুত্ৰ সকলক মাটিৰ পট্টা প্ৰদান, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু লক্ষীপুৰ ৰাজহ চক্ৰ অন্তৰ্গত জয়ৰামকুচি অঞ্চলত বহুওৱা টাৱাৰ লাইনৰ কাম বন্ধ ৰখাৰ দাবীত আজি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়াৰ কায্যালয় প্ৰাঙ্গনত ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰা হয়।গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মণিশংকৰ গয়াৰীৰ নেতৃত্বত অহা শতাধিক পুৰুষ আৰু মহিলাই ৰাজ্য …

অধিক পঢ়ক »

অসম জীয়ৰীৰ বহিঃৰাজ্যত অসমৰ সংস্কৃতি দাঙি ধৰাৰ মহৎ প্ৰচেষ্টা : বাংগালুৰৰ বিদ্যালয়ত বিহু নৃত্য প্ৰদৰ্শন

অসম সংবাদ,চেঙা:বাংগালুৰুৰ এখন বিদ্যালয়ত এগৰাকী অসম জীয়ৰীৰ মহৎ প্ৰচেষ্টাৰ ফলত বিদ্যালয়খনৰ ফাংচনত পৰিৱেশন কৰিলে অসমীয়া জাতিৰ স্বাভিমান বিহু নৃত্য । বাংগালুৰৰ st. Thomas high school নামৰ বিদ্যালয়খনত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত অসম জীয়ৰীগৰাকীৰ নেৰানেপেৰা প্ৰচেষ্টাত সেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ ফাংচনত বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰাই নহয় অসমৰ বাপতি সাহোন বিহু সংস্কৃতিক পৰিচয় কৰাই দিয়ে । বৈবাহিক সূত্ৰে …

অধিক পঢ়ক »

বৰপেটাত ভয়াৱহ অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সা সম্পত্তি ভষ্মীভূত

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান,অসম সংবাদ: বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইখাইতি গাঁৱত আজি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।গাঁওখনৰ হৰফ আলী নামৰ এজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।দুই লক্ষাধিক টকাৰ সা সম্পত্তি ভষ্মীভূত অগ্নিকাণ্ডৰ ফলত।পাকঘৰত পানী গৰম কৰিবলৈ ধৰা একুৰা জুইৰ ফিৰিঙতিৰ পৰা সূত্ৰপাত হয় এই খাণ্ডৱ দাহনৰ ঘটনা।গোহালিৰ লগতে থকাঘৰ , বয়-বস্তু বহু জুইত জাহ যায় ৷

অধিক পঢ়ক »