আদা আমি কিয় নিয়মীয়াকৈ খাব লাগে ?

ডা: ভূপেন শইকীয়া

আদা হ’ল প্ৰকৃতিয়ে মানৱ জাতিক দিয়া এক অমূল্য সম্পদ যি কেবল সোৱাদেৰে ভৰপূৰেই নহয় বৰঞ্চ সম্ভৱত: ই হ’ল আটাইতকৈ বেচি স্বাস্থ্যোপযোগী জৈৱিক পদাৰ্থ য’ত দেহ আৰু মস্তিষ্কৰ বাবে লাগতিয়াল তত্ব উভৈনদী হৈ আছে ৷ বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰা বিশ্বৰ চুকে-কোণে আদাক মছলা হিচাবে, সুগন্ধি খাদ্য হিচাবে আৰু ঔষধি দ্ৰব্য হিচাবে মানুহে ব্যৱহাৰ কৰি আহিছে ৷ আমাৰ দেশত প্ৰাচীন কালৰ পৰা আদাক ঘাইকৈ উদৰৰ বিকাৰ যেনে ওকালি,বমি,পেটৰ বিষ,আভোক আদিৰ নিৰাময়ৰ পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে ৷ আজিৰ যুগত আদাৰ নানা বিধ তৈয়াৰী খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ ওপৰিও দৰব আৰু প্ৰসাধন সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা হয় ৷

আদাৰ বৈজ্ঞানিক নাম হ’ল Zingiber officinale ৷ গোত্ৰ (Family) হ’ল Zingiberaceae ৷ ইংৰাজীত Ginger, Ginger root বোলে ৷ আন ভাষাত ইয়াক মতা নাম হ’ল : বড়ো(হাইজেঁ), মিচিং(তাকে),দেউৰী ভাষাত ( য়েঁই ), খাচী(উ সিং), গাৰো(ঝটচিৎ), বিষ্ণুপুৰীয়া মণিপুৰী(আদা), আন মণিপুৰীসকলে কয় (ছিং), কাৰ্বি(হানশ্ব), ডিমাচা(হাজিং), নেপালী(অটুৱা বা সুঠো),বাংলা আৰু ওৰিয়াত(আদা), গুজৰাটীত(আদু), তেলেগুত(আল্লাম), মালয়ালম আৰু তামিলত(ইনজি), মাৰাঠীত(আলে), কানাড়াত(শুন্তি),হিন্দীত(অদৰক),ফৰাচীত (জিনজেমব্ৰি, বাৰ্মিজ ভাষাত (গো’ৱাইন),টাই ভাষাত (খিঙ),মালেয়ছিয়াত(হালিয়া), ফিলিপাইনচত(লুয়া),আৰবী ভাষাত(জাঞ্জাবিল) আৰু হিব্ৰো ভাষাত (জাঞ্জেভিল) বোলে ৷

ভাৰতবৰ্ষৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ ওপৰিও বিশ্বৰ অনেক ঠাইত আদাৰ ওপৰত অতীজৰ পৰা নানান বৈজ্ঞানিক অনুসন্ধান আৰু বিশ্লেষণ চলি আহিছে ৷ মানৱৰ পৰিবৰ্তিত জীৱন শৈলীয়ে নমাই অনা স্বাস্থ্যৰ কেইটিমান গুৰুত্বপূৰ্ণ সমস্যা হ’ল- ডায়েবেটিজ, হৃদৰোগ, মেদবহুলতা আৰু কৰ্কটৰোগ ৷ প্ৰকৃতিত সহজে উপলব্ধ বনৌষধিসমূহৰ সদোপ্ৰয়োগ কৰিলে এই উল্লেখিত স্বাস্থ্যজনিত সমস্যা সমূহৰ পৰা বহু পৰিমাণে সকাহ পোৱা যাব বুলি বিজ্ঞানীসকল আশাবাদী ৷ মোৰ এই লিখনিতো সেই দৃষ্টিকোণ ফুটাই তুলিবলৈ প্ৰয়াস কৰা হৈছে ৷

আদা হ’ল ঘাইকৈ দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষৎ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ আৰু তাৰ শিপা ৷ আদা গছৰ আয়ুস হ’ল বাৰ মাহ ৷ কেবল শিপাই নহয় ইয়াৰ পাতো ঔষধি গুণযুক্ত ৷ আদাক সৰু সৰুকৈ কুটি,চকলিয়াই,পিচি,ৰস ওলিয়াই বা শুকুৱাই পাউদাৰৰ দৰে গুড়ি কৰি ব্যৱহাৰ কৰিব পাৰি ৷ আচাৰ বনাব পাৰি ৷ ইয়াক নহৰু,জালুক,হালধি,ইলাচি, ডালচেনি ,জিৰা,আজৱাইন,জলকীয়া বা আন মছলাৰ লগতো মিহলাই প্ৰয়োগ কৰিব পাৰি ৷ মাংস,মাছ,কণীৰ আমিষ ভোজনৰ ওপৰিও নিৰামিষ ৰন্ধন প্ৰণালীতো আদা এক অপৰিহাৰ্য্য তত্ব ৷ বহুতে আদা নিদিয়া চাহৰ স্বাদেই নাপায় ৷ আকৌ চালাডতো কেঁচা আাদা নিদিলে জুতি নাহে ৷ নিমখ দি ৰ’দত শুকোৱা আদা আমাৰ ঘৰত বহু বছৰৰ পৰা মুখশুদ্ধি হিচাবে ব্যৱহৃত হৈ আহিছে ৷ ধপাত জাতীয় ৰাগিয়াল বস্তু সেৱন কৰা সকলে সেইবিলাক পৰিহাৰ কৰিবলৈ শুকান আদা গ্ৰহণ কৰিব পাৰে ৷ আনহাতে মেঘালয়ৰ জনজাতীয় লোকসকলে তামোল-পাণৰ লগত জুতি লগাবলৈ এটুকুৰা আদা দিয়ে ৷ আদাৰ কেঁচাপাত সিজাই লৈ নেমু আৰু মৌ-জোল মিহলাই চাহৰ দৰে নিতৌ জুতি লব পাৰে৷ইয়াৰ দ্বাৰা কাহ, চৰ্দি,মূৰৰ বিষ,পেটৰ আভোক ভাৱ, গেছ, বদহজমি আতৰ হব আৰু খোৱা ব্যক্তিজনে সতেজতাৰ অনুভৱ কৰিব৷আদা ভালদৰে পৰিস্কাৰ কৰি ধুই ৰ’দত শুকুৱাই ল’লে বহু বছৰলৈ সংৰক্ষণ কৰিব পাৰি৷ শুকোৱা আদা পিচি গুড়ি পাউদাৰ কৰি সময়ে সময়ে খাবলৈ বা ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰিব পাৰিব৷

২০১৩ চনত চলোৱা এক সমীক্ষা মতে বিশ্বত বছৰি ২-১ নিযুত আদা উৎপাদন হয়৷ তাৰে ৩৩শতাংশ ভাৰতবৰ্ষত, ১৯ শতাংশ চীনত৷ নেপাল, নাইজেৰিয়া, ইণ্ডোনেচিয়া, জামেইকা, ফিজি আৰু অষ্ট্ৰেলিয়া আদা উৎপাদনকাৰী দেশৰ অন্যতম ৷ অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰজাতিৰ আদা পোৱা যায় ৷ সাধাৰণ প্ৰচলিত আদাক আমাৰ মানুহে জাতি আদা বোলে৷ অসমত পোৱা আন দুবিধ আদাৰ নাম হ’ল- মৰাণ আদা আৰু আম আদা ৷ সকলো প্ৰজাতিৰ আদাৰ মূল গুণাগুণ একেই৷ এই দুবিধ আদা আকাৰত জাতি আদাতকৈ কিছু সৰু৷ সুগন্ধ পৃথক পৃথক৷ মৰাণ আদাৰ চোক বেচি বাবে ইয়াক খালে কাহৰ উপশম কিছু সোনকালে হয়৷ আম আদা আমৰ দৰে গোন্ধায়৷ আম আদাৰ চাটনি খাই ভাল লাগে । ইয়াক সুগন্ধি মছলা হিচাবে ব্যৱহাৰ কৰা হয়৷ আমাৰ প্ৰদেশৰ পাহাৰীয়া জিলাকেইখনত আদাৰ খেতি বেচিকৈ হয় ৷ উজনি অসমৰ শদিয়াতো আদাৰ উৎপাদন বেচ সন্তোষজনক৷আদাৰ চাহিদা বিশ্বজনীন ৷ অসমৰ ডেকা কৃষি স্নাতকসকলে বহল ব্যৱসায়িক ভিত্তি আদাৰ কৃষিকৰ্ম আৰু তাৰ অন্যান্য উপাদানসমূহৰ যোগেদি স্বাৱলম্বী হোৱাৰ পৰিকল্পনা কৰি আঁচনি লব পাৰে৷

এতিয়া কি কি লাগতিয়াল তত্ব আদাত থাকে সেয়া জানি লওঁ আহক৷ কেঁচা বা তাজা আদাত পানীৰ পৰিমাণ থাকে ৮১শতাংশ,কাৰ্বোহাইড্ৰেট ১৩শতাংশ,প্ৰটিন ২.৫ শতাংশ,চৰ্বি ১শতাংশ,ডায়েটেৰী ফাইবাৰ ২.৫শতাংশ ৷ আদাত থকা এন্টিঅক্সিডেন্ট,খনিজ পদাৰ্থ আৰু ভিটামিনসমূহ হ’ল- জিনজেৰল (6-Gingerol),বিটা-কেৰটিন, কেপচেইচিন,কেফেইক এচিড, কুৰকমিন, চেলিচাইলেট, চডিয়াম, পটেচিয়াম, মেগনেচিয়াম, মেংগানিজ, কেলচিয়াম, ফচফ’ৰাচ, আইৰণ,জিংক,ভিটামিন-ই,ভিটামিন-বি ১(থায়ামিন), ভিটামিন-বি ২(ৰায়বোফ্লেবিন) , ভিটামিন-বি ৩ (নিয়াচিন),ভিটামিন-বি ৫(পেন্টথেনিক এচিড), ভিটামিন-বি ৬,ভিটামিন-বি৯ (ফ’লেট) আৰু ভিটামিন-চি ৷ আদাত থকা জিনজেৰল হ’ল সংক্ৰমণ প্ৰতিৰোধকাৰী, ভাইৰাচ প্ৰতিৰোধকাৰী আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰোতা এন্টিঅক্সিডেন্ট পদাৰ্থ ৷

আদাৰ উপকাৰিতাৰ তালিকাখনত এতিয়া চকু ফুৰাওঁকচোন—
• আদাৰ টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই সেৱন কৰক বমিভাৱ নোহোৱা হব ৷
• আদা, ক’লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয় ৷
• দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলাপূৰা, এচিডিটি আতৰ হব ৷
• গৰ্ভৱতী মহিলাৰ পুৱাবেলা হোৱা বমিভাৱ (Morning sickness ) নিৰাময়ত আদা হ’ল উপকাৰী ৷
• মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ (ডিচমেনৰিয়া) উপশম ঘটায় ৷
• বৃহৎ আন্ত্ৰৰ (ক’লনৰ) কৰ্কট ৰোগত সুৰক্ষা আগবঢ়ায় ৷ স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াচৰ কেঞ্চাৰ আৰু অভেৰিৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ৷
• এন্টিইনফ্লেমেটৰি গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাঁড়ৰ বিষ কমায় ৷ নানা ধৰণৰ বাত আৰু অ’ষ্টিঅ’আৰ্থাইটিচৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিশ কৰিব পৰামৰ্শ দিয়া হয় ৷
• দৈনিক ২গ্ৰাম আদা দহবাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয় ৷
• ২০১৫ চনত কৰা এক পৰীক্ষাত দেখা গ’ল যে দৈনিক ২ গ্ৰাম আদাৰ পাউদাৰ ৩মাহ সেৱন কৰিলে তেজৰ ফাষ্টিং চুগাৰ আৰু HbA1c ৰ পৰিমাণ ক্ৰমে হ্ৰাস পায় ৷
• মস্তিষ্কৰ ক্ৰিয়াৰ উন্নতি ঘটাই যাৰ ফলত আদা সেৱন কৰিলে এলঝাইমাৰৰ ৰোগী উপকৃত হয় ৷ আদাৰ নিয়মীয়া সেৱনে স্মৃতিশক্তি বঢ়ায় ৷
• আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আতৰ হয় ৷ নিয়মীয়া আদাৰ সেৱন কৰিলে অপকাৰী কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায় ৷ তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে ৷
• আদাৰ ৰসৰ সৈতে সিদ্ধ কণী খালে পুৰুষৰ যৌন দূৰ্বলতা আতৰ হয় ৷ বীৰ্য্যৰ পৰিমাণৰ উন্নতি ঘটে ৷
• কাহ আৰু কফৰ সকাহ পাবলৈ হলে দুসপ্তাহ আদা উতলোৱা গাখীৰ খাবৰ পৰামৰ্শ দিয়া হয় ৷ আদাৰ সৰু সৰু টুকুৰা মৌ জোলৰ সৈতে গৰম কৰি দিনে দুবাৰকৈ খালেও পুৰণি কাহৰ উপশম হয় ৷
• আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে ৷ দাঁতৰ আৰু মুখৰ দূৰ্গন্ধ দূৰ কৰাত আদা সহায়ক ৷
• যিকোনো শাৰীৰিক দূৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আতৰ হয় ৷
• শৌচ কচা আতৰাবলৈ আদা,আজৱাইন, নেমুৰ ৰস ক’লা নিমখ মিহলাই খালে উপকৃত হয় ৷
• পাইলচৰ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খোলোচা কৰাত সহায় কৰে৷
• আদাৰ প্ৰলেপ জুয়েপোৰা অংশত লগালে সোনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে ৷
• আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে ৷

মোখনিত এটা কথা উল্লেখ কৰাটো ভাল ৷ অধিক উচ্চ ৰক্তচাপ থকা লোকে আৰু পাকস্থলীত ঘাঁ থকা লোকে আদাৰ সেৱন কমকৈ কৰা মংগলজনক৷ আকৌ শীতকালৰ তুলনাত গৰমকালত খোৱা আদাৰ পৰিমাণ কিছু হলেও কমাব লাগে ৷

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …