শুভ জন্মদিন নীলিম কুমাৰ

জুপিতৰা সৃজনী

নাজানো নীলিম কুমাৰ কোন
বহুতেই কয় কবি হেনো তেওঁ
চেলুনৰ ঠিকনা নজনা কি যে মানুহ নীলিম কুমাৰ !

কিজানি তেওঁ মোৰ পাৰ্চত থকা চেফ্‌টি পিনটোৰ আত্মা !
নহ’বও পাৰে অৱশ্যে !

বুজি নাপাওঁ
তেওঁক লৈ কিয় পাগল কবিতাবোৰ
ধুনীয়া তিৰোতাবোৰ
মই কবিতা নহয়
মই ধুনীয়া নহয়
সেয়ে কি গৰজ পৰিছে মই তেওঁক ভালপোৱাৰ !

কাম নাই,কবিতা লিখে
মোৰ কবিতা নাই ,কাম কৰোঁ..

শিশুৱে আজিকালি নিমখ খায় নীলিম কুমাৰ !

তেওঁ দুখত তিতি থকা ৰ’দক দেখিছেনে নাই
মই কেনেকৈ জানিম
মই কিবা তেওঁ পিন্ধা চছমাযোৰ নেকি ?

তেওঁ আহিছিল নেকি মোৰ কন্যাকালত ফল-মূলৰ বাগিছা এখন মোনাত ভৰাই?

দেখিছেনে তেওঁ মৰুভূমিৰ পিছে পিছে দৌৰা নদীক

তেওঁ দেখিব
মই জানোঁ
মই যে জানোঁ
তেওঁ নাজানিব

আচলতে তেওঁ আকাশত নাথাকে
কিন্তু তেওঁ ভাবে

সেইয়ে তেওঁ পোহৰ পুহি ৰাখে হৃদয়ত
পোহনীয়া পোহৰৰ চৰাইবোৰেই কবিতা

বাৰু
তেওঁ চায়নে মাছৰ বজাৰত দৰ-দাম কৰি ৰৌমাছ অথবা চিতল মাছ লিৰিকি বিদাৰি ?

তেওঁ টেঙেচী পাত দাইলত দি গ্ৰীষ্মক উপহাৰ দিয়েনে শীতল দুপৰীয়া এটা ?

তেওঁৰ কি কেৱল কবিতাৰ স’তেই আত্মীয়তা!

সেয়া যদি ভাবিছা
ভুল কৰিছা

তেওঁৱেই দেখোন তোমাক শিকাইছিল পত্নীক এৰি কবিতাৰ পিছে পিছে দৌৰি নুফুৰিবলৈ

আচলতে মানুহে শব্দবোৰক ইমান ভালপাব নাপায়
তেওঁ ভুল কৰিছে
ইস্ তেনেকুৱা এটা ভুল এই জনমত মইও কৰিব পৰা হ’লে !

এদিন মই তেওঁৰ চকুযোৰ চুৰ কৰিলোঁ সপোনত
হেঁপাহ পলুৱাই চালোঁ
কিদৰে ঢৌবোৰ হয় মাছ !

এই মূহুৰ্তত তেওঁ যদি কবিতাটো পঢ়ি খং কৰে
মই ক’ম
‘জন্মদিনত দিয়া উপহাৰ গ্ৰহণ নকৰাটো বেয়া’
যিহেতু তেওঁ নীলিম কুমাৰ
সেয়ে তেওঁ ইমান নিষ্ঠুৰ নহয় !

এইকণ কথা নুবুজিলে কি হ’ব
কি হ’ব
নীলিম কুমাৰলৈ মোৰ খং উঠিব….

শুভ জন্মদিন হে কবি !

(৯মাৰ্চ-নীলিম কুমাৰৰ জন্মদিন উপলক্ষে)

                       

মন্তব্য

পঢ়িব পাৰে

মৃত্যু

মনু আপোনজনৰ মৃত্যু নহয় মাথোঁ দেহা নাথাকে ধৰণীত বুকুত জ্বলে চিতাৰ অগনি কবৰস্ত হয় হৃদয়ত …