অসমীয়া ছবিজগতত নতুন সংযোজন ‘ইপাৰ সিপাৰ’

কল্যাণ কুমাৰ কলিতা

বিগত বর্ষটোত ২৪খন অসমীয়া পূর্ণদৈর্ঘ্যৰ ছবিয়ে মুক্তিলাভ কৰে । অৱশ্যে ইয়াৰে কেইখনমান ছবিয়েহে বাণিজ্যিকভাৱে সফল বিবেচিত হয় । সীমিত সংখ্যক চিত্রগৃহ তথা বলিউডৰ লবীৰ মেৰপেচত একোখন অসমীয়া ছবিয়ে লাভৰ মুখ দেখাটো তেনেই ক্ষীণ যদিও একমাত্র মাধ্যমটি জীয়াই ৰখাৰ স্বার্থত তথা অসমীয়া ছবিজগতক নতুনভাৱে গঢ় দিয়াৰ হেঁপাহত প্রযোজক-পৰিচালকসকলে ইখনৰ পিছত সিখনকৈ ছবি অসমৰ দর্শকলৈ আগবঢ়াই গৈছে । এই যাত্রাপথৰ কেইবাগৰাকীও প্রতিভাৱান নবীন প্রযোজক-পৰিচালকো অংশীদাৰ হৈছে যিটো মাধ্যমটিৰ বাবে এক শুভ-বার্তা । নতুন বছৰটো আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হৈছে নতুন জল্পনা-কল্পনা । চলিত বছৰটোত কিমানখন ছবিয়ে মুক্তিলাভ কৰিব তথা কোন কোন নবীন-প্রবীন ছবি-নির্মাতাৰ ছবিয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ইত্যাদি বিভিন্ন বিষয়ত আলোচনা ইতিমধ্যে চলি আছে । অৱশ্যে ছবি নির্মাণৰ ফালৰ পৰা বর্তমান কেইবাখনো ছবিৰ কাম পূর্ণদ্যমে চলি আছে আৰু আশাকৰা হৈছে চলিত বছৰটোতে ছবিসমূহে মুক্তি লাভ কৰিব । অসমীয়া ছবিজগতখনক এক নতুন মাত্রা দিয়াৰ উদ্দেশ্য আগত ৰাখি শেহতীয়াভাৱে নির্মাণৰ কাম পূর্ণগতিত চলি থকা এখন অসমীয়া ছবি হৈছে ‘ইপাৰ সিপাৰ’ । বি এছ ক্রিয়েছনৰ বেনাৰত নির্মিত উক্ত ছবিখন পৰিচালনা কৰিছে প্রণৱজ্যোতি ভৰালীয়ে । ছবিখনৰ কাহিনী, চিত্রনাট্য লিখিছে দেৱজ্যোতি শর্মাই । উল্লেখ্য যে, বিগত বর্ষৰ ৯ নৱেম্বৰত এক মাংগলিক কার্যসূচীৰে ছবিখনৰ মহুৰৎ হৈ যোৱাৰ পিছত মৰিগাওঁ, গুৱাহাটী আৰু হাফলঙৰ মনোমোহা লোকেচনত ছবিখনৰ দৃশ্যগ্রহণ সম্পন্ন কৰা হয় । প্রযোজকে জানিবলৈ দিয়া মতে, বর্তমান ছবিখন সম্পাদনাৰ অন্তিম পর্যায়ত আছে । ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে জনপ্রিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক অনুপম শইকীয়া, মৌচম গগৈ, তৰুণ তন্ময়, ৰিদীপ দাস আৰু অহিৰ ভৈৰৱ । লক্ষণীয় যে, ছবিখনৰ ভিন ভিন চৰিত্রত অভিনয় কৰিছে প্রায় ৪০ৰো অধিক অভিনয় শিল্পীয়ে । ছবিখনৰ কেন্দ্রীয় চৰিত্রসমূহ ৰূপায়ন কৰিছে ক্রমে অমৃতা গগৈ,

 

উদয়ন দুৱৰা, মিণ্টু বৰুৱা, ৰূপজ্যোতি দাস, পল ফুকন, দেৱানন্দ শইকীয়া, বিপুল ৰাভা, চাজু, গৌৰাংগ শর্মা, কাশ্মীৰী শইকীয়া, পবিত্রপ্রাণ বৰা, কুন্তলা ৰাজ, প্রণৱ দত্ত, যতীন খনিকৰ, জয়ন্ত সোণোৱাল, জয়ন্ত ডেকা, মল্লিকা শর্মা, দীপ দেউৰী আদিকে ধৰি কেইবাগৰাকীও শিল্পীয়ে । কিছুদিন পূর্বে দৃশ্যগ্রহণ কৰা হয় তৰুণ তন্ময় আৰু লতা বৰদলৈৰ কণ্ঠত ‘টু ৰু ৰু ৰু’ শীর্ষক ছবিখনৰ গীতটিৰ । গীতটি লিখিছে শোণিত গগৈ-এ, চিনেমেটোগ্রাফী ভাস্কৰ শর্মাৰ, নৃত্য-নির্দেশনা চিকন্দৰ পাছোৱানৰ, ড্রোন-অপাৰেটৰ প্রিয়ম ৰায়, সহকাৰী নৃত্য নির্দেশক ৰাজু আৰু গুণু, মেকআপ বিজিয়েতা পাটগিৰিৰ । গীতটিৰ দৃশ্যাংসত অভিনয় কৰে উদয়ন দুৱৰা আৰু অমৃতা গগৈ-এ ।

 

ছবিখন সম্পাদনাৰ দায়িত্বত আছে নিৰঞ্জন গগৈ । পৰিচালক ভৰালীৰ মতে, ‘ইপাৰ সিপাৰ’ ছবিখনত চলচ্চিত্রপ্রেমীয়ে বিচৰা মনোৰঞ্জনৰ আটাইখিনি সমলেই লাভ কৰিব । আনহাতে নতুনত্বৰ সম্পূর্ণ প্রয়োগ ছবিখনত বিদ্যমান । প্রযোজনাগোষ্ঠী গভীৰ আশাবাদী যে, মুক্তিৰ লগে লগে অসমৰ সর্বসাধাৰণ চলচ্চিত্রপ্রেমীয়ে ছবিখন আকোঁৱালি ল’ব ।

মন্তব্য

পঢ়িব পাৰে

আগন্তুক নাট্যবৰ্ষত কোন তাৰকা কোন ভ্রাম্যমাণত?

চাওতে চাওতে ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবর্ষৰ যৱনিকা পৰিল। এতিয়া মাজত মাথোঁ দুমাহ বিৰতি । আকৌ …