পখিলা খেদাৰ বয়সত দূৰাৰোগ্য ৰোগত আক্ৰান্ত এটি দেৱশিশু

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া, অসম সংবাদ: এটি কণমানি দেৱশিশু ৷ বয়স মাত্ৰ ৪ বছৰ। পখিলা খেদাৰ বয়ষতে মাতৃৰ কোলাত জীৱন জীয়াই থকাৰ সংগ্ৰাম চলায় গৈছে কণমানি দেৱশিশুটিয়ে। কাৰণ জন্মৰ পৰাই বিশেষ ভাৱে সক্ষম এই দেৱশিশুটিয়ে লৰচৰ কৰিব নোৱাৰে মূৰ আৰু হাত-ভৰি ৷ ইতিমধ্যে পিতৃ মৃদুল বৰা আৰু মাতৃ সৰস্বতী বৰাই নিজৰ একমাত্ৰ সন্তানটিক বিভিন্ন স্থানত চিকিৎসা কৰাইছে যদিও সুফল লাভ কৰা নাই। দিন হাজিৰা কৰা পিতৃ মৃদুল বৰা এতিয়া অসমৰ্থ নিজৰ একমাত্ৰ সন্তানটিক উন্নত চিকিৎসা কৰাবৰ বাবে। দুবেলা দুমুঠি ভালদৰে যোগাৰ কৰিব নোৱাৰা এই পৰিয়ালটোৰ হাতত নাই এটা ফুটাকৰিও ৷ নিজৰ সন্তানৰ ভবিষ্যতক লৈ এতিয়া দিনতে আন্ধাৰ দেখিছে পিতৃ-মাতৃয়ে ৷ অসম সংবাদৰ সাংবাদিকৰ আগত উচুপি উঠিল এই দুৰ্ভগীয়া মাতৃ গৰাকী ৷ উল্লেখ্য যে, নিজৰ কণমানি দেৱশিশুটিক কেতিয়াবা গাঁতত ভৰায় কাম কৰিবলৈ উলায় যায় দুই পিতৃ-মাতৃ ৷ এনেদৰে গাঁতৰ ভিতৰত ঘন্টা-ঘন্টা ধৰি দেহৰ আধা অংশ সোমায় থাকে কণমানি দেৱশিশুটি। নিষ্পাপ শিশুটিয়ে নিষ্ঠুৰ সময়ৰ সৈতে এনেদৰেই আগবাঢ়ি গৈছে। ইপিনে, এই দৰিদ্ৰ পৰিয়ালটোৱে শিশুটিৰ চিকিৎসাৰ বাবে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য্য ৷ তদুপৰি লাভ কৰা নাই চৰকাৰী অনাময় ,আৱাসগৃহ আৰু অন্যান্য আচনিসমূহ ৷ নিজৰ সন্তানৰ চিকিৎসাৰ বাবে ৰজা ঘৰৰ দুৱাৰে-দুৱাৰে টুকুৰিয়াই এতিয়া ভাগৰি পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো ৷ যাৰ ফলত মৰ্মাহত হৈ এতিয়াৰ পৰাই ভোট বৰ্জনৰ সিদ্ধান্ত পৰিয়ালটোৰ ৷ সমষ্টীটোৰ বিধায়ক অতুল বৰাৰ লগতে স্বাস্থ্যমন্ত্ৰীক হাতযোৰ কৰি বিচাৰিলে সহায়ৰ হাত ৷এই কঠিন পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া প্ৰয়োজন আপোনাৰ অকনমান সহায়ৰ হাত। আপোনাৰ অকনমান সহাৰিয়ে এক নতুন জীৱন দিব পৰে এই কণমানি দেৱশিশুটিক আৰু হাঁহি বিৰিঙাব পাৰে পিতৃ-মাতৃক। আপোনি যদিহে সহায় কৰিব বিচাৰে তেন্তে  অসম গ্ৰামীণ বিকাশ বেংকৰ বোকাখাত শাখাৰ আই এফ এচ ছি UTBIORRBAGB নম্বৰৰ মৃদুল বৰাৰ ৭২২৯০২৬০১৪৮৮৭ একাউন্ট নম্বৰত ধন জমা দিব পাৰিব লগতে ৯১০১১৯৯৫৪৪ নম্বৰত ফোন যোগে যোগাযোগ কৰিব পাৰিব।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …