যি বাট দেখুৱালা তুমি

মঞ্জিত হাজৰিকা

কলিজাটি কাঁচৰ দৰে ভাঙি
যি বাট দেখুৱালা তুমি

আঁউসীৰ আন্ধাৰতো পোহৰ সেই বাট

প্ৰেম, তোৰ বুকুতেই জন্ম হয় শব্দ
শব্দত জীয়াই থকাৰ উৎস

মোৰ প্ৰেম মোৰ শব্দ

মই প্ৰেমিক আছিলো এখনি বাঁহপতীয়া হৃদয়ৰ
আজি শব্দৰ প্ৰেমিক হ’লো

সৰাপাতৰ খৰমৰণিত শুনো
শংখ নিনাদ ৷৷

মন্তব্য

পঢ়িব পাৰে

মৃত্যু

মনু আপোনজনৰ মৃত্যু নহয় মাথোঁ দেহা নাথাকে ধৰণীত বুকুত জ্বলে চিতাৰ অগনি কবৰস্ত হয় হৃদয়ত …