খুতৰা শাক ,ঔটেঙাৰ সৈতে মাছৰ আঞ্জা

দময়ন্তী নাথ

প্ৰণালী: প্ৰথমে ঔটেঙা সিজাই লব | তাৰ পাছত মাছ কেইডোখৰমান ধুই হালধি,নিমখ সানি গৰম তেলত আধাভজা কৰি কাঢ়ি থওক | কুমলীয়া খুতৰা শাক এমুঠি লৈ বাছি ধুই মিহিকৈ কুটি লওক | তেলত কেইটামান সৰিয়হ গুটি আৰু কেঁচা জলকীয়া ফোৰণ দি শাকখিনি দি হালধি নিমখৰ লগত ভাজক | শাকৰ পানী শুকালে মাছ আৰু সিজাই থোৱা ঔটেঙাৰ ৰস দি অলপসময় উতলাই নমাই ৰাখি ভাতৰ লগত পৰিৱেশন কৰক |

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …