আন্ত:ৰাষ্ট্ৰীয় কিক বক্সিঙৰ বাবে বেংককত উপস্থিত কাকপথাৰৰ সোণেশ্বৰ বৰা

কাকপথাৰৰ পৰা মিন্টু তালুকদাৰ,অসম সংবাদ:অহা ১২ মাৰ্চৰ পৰা ২২মাৰ্চলৈ থাইলেণ্ডৰ ৰাজধানী বেংককত হ’ব লগীয়া আন্ত:ৰাষ্ট্ৰীয় কিক বক্সিঙত অংশগ্ৰহণ কৰিবৰ বাবে বেংককত উপস্থিত হৈছেগৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সোণেশ্বৰ বৰাই ৷ অনূৰ্ধ্ব-৯১ কেজিত খেলিবলগীয়া খেলুৱৈ গৰাকীয়ে ২০১৭ বৰ্ষৰ ছেপ্টেম্বৰত পঞ্জাৱত অনুষ্ঠিত হোৱা তেইশ সংখ্যক ছিনিয়ৰ নেশ্যনেল কিক বক্সিঙত চেম্পিয়ন হোৱাৰ বাবে বেংককত খেলিবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছিল ৷ বৰ্তমান ২৪নং ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ বাস্কা জিলাত কৰ্মৰত সোণেশ্বৰে সৰুৰে পৰা ক্ৰীয়াৰ লগত জড়িত হৈ পৰিছিল ৷ খেলৰ জৰিয়তে বেটেলিয়নত সুযোগ পোৱা যুৱক গৰাকীৰ ক্ৰীয়া প্ৰতিভাত উৎফুল্লিত হৈ পৰিছে অসম পুলিছ তথা ২৪ নং ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ সৰ্তীথবৃন্দ ৷ সোণেশ্বৰৰ ঘৰ তিনিচুকীয়া জিলাৰ তিনি নং কাকপথাৰ তথা কাঠবস্তি নামৰ ঠাইত ৷ খেলুৱৈ গৰাকীৰ বেংককত উপস্থিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে অসম, তিনিচুকীয়া তথা কাকপথাৰবাসী ৰাইজ ৷ বিভিন্ন ছচিয়েল মাধ্যমত খেলুৱৈগৰাকীক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে শুভাকাংশীয়ে ৷ সকলোৰে এটাই আশা সোণেশ্বৰে সোণৰ পদকেৰে গৌৰব কঢ়িয়াই আনিব ভাৰতৰ্বষ তথা অসমবাসীলৈ ৷ ভাৰতীয় দলটোত অসমৰ সোণেশ্বৰ বৰাৰ উপৰিও উড়িষ্যা, দিল্লী, মহাৰাষ্ট, টেলেঙ্গনা, পশ্চিমবংগ, পণ্ডিচেৰীৰ মহিলা আৰ পুৰুষে অংশগ্ৰহণ কৰিব ৷ খেলুৱৈ সোণেশ্বৰ বৰা অবসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল বৰা আৰু প্ৰয়াত শিক্ষয়ত্ৰী বিনাপানী বৰাৰ সুযোগ্য সন্তান ৷ উল্লেখ্য যে সোণেশ্বৰ বৰা ৰাজ্যিক কিক বক্সিং সংস্থাৰ এজন সদস্য হিচাপে কাৰ্যনিবাহ কৰি আছে ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …