মানুহ ভালপাব নোৱাৰা মানুহবোৰে কেনেকৈ কবি হ’ব পাৰে

ৰুনাল্ডো টাইদ

অধ্যয়ন বিমুখ মানুহ কেনেকৈ কবি হ’ব পাৰে
যি দৰে  পুখুৰী সাগৰ হ’ব নোৱাৰে

হৃদয়  নুবুজা  মানুহ  কেনেকৈ কবি হ’ব পাৰে 
যি দৰে অপতৃণ শইচ হ’ব নোৱাৰে

প্ৰাচীন অৰণ্যৰ যি জুখিব নোৱাৰে নিৰ্জনতা 
কেনেকৈ তেওঁ কবি হ’ব পাৰে 
থোৰ মেলা ধানৰ যি বুজিব নোৱাৰে গোপন ভাষা
কেনেকৈ তেওঁ কবি পাৰে

কবি হ’বলৈ নেলাগে ইউকেলিপ্টাছৰ ওখ ধনৰ পাহাৰ
অথবা নেলাগে কৰ্ম বিমুখ মানুহৰ বীভৎস ৰটনা

যি কথা ক’লে আনৰ মনত লাগে বেথা 
সেই কথা ক’ব নেলাগে কবিয়ে 

  যি ফুল চিঙিলে হাতত খোঁচে কাঁইটে 
সেই ফুল চিঙিব নেলাগে কবিয়ে 

যি কথা ভাবিলে আকাশ খন খহি পৰে 
সেই কথা ভাবিব নেলাগে কবিয়ে

 হাতত কলম তুলি ল’লেই কবি হ’ব নোৱাৰে 
যদিহে তেওঁৰ কলমে  কাৰোবাৰ হৃদয়ত 
কবিতা লেখিব নোৱাৰে।

হাতত কলম তুলি  ললেই কবি হ’ব নোৱাৰে 
যদিহে তেওঁ সাত শতৰুকো হৃদয়ত স্থান দি 
আপোন বুলি ভাবিব নোৱাৰে

সিংহৰ এটা 
শিয়ালৰ জাক জাক 

আকাশতকৈ যি ওখ হ’ব নোৱাৰে 
কেনেকৈ কবি হ’ব তেওঁ
সাগৰতকৈ যি গভীৰ হ’ব  
নোৱাৰে 
কেনেকৈ কবি হ’ব তেওঁ

মন্তব্য

পঢ়িব পাৰে

মৃত্যু

মনু আপোনজনৰ মৃত্যু নহয় মাথোঁ দেহা নাথাকে ধৰণীত বুকুত জ্বলে চিতাৰ অগনি কবৰস্ত হয় হৃদয়ত …