কাজিৰঙাৰ কণমানিৰ প্ৰতিভা বিকাশৰ চেষ্টা অব্যাহত কাজিৰঙীয়ান আৰু এন আৰ এল কৰ্তৃপক্ষৰ

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া, অসম সংবাদ: কাজিৰঙাৰ এজাক কণমানিৰ সুপ্ত প্ৰতিভাক বিকাশৰ চেষ্টা অব্যাহত ৰাখিছে নুমলীগড়ৰ এন আৰ এল কৰ্তৃপক্ষই৷ কাজিৰঙাৰ বাবে এক বিশেষ দিন৷ বহুদিনীয়া এটা অভাৱ পূৰণ কৰি কাজিৰঙাত আৰম্ভ হল ফুটবল ফিডাৰ চেণ্টাৰ৷ কাজিৰঙাৰ মৈত্ৰী অনুষ্ঠান কাজিৰঙীয়ানৰ উদ্যোগত এন আৰ এল ফুটবল একাডেমীৰ পৃষ্ঠপোষকতাত কাজিৰঙা হাইস্কুল খেলপথাৰত শুভাৰম্ভ কৰা হয় ফুটবল চেণ্টাৰৰ৷ শুভাৰম্ভ কৰিয়েই এন আৰ এল ফুটবল একাডেমীয়ে অনুষ্ঠিত কৰে এক বাচনি শিবিৰৰ৷ বাচনিত উত্তীৰ্ণ হোৱা কণমানিৰ সকলো খৰচ বহন কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ দায়িত্ব লৈছে এন আৰ এল কৰ্তৃপক্ষই৷ উল্লেখ্য যে গোলাঘাট জিলাৰ মুঠ সাতটা ফিডাৰ চেণ্টাৰৰ অন্তৰ্গত কাজিৰঙা ফুটবল ফিডাৰ চেণ্টাৰত কাজিৰঙাৰ লগতে দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ মুঠ ২৪১টি কণমানিয়ে অংশগ্ৰহণ কৰে৷ কাজিৰঙাৰ কণমানিৰ প্ৰতিভাক অসমৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আপ্ৰাণ চেষ্টা কাজিৰঙীয়ানৰ লগতে এন আৰ এল কৰ্তৃপক্ষৰ ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …