ফেচবুকীয়ানৰ মানসিকতা আৰু এফ আৰ পি বনাম টি আৰ পি

-নীলিম আকাশ কাশ্যপ

আমাৰ এচাম ফেচবুকীয়ানৰ মানসিকতা কিমান তৰল হ’ব পাৰে ৯ মাৰ্চৰ ৰাতি অনুভৱ কৰিলো ৷ ইমানদিনে এনে লাগি আহিছিল যে ফেচবুকত বহুত সৰ্বজান্তা আছে ৷ তেওঁলোক সকলো বিষয়তে বুৎপত্তিসম্পন্ন ৷ সামাজিক মাধ্যমটোত কাৰোবাৰ বিৰুদ্ধে অভিযোগ উঠিলে একো উমঘাম নোপোৱাকৈয়ে অভিযুক্তক শব্দাক্ৰমণ কৰা লোক যে ফেচবুকত উভৈনদী(অভিযোগকাৰী নাৰী হ’লে অভিযুক্তক হেঁচি ধৰোতাৰ অভাৱ আৰু কমে!)সেই কথা ইমানদিনে দেখি আহিছো ৷ এচামে বৰ seriously ব্যৱহাৰ কৰাৰ বিপৰীতে আন এচামে ভাত-পানী খোৱাৰ পৰা পাদ মৰালৈকে জনোৱাৰ মাধ্যম হিচাপে ইয়াক ব্যৱহাৰ কৰাও নেদেখা নহয় ৷ অনুভৱ হয়- ফেচবুক এচামৰ বাবে আক্ৰোশ পূৰণৰ ঠাই ৷ কিন্তু ৯ মাৰ্চৰ ৰাতিৰ কেইটামান ফেচবুকৰ status-এ শেষ নিশালৈ শুব নিদিলে ৷ হঠাতে দেখিলো, ফেচবুকত কেবাগৰাকীয়েও লিখিছে যে দীপালি বৰঠাকুৰ আৰু নাই ৷ মই আচৰিত ৷ তেওঁক লৈ ৰচিত প্ৰথমখন উপন্যাস ‘সোণৰ খাৰু কলিজাৰ ছাঁ’ লিখা আৰম্ভ কৰাৰ গোটাচেৰেক বৰ্ষ পূৰ্বৰে পৰা অদ্যাপি সঘনাই তেওঁৰ খবৰ ৰাখি আহিছো ৷ ১ মাৰ্চত তেওঁ চিকিৎসাধীন হোৱাৰ পৰা এতিয়ালৈকে বাইদেউৰ খবৰ ৰখাৰ যত্ন কৰিছো প্ৰতিদিনে- কেতিয়াবা যদি নীলদা বা চিকিৎসকৰ যোগেদি, কেতিয়াবা জোনালী কিম্বা সাংবাদিক বন্ধু ৰাজুৰ জড়িয়তে ৷ কিন্তু ৯ মাৰ্চৰ ৰাতি ফেচবুকে দিয়া খবৰটোত হতচকিত হ’লো ৷ নিজৰ চকুক বিশ্বাস কৰা নাছিলো ৷ কাণক বিশ্বাস কৰো বুলি ফোনটো হাতত লৈছিলো, কিন্তু সেই মাজৰাতিখন কাক ফোন কৰিম ভাবি পোৱা নাছিলো ৷ ইপিনে, মনেও নামানে ! অৱশেষত ৰাতি প্ৰায় ১২:২১ বজাত সাংবাদিক ৰাজু বৰুৱালৈ ফোন কৰিছিলো ৷ ফোনটো থৈহে যেন উশাহ লৈছিলো ৷ ৰক্ষা, বাইদেউ কুশলে আছে ৷ সমান্তৰালভাৱে মনত ধিক্কাৰ উপজিছিল ফেচবুকীয়ান এচামৰ মানসিকতা দেখি ৷ হ’ল বুলিয়েই ক’ৰবাত শুনিয়েই নিশ্চিতি নোলোৱাকৈ ইমান ডাঙৰ উৰাবাতৰি বিলাব পৰা লোকো আছেনে! টি-আৰ-পিৰ বাবে নিউজ চেনেলে যেই-সেই নিউজো কৰে বুলি তথা ছপা ভুলতে বাতৰি কাকতক সমালোচনাৰে থকা-সৰকা কৰা আমাৰে এচামে পোনতে খবৰটো দিওঁ বুলি এফ-আৰ-পিৰ খকত সত্যতাৰ সন্ধান নকৰাকৈ এনে কৰা নাইনে ৷ লাজ পালো; ধিক্ এই মানসিকতাক ৷

মন্তব্য

পঢ়িব পাৰে

ভাস্কৰ কলিতাৰ মৃত্যু আৰু বুলেটপ্ৰুফ জেকেট: ৰাজ্যৰ গৃহ বিভাগত উন্মোচিত হ’ব নেকি বৃহৎ কেলেংকাৰীৰ?

অসম সংবাদৰ বিশেষ প্ৰতিবেদন: দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত চৰকাৰে এটা শকত পুঁজি ব্যয় কৰি আহিলেও এইক্ষেত্ৰত …