অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে খুমটাইৰ জিকমিকে

অসম সংবাদ,খুমটাই:গোলাঘাট জিলাৰ খুমটাই মেলামৰা সংগীত বিদ্যালয়ৰ শিশুশিল্পী জিকমিক শইকীয়া ই ২৮ জানুৱাৰী পৰা ৮ ফেব্ৰুৱাৰীলৈ উৰিষ্যা কটকত অনুষ্ঠিত গ্লৱেল থিয়েটাৰ মভমেন্টে আয়োজন কৰা সৰ্বভাৰতীয় নাটক নৃত্য, সংগীত মহোৎসৱ প্ৰতিযোগিতাত শিশুশিল্পী জিকমিক শইকীয়াক ২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ত “বালাশ্ৰী” সন্মানেৰে বিভূষিত কৰে । কনমানি জিকমিকে ৰাষ্ট্ৰীয় ভাৱে অনুষ্ঠিত নিম্ন শাখাৰ শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত “চেয়াৰমেন এৱাৰ্ড” লাভ কৰিবলৈ সক্ষম হয় । বেতিয়নি ডেকাগাওঁ জ্ঞানোদয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জিকমিক শইকীয়া সাফল্যত শিক্ষানুষ্ঠানখনত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে । খুমটাই চিনাতলিৰ জিতু শইকীয়া আৰু বৰ্ণালী শইকীয়াৰ একমাত্ৰ কণ্যা জিকমিকে সৰু পৰাই বিভিন্ন অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল । সৰ্বভাৰতীয় পৰ্যায়ত জিকমিক শইকীয়া অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে খুমটাই আঞ্চলিক সাংবাদিক সংস্থাই ভূয়সী প্ৰশংসা কৰিছে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …