নিয়তিৰ ওচৰত হাৰ মানিলে স্নিগ্ধৰাগে

নিউজ ডেস্ক, অসম সংবাদ: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণমাণি স্নিগ্ধৰাগ ৷ সকলোকে কন্দুৱাই সোমবাৰে নিশা সকলোৰে পৰা নীৰৱে আঁতৰি গ’ল স্নিগ্ধৰাগ ৷ নিশা গুৱাহাটীৰ প্ৰতীক্ষা হস্পিতালত মৃত্যু হয় কণমাণি স্নিগ্ধৰাগৰ ৷ শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হৈ আছিল কণমাণিটিৰ ৷ দুদিন আগতে গুৱাহাটী আহি থাকোতে বাটতে অসুস্থ হৈ পৰিছিল ৷ উল্লেখ্য এই স্নিগ্ধৰাগৰ চিকিৎসাৰ বাবে কেইমাহমান পূৰ্বে গুৱাহাটী আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে গঢ়ি তুলিছিল গুৱাহাটীত “গ্ৰীণ কৰিডৰ” ৷ স্নিগ্ধৰাগৰ মৃত্যুত ভাগি পৰিছে শুভাকাংক্ষীসকল ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …