নাৰী

ৰুনাল্ডো টাইদ

১/
নাৰীবোৰ একোজনী চিৎপখিলা
কবিৰ অনুভৱী অপৰাজিতা

২/ নপৰো বুলিও মানুহ
বাৰে বাৰে প্ৰেমত পৰে নদীৰ

নপৰো বুলিও মানুহ
বাৰে বাৰে প্ৰেমত পৰে নাৰীৰ

৩/
নাৰী নদীৰ দৰে মোহনীয়
শইচৰ দৰে বৰণীয়
সৃষ্টিৰ আদিম প্ৰতীক

৪/
দিনত ফুলা বেলিৰ দৰে
ফুলি থাকক নাৰী

ৰাতি ফুলা তৰাৰ দৰে
ফুলি থাকক নাৰী

৫/

নাৰী পৃথিৱীৰ আদিম কবিতা
শইচৰ ভৰত দোঁ খাই থকা উৰ্বৰ পথাৰ
নাৰী বুকুৰ মাজেৰে বৈ থকা গোপন গংগা

নাৰীবোৰ একোজনী চিৎপখিলা
কবিৰ অনুভৱী অপৰাজিতা।

(পৃথিৱীৰ সকলো নাৰীৰ হাতত শ্ৰদ্ধাৰে)

মন্তব্য

পঢ়িব পাৰে

মৃত্যু

মনু আপোনজনৰ মৃত্যু নহয় মাথোঁ দেহা নাথাকে ধৰণীত বুকুত জ্বলে চিতাৰ অগনি কবৰস্ত হয় হৃদয়ত …