ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অসমৰ মহীয়সী নাৰী “বিৰুবালা ৰাভা”

কৰৱী বৰশইকীয়া

অন্ধবিশ্বাস,কুসংস্কাৰ আদি বিশেষকৈ সমাজত প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে এককভাৱে সংগ্ৰাম কৰি নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰা এগৰাকী জনজাতীয় মহীয়সী নাৰী হল বিৰুবালা ৰাভা। সমাজৰ অশুভ্ৰ চিন্তা,অন্যয় অবিচাৰ বিৰুদ্ধে এই গৰাকী নাৰীয়ে সাহসেৰে যুঁজ দি আহিছে। হেঁপাহ আৰু সপোন মাত্র এটাই সেইয়া হৈছে সমাজখন অন্ধবিশ্বাসৰ পৰা মুক্ত হঁওক।নিৰ্দোষী লোকক ডাইনী সজাই অমানসিক ভাৱে হত্যা কৰাৰ অকলে প্ৰতিবাদ কৰি আহিছে এই গৰাকী নাৰীয়ে।তেওঁৰ জন্ম ১৯৪৯ চনত গোৱালপাৰাৰ ঠাকুৰবিলাত।ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি পিছত তেওঁ বৰঝাৰা মজলীয়া বিদ্যালয়ত নামভৰ্তি কৰে যদিও ইমানতে শিক্ষাজীৱন সমাপ্ত কৰে মাক দেউতাক আৰু অানসকলৰ হেঁচাত।১৯৬৪ চনত ১৫ বছৰ বয়সতে বৈবাহিক বান্ধোনত বান্ধ খাই কালক্ৰমত তেওঁ তিনিজন পুত্র আৰু একমাত্র কন্যাৰ মাতৃ হয়।নিজৰ বৰপুত্র মানসিক ৰোগ হোৱা আৰু তাকে লৈ সমাজত তথা ৰাইজে কৰা মতামতৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল।কুসংস্কাৰেৰে আচ্ছন্ন হৈ পৰা অসম-মেঘালয় সীমান্তৰ জনজাতীয় সমাজখনৰ পৰা অন্ধবিশ্বাসবোৰ আঁতৰ কৰাৰ সংকল্পৰে ওলাই আহিছিল বিৰুবালা ৰাভা।প্ৰথম অৱস্থাত ৰাইজে ভৰ্ৎসনা তথা প্ৰতিৰাধ কৰাৰহে প্ৰয়াস কৰে এই ক্ষেত্ৰত।কিন্তু তেওঁ তাতে হাৰ নামানি নিজৰ লক্ষ্যত উপনীত হ’বলৈ দৃঢ়ভাৱে কাম কৰি যায়। অন্ধবিশ্বাসত মত্ত গাঁওবাসীৰ বিৰুদ্ধে বিৰুবালাই কৰা একক যঁজত পিছত গোৱালপাৰা জিলা প্ৰসাশন আৰু অসম মহিলা সমতা ছ’চাইটিয়ে সহযোগ আগবঢ়ায়।এনে অনুষ্ঠান -প্ৰতিষ্ঠানৰ সহযোগত বিৰুবালাই কেইবাটাও ঠাইত বক্তৃতা দিয়াৰ সুযোগ লাভ কৰে।হাতলৈ এনে সুযোগ আৰু লাভ কৰা প্ৰেৰণাৰ বাবেই বিৰুবালাই নিজৰ কামত আগবাঢ়ি যাবলৈ সাহস পায়।তেওঁৰ কাম কাজসমূহ বৃহত্তৰ অসমীয়া সমাজৰ দৃষ্টিলৈ আহে।বিৰুবালা ৰাভাই প্ৰায় এককভাৱে চলাই যোৱা সংগ্ৰামৰ বাবেই অসমত ডাইনী বিশ্বাসৰ বিৰুদ্ধে কিছু পৰিমাণে হ’লেও পৰিবৰ্তন হয়।যাৰবাবে আজিৰ অসম তথা ভাৰতৰ পেক্ষাপটত বিৰুবালা ৰাভা অন্যতম জনজাতীয় নাৰী হিচাপে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ৰাইজে ডাইনী বুলি বহিষ্কাৰ কৰা বহু মহিলাক বিৰুবালা ৰাভাই নিজে আশ্ৰয় দি বা আশ্ৰয়ৰ ব্যৱস্থা কৰি দিছে।তাৰ জৰিয়তে ডাইনী যে সমাজৰ কু সংস্কাৰৰ বাহিৰে আন একো নহয় এই কথা লাহে লাহে সমাজত প্ৰচাৰ আৰু প্ৰতিষ্ঠা লাভ কৰিছে।ষাঠি বছৰীয়া বিৰুবালা অদ্যপি থমকি ৰোৱা নাই।সমাজিক স্বীকৃতি নেওচি তেওঁ আজিও সমাজৰ দুৰ্গতজনৰ বাবে কাম কৰি গৈ আছে এই গৰাকী মহীয়সী নাৰীয়ে।

 

মন্তব্য

পঢ়িব পাৰে

নাৰী শিক্ষাৰ নিৰাপত্তাৰ দাবী

নাচৰিণ চুলতানা আহমেদ ‘বেটি বাচাঅ’ ,বেটি পাঢ়াঅ’ ‘ ৰ দৰে নাৰী সবলীকৰণৰ শ্ল’গানেৰে চৌদিশ ৰজনজনাই …