অপেছাদাৰী মঞ্চৰ পৰা পর্দালৈ ৰূপমৰ অভিনয় যাত্রা

কল্যাণ কুমাৰ কলিতা

প্রদুৎ কুমাৰ ডেকাৰ ‘বৰশী’ ছবিখনৰ এটি সৰু চৰিত্রত অভিনয়ৰে পোনপ্রথমবাৰৰ বাবে অসমীয়া চলচ্চিত্রজগতত আত্মপ্রকাশ । অৱশ্যে তেতিয়া তেওঁ ভবা নাছিল অভিনয়কে এদিন জীৱনৰ লক্ষ্য হিচাপে বাছি লোৱাৰ কথাটো । তাৰ পিছতে মণি সিনহাৰ ‘ৰাফ এণ্ড টাফ’ ছবিখনৰ খলনায়কৰ চৰিত্রটিৰ বাবে অডিশ্যন হয় । এই অডিশ্যনত ভাগ লৈ তেওঁ উত্তীর্ণ হয় আৰু উক্ত ছবিখনৰ মূল খলনায়কগৰাকীৰ চৰিত্রত অভিনয় কৰি সকলোৰে দর্শকৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় । এইদৰে অসমীয়া ছবিজগতখনে লাভ কৰে এগৰাকী নতুন প্রতিভাৱান অভিনেতা । হয়, ক’বলৈ বিচৰা হৈছে নলবাৰী নিবাসী স্বর্গীয় কুমুদ চক্রৱর্তী আৰু কামিনি চক্রৱর্তীৰ সুযোগ্য সন্তান উদীয়মান অভিনেতা ৰূপম চক্রৱর্তীৰ কথা । অৱশ্যে ৰূপমে পর্দাত কাম কৰাৰ পূর্বে অনুপ মজুমদাৰৰ ‘নিয়ৰৰ বৰষুণ’, ‘আকৌ লাষ্ট’, ‘বাজী’, ‘ভোক’ আদিকে ধৰি অপেছাদাৰী মঞ্চৰ কেইবাখনো নাটকত অভিনয় কৰিছে । তেওঁ হিমাংশু প্রসাদ দাসৰ ‘গুৱের্ণিকা’ত নাটকত অভিনয়ৰ দিশত প্রশিক্ষণ লয় । ইয়াৰ পিছতেই তেওঁ সৰু পর্দাৰ কেইবাখনো মেগা-চিৰিয়েলত কাম কৰাৰ সুযোগ লাভ কৰে । ৰূপমে অভিনয় কৰা কেইখনমান উল্লেখনীয় মেগা-চিৰিয়েল হৈছে – ‘মেঘৰঞ্জনী’, ‘অনুৰাগ তোমাৰ বাবে’, ‘এফ আই আৰ’, ‘ডায়েল ১০০’ ইত্যাদি । নিজৰ অভিনয় সন্দর্ভত ৰূপমে কয়, অভিনয় ভালপাওঁ যদিও ৰূপালী পর্দাত অভিনয়ৰ সপোন কাহানিও দেখা নাছিলো । কিন্তু যেতিয়া ‘ৰাফ এণ্ড টাফ’ ছবিখনত মোৰ খলনায়কৰ চৰিত্রটি দর্শকে আকোঁৱালি ল’লে তেতিয়া নিজৰ অভিনয়ৰ ওপৰত এটা বিশ্বাস আহিল আৰু ক্রমান্বয়ে মাধ্যমটিৰ সৈতে একাত্ম হৈ বহুখিনি কথাই শিকিব আৰু জানিব পাৰিলো ।

 

এতিয়া ইটোৰ পিছত সিটো সুযোগ মোৰ হাতলৈ আহি আছে আৰু ময়ো কাম কৰি গৈ আছো । উল্লেখ্য যে, ৰূপমে শেহতীয়াকৈ প্রতিভাৱান পৰিচালক মণি সিনহাৰ পৰিচালনাত নির্মিত পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবি ‘ধম ধমা ধম’ত মূল নায়কৰ চৰিত্রটি ৰূপায়ন কৰিছে, তেওঁৰ বিপৰীতে নায়িকাৰ চৰিত্রত আছে মোহময়ী অভিনেত্রী কল্পনা কলিতা । এক নতুনত্বৰে ভৰপূৰ ছবিখনৰ বর্তমান সম্পাদনাৰ কাম পূর্ণোদ্যমে চলি আছে । একচনধর্মী ছবিৰ গভীৰ অনুৰাগী ৰূপমে নিজকে এগৰাকী একচন হিৰোৰ ৰূপত প্রতিষ্ঠিত কৰিব বিচাৰে । চৰিত্র অনুযায়ী অভিনয়ৰ দিশত কোনোদিনে কম্প্রমাইজ নকৰা ৰূপমে মার্চিয়েল আর্ট টাইকোৱাণ্ডো আৰু মিক্স মার্চিয়েল আর্টৰো প্রশিক্ষণ লয় । ভৱিষ্যতে অসমৰ ভ্রাম্যমাণ থিয়েটাৰজগতত খোজ পেলোৱাৰ সপোন মনতে পুহি ৰখা ৰূপম বর্তমান ব্যস্ত কেইবাটাও নতুন প্রজেক্টৰ কামত । তেওঁ কয়, এগৰাকী অভিনেতাক জীয়াই ৰাখে একমাত্র দর্শকৰ মৰমে, সেয়ে অনাগত দিনটো মোৰ প্রতিটো কামতে অসমবাসীৰ পূর্ণ সহাঁৰি লাভ কৰিম বুলি আশা ৰাখিলোঁ । আমিও এইছেগতে ৰূপমৰ অভিনয় যাত্রাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

 

মন্তব্য

পঢ়িব পাৰে

আগন্তুক নাট্যবৰ্ষত কোন তাৰকা কোন ভ্রাম্যমাণত?

চাওতে চাওতে ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবর্ষৰ যৱনিকা পৰিল। এতিয়া মাজত মাথোঁ দুমাহ বিৰতি । আকৌ …