হাওৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰৰ সাফল্য: লিখি উলিয়ালে মেৰা হিন্দুস্তান শীৰ্ষক গ্ৰন্থ

অসম সংবাদ, হাওৰাঘাটঃ হাওৰাঘাট মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ সম্ৰাট চৌহানে তেওঁৰ তিনিবছৰীয়া সাধনাৰে লিখি উলিয়ালে কবিতা আৰু গল্পৰ সমাহাৰেৰে “মেৰা হিন্দুস্থান” (হিন্দী) শীৰ্ষক এখনি গ্ৰন্থ। আজি হাওৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তাজ উদ্দিনৰ পৌৰহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলকান্ত ফুকনে। পৰিৱেশ, স্বচ্ছতা, দেশৰ স্বাধীনতা, চিপাহী বিদ্ৰোহ, সাম্প্ৰতিক ৰাজনীতি আদি কেইবাটাও দিশ সামৰি লোৱা এই গ্ৰন্থখন উন্মোচন কৰি ফুকনে কয় যে সম্ৰাট চৌহানৰ এই সৃষ্টিয়ে এদিন নিশ্চয় মাত মাতিব। আনহাতে অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ সম্ৰাটৰ এনে সফলতাই মহাবিদ্যালয়খনত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা ব্যক্ত কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই অনাগত দিনত বিভিন্ন মাচুলৰ পৰা সম্ৰাটক ৰেহাই দিয়াৰ কথাও ঘোষণা কৰে। ইপিনে মেৰা হিন্দুস্থানৰ পিছত ইতিমধ্যে আন এখন গ্ৰন্থৰ কাম হাতত লৈছে বুলিও সম্ৰাটে জানিবলৈ দিয়ে।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …