দৈনিক সংৰক্ষণাগাৰ : March 13, 2018

কাঠমাণ্ডু বিমান ট্ৰেজেদি: জীৱনৰ অন্তিম ফটো

বিক্ৰম ৰঞ্জন ৰয় তেওঁলোকে হয়তো কেতিয়াও জনা নাছিল সেয়াই তেওঁলোকৰ অন্তিম ভ্ৰমণ ৷ মৃত্যুবাহকৰূপী বাহনখনত তেওঁলোকে যাত্ৰা কৰিব গৈ আছে তেওঁলোক ৷ ভ্ৰমণৰ মাদকতাই আনন্দিত কৰা কেইখনমান সতেজ হাঁহিৰে ভৰি থকা ফটোই এতিয়া সকলোৰে চকুলো বোৱাইছে। হয়, আমি ক’ব খুজিছো ১২ মাৰ্চত কাঠমাণ্ডুত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোৰ কাহিনী ৷ বিমানখনত মুঠ যাত্ৰী আছিল ৭১ গৰাকী ৷ ইউ-এছ বাংলা এয়াৰলাইনছৰ এই …

অধিক পঢ়ক »

বৰপেটাৰোডত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত নিহত ১

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ,অসম সংবাদ:বৰপেটাৰোডৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দৰ্ঘটনা।তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত মিয়াজ আলি নামৰ এজন ব্যক্তি থিতাতে নিহত হয়। মিয়াজ আলিৰ ঘৰ বৰপেটাৰ বহৰিত আছিল।

অধিক পঢ়ক »

মৰিয়নীত যুৱকৰ সন্ধানহীন

অসম সংবাদ, মৰিয়নী:মৰিয়নী নগৰৰ ৩নং ৱাৰ্ডৰ এজন যুৱক ১৫দিনে নিখোজ হৈ থকাৰ ঘটনাই তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে। জ্যোতিময় দাস ৰয়ৰ ২৫ বছৰীয়া পুত্ৰ সুমিত দাস ৰয় যোৱা ২৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই যায়। ঘৰৰ পৰা ডিব্ৰুগড় লৈ বুলি ওলাই যোৱা সুমিত সন্ধানহীন হৈ পৰে।তেওঁৰ লগত থকা মোবাইল ফোনটো ছুইচ অফ পোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। যোৱা কিছুদিন ধৰি সুমিত …

অধিক পঢ়ক »

বৰপেটাৰোডত নিৰুদ্দেশ অন্ধ যুৱতী

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: বৰপেটাৰোড ৰেলগেটত দীৰ্ঘদিন ধৰি ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি অহা বৰপেটাৰোডৰ খৈৰাবাৰীৰ দিলুৱাৰা খাতুন নামৰ (৩০) অন্ধ যুৱতী এগৰাকী যোৱা ৪ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। সেয়ে কোনোবাই অন্ধ যুৱতী গৰাকীৰ কিবা সম্ভেদ পালে তেওঁৰ দেউতাক আব্দুল চাত্তাৰক ৯৬৭৮৬-৩৭৮৭৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

অধিক পঢ়ক »

সাঁচি থ’লে কণমাণি ভৰিযুগল

বিক্ৰম ৰঞ্জন ৰয় “বাবা, এবাৰ মাত দিয়া বাবা…” বাৰে বাৰে এইষাৰ কথা কৈ কান্দি কান্দি চিঞৰি উঠিছিল মাতৃগৰাকী ৷ দহ মাহ দহ দিনত গৰ্ভত লৈ সপোন এটাক ডাঙৰ দীঘল কৰিৱলৈ লওঁতেই আঁতৰি গ’ল চিৰদিনৰ বাবে ৷ কি কৰা নাছিল সপোনটোক জীয়াই ৰাখিবলৈ মাতৃগৰাকীয়ে ৷ যোৱা কেইদিনমান আগতে উলহ মালহেৰে জন্মদিন উদযাপন কৰিছিল স্নিগ্ধৰাগৰ ৷ সন্তানৰ প্ৰতি থকা মাতৃৰ ভালপোৱাৰ বাবেই …

অধিক পঢ়ক »

এদিনীয়া ভ্ৰমণ সূচীৰে বাক্সাত ৰাজ্যপাল: দল-সংগঠন, সাংবাদিকৰে মত-বিনিময়

অসম সংবাদ,মুছলপুৰ: এদিনীয়া চৰকাৰী ভ্ৰমণ সূচী লৈ বাক্সাৰ সদৰ মুছলপুৰত ৰাজ্যপাল মুখী ৷ ৰাজ্যপাল গৰাকীয়ে আজি মুছলপুৰত উপস্থিত হৈ প্ৰথমে মুছলপুৰত থকা ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয়খন পৰিদৰ্শণ কৰি খতিয়ান লয় ৷ ৰাজ্যপাল গৰাকী চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চৰ লগত আন্ত:গাঁথনি সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ পিচতে ৰাজ্যপাল গৰাকী মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শণ কৰি শিক্ষক …

অধিক পঢ়ক »

ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গৌৰীপুৰৰ পৰা ইমৰান আলী, অসম সংবাদ: ধুবুৰীৰ গৌৰীপুৰত বিএছএফ আৰু আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ হয়। ধুবুৰীৰ পৰা গুৱাহাটী লৈ গৈ থকা এ এচ ২৫ বিচি-৪৯১৯ নম্বৰৰ নৈশ বাছৰ পৰা উক্ত অবৈধ নিচাযুক্ত দ্ৰব্য খিনি জব্দ কৰা হয়। জব্দকৃত ড্ৰাগছ খিনি ব্ৰহ্মদেশৰ পৰা কঢ়িয়াই অনাৰ সন্দেহ কৰা হৈছে জব্দ কৃত পাঁচবিধ ড্ৰাগছৰ নাম যুবা আৰু ইয়াৰ আনুমানিক বজাৰ …

অধিক পঢ়ক »

ব’হাগ বিহুত কোন শিল্পীৰ কিমান মাননি ?

বিক্ৰম ৰঞ্জন ৰয়, আউটপুট এডিটৰ, অসম সংবাদ চাওঁতে চাওঁতে ব’হাগ বিহু পালেহিয়েই ৷ মঞ্চত গীত পৰিৱেশনৰ বাবে ইতিমধ্যে টঙালী বান্ধিলে অসমৰ জনপ্ৰিয় গায়ক-গায়িকাসকলে ৷ কোন শিল্পীয়ে কিমান মাননিৰ বিনিময়ত গীত পৰিৱেশন কৰিব জানো আঁহক ৷ জুবিন গাৰ্গ অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীয়ে হ’ল জুবিন গাৰ্গ ৷ প্ৰতিখন বিহু কমিটিয়ে বিচাৰে জুবিন গাৰ্গক ৷ এইবাৰ ব’হাগত জুবিন গাৰ্গৰ মাননি হ’ল ৫.৭৫ লাখৰ …

অধিক পঢ়ক »

মৰাণহাটত অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

অসম সংবাদ,মাহমৰা:চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কচুমাৰী চাৰিআলিত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে ডিঙিত চিপজৰী লগাই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ নিবাসী ভলুকা গড়ৰ কনিষ্ঠ কন্যা তথা কচুমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অনিমা গড়ে আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত ঘৰত কোনো নথকাৰ সময়তে ঘৰৰ ভিতৰতে ডিঙিত চিপজৰী লগাই …

অধিক পঢ়ক »

নগাঁৱত নকল সোণসহ আটক এজন

অসম সংবাদ,বেবেজীয়া:নগাঁও টাউন আৰক্ষীৰ অভিযানত আজি ৩০০ গ্ৰাম সোণসহ আটক কৰা হ’ল এটা প্ৰৱঞ্চকক। ধৃত প্ৰৱঞ্চকটো ৰূপহী চাইদৰীয়া নিৱাসী আব্দুল আজিদৰ পুত্ৰ আটাউৰ ৰহমান বুলি জানিব পৰা গৈছে। মঙলবাৰে নকল সোণ বিক্ৰী কৰিবলৈ আনোতেই এক বিশেষ সূত্ৰৰ পম খেদি টাউন শাখাৰ আৰক্ষীয়ে মৰিগাঁও বাছ আস্থানৰ সমীপৰ পৰা আটক কৰে প্ৰৱঞ্চকটোক। অৱশ্যে, নকল সোণখিনী কাক বিক্ৰী কৰিবলৈ আনিছিল সেয়া এতিয়াও জানিব …

অধিক পঢ়ক »