ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা নিৰঞ্জন দাস

ধৃতিমান

ভ্ৰাম্যমান মঞ্চৰ এজন বলিষ্ঠ অভিনেতা, যিজন অভিনেতাই নিজৰ স্বকীয় অভিনয়ৰে অভিনয় কৰি ভ্ৰাম্যমান মঞ্চজগতত এখন সুকীয়া স্থান দখল কৰি আছে । তেখেতৰ নাম নিৰঞ্জন দাস । মনালিছা থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰ জগতত প্ৰৱেশ কৰা এইজন অভিনেতাই জীৱনৰ বহুকেইটা বসন্ত পাৰ কৰিলে ভ্ৰাম্যমানৰ মঞ্চতেই । এখেতে অভিনয় কৰা প্ৰথমখন হিট নাটক আছিল নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ “ৰাজাবাবু” য’ত তেখেতে নাম ভূমিকাত অভিনয় কৰিছিল । গাঁৱৰ নামঘৰৰ ভাওনাত প্ৰথমে ৰাধা হৈ অভিনয় জীৱনৰ পাতনি মেলিছিল বৰ্তমান সময়ৰ ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা নিৰঞ্জন দাসে ৷ এমেছাৰ, মাধৱ মন্দিৰ নাট্য সমাজ, পাঞ্চজন্য নাট্যগোষ্ঠী, চিত্ৰলেখা ৰংগমঞ্চ, তেজপুৰৰ বাণ থিয়েটাৰ আদিত দক্ষ অভিনয় কৰা নিৰঞ্জন দাসক প্ৰতিভাৰ সম্ভেদ পাই মনাছিলা থিয়েটাৰৰ প্ৰযোজকে লৈ আহিছিল ভ্ৰাম্যমান নাট্যজগতলৈ ৷ মনালিছাৰ পিছত তেখেতে হেঙুল, আৱাহন, বৰদৈচিলা, আশীৰ্বাদ আদি আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমুহত অভিনয় কৰি অহা নিৰঞ্জন দাসে চলিত বৰ্ষত ৰাজতিলক থিয়েটাৰত অভিনয় কৰি আছে । হেঙুল থিয়েটাৰতেই তেওঁ অভিনয় কৰাৰ সুযোগ পাইছিল বলিউদৰ অভিনেত্ৰী সীমা বিশ্বাসৰ লগত । পৰিচালক হিচাপে পাইছিল তপন দাসক ৷ নাটক আছিল বেণ্ডিত কুইন, যাৰ স্মৃতি তেখেতে আজিও পাহৰা নাই । তাৰ পিছত আৱাহন থিয়েটাৰত অভিজিৎ ভট্টাচাৰ্যৰ “সমীৰন বৰুৱা আহি আছে”, “লেডি ডায়েনা”ত অভিনয় কৰিছিল। সুযোগ পাইছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটকত অভিনয় কৰাৰ ৷ নাটক আছিল “শুভ সংৱাদ’ ৷ পৰিচালক হিচাপে পাইছিল হেম ভট্টাচাৰ্য্যক। সেৱাব্ৰত বৰুৱা , মুনিন বৰুৱা দেৱৰ নাটকতো আভিনয় কৰিছিল এখেতে । আশীৰ্বাদ থিয়েটাৰত যতীন বৰাৰ লগত কৰিছিল অভিজিত ভট্টাচাৰ্যৰ “শকত আৱত প্ৰেম কাহিনী”, “অটোৰিক্সা চলাও আমি দুই ভাই”, “মা দেউতা মাইনা” আদিৰ দৰে জনপ্ৰিয় নাটক সমুহ । ঠিক সেইদৰে প্ৰস্তুতি পৰাশৰৰ দৰে বলিষ্ঠ অভিনেত্ৰীৰ লগত কৰিছিল “ৰাংঢালী ছোৱালী ম‌ই”, “মহাৰাণী”ৰ দৰে শ্ৰেষ্ঠ নাটকসমুহত । হেঙুল থিয়েটাৰত উৎপল দত্ত ৰচিত “কাঞ্চন” নাটকখনত নিৰঞ্জন দাসে পোনপ্ৰথমবাৰৰ বাবে মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। মৃদুল চুতীয়াৰ “অস্তপথ” নাটকখন আছিল নিৰঞ্জন দাসৰ টাৰ্ণিং পইন্ট । নাট্যকাৰ-পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ প্ৰথম নাটক “সমীৰণ বৰুৱা আহি আছে”ৰ পৰা আজিলৈকে তেখেতে ২০ বছৰ ধৰি ভট্টাচাৰ্য্যদেৱৰ নাটকত অভিনয় কৰে ৷ নিৰঞ্জন দাসৰ মতে এতিয়ালৈকে অভিনয় কৰা নাটকৰ ভিতৰত শ্ৰেষ্ঠ নাটক অভিজিত ভট্টাচাৰ্য্যৰ “অভিনেত্ৰী” ৷ সজীৱ হৈ আছে ৰাজতিলক থিয়েটাৰত অভিনয় কৰা “মহাত্মাৰ চকুপানী” আৰু “মৰমে কান্দিছে” নাটকদুখন, যত তপন দাস আৰু মৃদুল ভূঞাৰ সমানে সমানে নিজৰ পাৰদৰ্শিতাৰ উমান দিছিল নিৰঞ্জন দাসে ৷ ২০১৮-১৯ নাট্যবর্ষত নিৰঞ্জন দাসক পুনৰ দেখা পোৱা যাৱ ৰাজতিলক থিয়েটাৰৰ মঞ্চত ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …