২০ এপ্ৰিলত মুক্তি লাভ কৰিব আহি আছে coming soon য়ে

কমল কুমাৰ,গুৱাহাটী: অসমীয়া চিনেমা জগতত নকৈ সংযোজন হ’ব এন বি ডি কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ব্যংগাত্মক বোলছবি “আহি আছে coming soon”৷ অসমীয়া ছৱিজগতত পৰিৱৰ্তনৰ জোঁৱাৰেৰে চিত্ৰপ্ৰেমী ৰাইজক আকৰ্ষিত কৰিবলৈ পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে সুদক্ষ পৰিচালক নিপন ধলুৱাই৷ চৰিত্ৰসমুহক ব্যংগাত্মক ৰূপত সজাই তোলা ছৱিখনত অভিনয় কৰিছে মি: ৰাজকুমাৰ, মন্মথ বৰুৱা, মিনু বণিয়া, বৈকুণ্ঠ প্ৰিন্স পাঠক, গিতালী বড়ী, সন্ধ্যা বৰুৱা, ৰাজ প্ৰতীম বৰুৱা, দেৱস্মিতা বেনাৰ্জী আদিয়ে৷ অসমৰ ভিন্ন স্থানত চিত্ৰগ্ৰহণৰ কাম সমাপ্ত কৰা ছৱিখনে চিনেমা জগতত পৰিৱৰ্তন আনিব বুলি জনপ্ৰিয় অভিনেত্ৰী মিনু বণিয়াই জানিবলৈ দিয়ে৷ ২০ এপ্ৰিলত অসমৰ ভিন্ন ছৱিগৃহত বোলছৱিখনে মুক্তি লাভ কৰিব বুলি প্ৰযোজক-পৰিচালক নিপন ধলুৱাই জানিবলৈ দিয়ে৷

মন্তব্য

পঢ়িব পাৰে

আগন্তুক নাট্যবৰ্ষত কোন তাৰকা কোন ভ্রাম্যমাণত?

চাওতে চাওতে ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবর্ষৰ যৱনিকা পৰিল। এতিয়া মাজত মাথোঁ দুমাহ বিৰতি । আকৌ …