বৈদেহী

ববিতা বড়া

ক্ৰিং….. ক্ৰিং….. ক্ৰিং…..
: উস! ৰাম, এই সময়ত আকৌ কোনে ফোন কৰিলে।গুণগুণাই হাত খন মচি মচি বৈদেহী পাকঘৰৰ পৰা ওলায় আহিল।ইফালে ফোনটোৱে চিঞঁৰিয়েই আছে।
: হেল্ল’
: নিমাত
: হেল্ল’ কোনে কৈছে?
কোনো সঁহাৰি নাপায় বৈদেহীয়ে ফোনটো থৈ যাবলৈ ঘূৰিছে মাত্ৰ পুনৰ এটা কৰ্কশ শব্দৰে ফোনটো বাজি উঠিল।
: হেল্ল’
: হেল্ল’ বৈদেহী
:……..
: বৈদেহী শুনিছানে মই কৈছো, মই…. অভিনৱ।
বৈদেহীৰ দেহৰ মাজেৰে এটা বিজুলীৰ সোঁতহে যেন বাগৰি গ’ল।কি এয়া, কাৰ মাত এয়া।আজি ইমান বছৰৰ পাছত অভিনৱ।হয়নে এইটো অভিৰে মাত আৰু যদি হয়, তেন্তে কিয় কৰিছে ফোন।ফোনৰ লাইনটো বিছিন্ন কৰি দিলে বৈদেহীয়ে।পুনৰ ক্ৰিং… ক্ৰিং……. ।এই শব্দটোৱে বৈদেহীৰ ভিতৰখনত হাতুৰিয়ে কোবোৱাৰ দৰে কোবাইছে।এইবাৰ তাই ৰিচিভাৰটো আঁতৰাই থ’লে ফোনটোৰ পৰা। “বৈদেহী” আস! আজি কিমান দিনৰ পাছত তাই মাতষাৰ শুনিলে, দিন নহয় বছৰ, সম্পূৰ্ণ ২০ টা বছৰৰ পাছত অভিনৱৰ মাতষাৰ শুনিলে।একেই আছে অভিনৱৰ মাতটো। কিন্তু আজি কিয় ফোন কৰিলে? ইমান বছৰৰ পাছতো কি আজিৰ দিনটো মনত আছে অভিনৱৰ, তেতিয়াহ’লে? বৈদেহী ধুপুচকৈ কাষৰ ছোফাখনত বহি পৰিল।ভেণ্টিলেটৰৰ ফাঁকেৰে সোমাই অহা এচেৰেঙা ৰ’দত জিলিকি উঠিছে অ’ত ত’ত দুই এডাল ৰূপালী ৰং লোৱা চুলি।চকু দুটা মুদি তেনেকৈয়ে পৰি ৰ’ল, যেন ভাগৰত অৱশ হৈ টোপনিহে গৈছে ৪৭ বছৰীয়া বৈদেহী।সুগঢ়ী মুখখনত চিন্তাৰ আঁক বাঁক বিদ্যমান, চকু দুটাও কিছু সোমাই গৈছে।নহ’বনো কিয়, ২০ টা বসন্ত জানো কম সময়।কেতিয়াবা বৈদেহীয়ে ভাবে দেউতাকে তাইৰ নাম বৈদেহী ঠিকেই ৰাখিছিল।তাইৰ জীৱনটোও দেখোন ৰামায়নৰ বৈদেহীৰ দৰে হ’ল।
কি হ’ল, কিয় হ’ল একো নুবুজিলে তাই, নুবুজিলে মানে বুজাৰ সময়খিনিয়ে নাপালে।ইমান কম সময়ৰ ভিতৰত ইমানবিলাক ঘটনা এনেদৰে ঘটি গ’ল যে তাই একো ততকে ধৰিব নোৱাৰিলে।কেতিয়াবা ভাবে প্ৰতিগৰাকী নাৰীয়ে একো একোগৰাকী বৈদেহী, পিছে নহয়, প্ৰতিগৰাকী নাৰীয়েই বৈদেহী হ’লে নয়নাৰ দৰে নাৰীবিলাক কি হয়? “নয়না” নামটো মনলৈ আহিলেই বৈদেহীৰ মূৰটো আচন্দ্ৰাই কৰি আহে।এনেকুৱা লাগে এগৰাকী নাৰীৰ ডাঙৰ শত্ৰু অন্য এগৰাকী নাৰীয়ে হয়।কিন্তু নয়নাৰ গাত দুখ নাই তেনেকৈ।নয়নাক এজনী দীপলিপ, ভৰযৌৱনা স্মাৰ্ট ছোৱালী হিচাপে লগ পাইছিল বৈদেহীয়ে।প্ৰথম চিনাকিতে ছোৱালীজনীৰ লগত কথা পাতি বৈদেহীয়ে ভাল পাইছিল।কিন্তু কথা পতাৰ সময়ত কেতিয়াও ভাবিব পৰা নাছিল এনেকুৱা কিবা এটা হ’বগৈ বুলি।পিছত নভবাবিলাকেই বাস্তৱ হৈ দুনয়নত ধৰা দিলেহি।
বৈদেহীয়ে প্ৰথমে বিশ্বাস কৰা নাছিল, মানে কৰিব পৰা নাছিল।পাছলৈ বিশ্বাস হৈছিল কথাবোৰ, ঘটনাবিলাকো সাধাৰণ ভাবেৰেই যেন ঘটি গৈছিল।।

ঘৰখনৰ একেজনী মাথো ছোৱালী বৈদেহী বৰ আলাসত ডাঙৰ হৈছিল।সৰুতেই মাকক হেৰুওৱা ছোৱালীজনীক দেউতাকে বৰ আতোলতোলকৈ ডাঙৰ কৰিছিল।আইতাক খুড়াকৰ চকুৰ মণি বৈদেহী মূৰত থলেও ওকণিয়ে খাব, মাটিত থলেও পৰুৱাই পাই হিচাপে ডাঙৰ হৈছিল আৰু মৰম পাই বহু পৰিমাণে সংবেদনশীল আৰু জেদী হৈ পৰিছিল।এবাৰ যিটো বস্তু লাগে বুলি ভাবে, সেই বস্তু তাই লৈহে এৰিছিল।কিন্তু তাই বৰ মৰম আকলুৱা হৈ পৰিছিল।দেউতাকেও কেতিয়াও কোনো বস্তুৰে অভাৱ পাবলৈ নিদিছিল তাইক ।ৰাজকুমাৰীৰ দৰে ডাঙৰ হোৱা বৈদেহীয়ে যেতিয়া জীৱনৰ বাইছটা বসন্ত গছকিছিল, ঠিক তেতিয়াই তাইৰ জীৱনলৈ আহিছিল অভিনৱ চৌধূৰী।বৈদেহীয়ে পঢ়া কলেজ খনৰ প্ৰবক্তা হিচাপে জইন কৰিছিল অভিনৱে আৰু ডেকা প্ৰবক্তা অভিনৱৰ চকুত পৰিছিল বৈদেহী।বৈদেহীৰ প্ৰেমত পৰি অভিনৱ একেবাৰে তাইৰ দেউতাকৰ ওচৰ পাইছিল আৰু বৈদেহীক বিয়া পাতিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।দেউতাকো মান্তি হৈছিল এই সম্বন্ধত।দুবছৰৰ প্ৰেমৰ পৰিণতি হিচাপে সিহঁত দুটাৰ বিয়া হৈছিল।বৰ ধুমধামেৰে হৈছিল বিয়াখন।কিমান যে সপোন আছিল অভিনৱক লৈ বৈদেহীৰ।বৰ ৰঙীণ আছিল দিনবোৰ সিহঁতৰ।বিয়াৰ পাছত বৈদেহী আৰু অভিনৱৰ সংসাৰখন বৰ সুখেৰে চলিছিল।বহুত মৰম দিছিল অভিনৱে বৈদেহীক আৰু বিয়াৰ কেইটামান মাহৰ পাছতেই বৈদেহী অন্তঃসত্বা হৈছিল।কিবা এটা নতুন অনুভৱে পুলকিত কৰিছিল লগতে জিলিকি উঠিছিল বৈদেহী নতুন কিবা এটা পোৱাৰ আশাৰে।
কিন্তু সময় বৰ নিষ্ঠুৰ, নিষ্ঠুৰ সময়ৰ কৰঘাটত হয়তো সকলোৰে সপোনবোৰ থানবান হয়।জীৱন ৰথৰ চকাটো ঘূৰি ঘূৰি বৈদেহীৰ জীৱনলৈও নামি আহিল এচমকা কলীয়া ডাৱৰ।দুমাহ অন্তঃসত্বা বৈদেহী এদিন অসাৱধানবশতঃ চিৰিৰ পৰা পিছলি পৰিছিল আৰু তাৰ ফলত তাইৰ ভিতৰৰ দুমহীয়া ভ্ৰূণটো নষ্ট হৈ গৈছিল, লগতে তাই মুখামুখি হৈছিল এটা নিষ্ঠুৰ বাস্তৱৰ – “বৈদেহী আৰু কোনোদিনে মা হ’ব নোৱাৰিব “। ভাগি পৰিছিল বৈদেহী মানসিকভাৱে, কিন্তু অভিনৱৰ মৰমে তাইক প্ৰতি পলকতে আৱৰি ৰাখিছিল।হৈ যোৱা কথা বিলাক ভাবিবলৈ অলপো সুবিধা দিয়া নাছিল।আৰু তাই নিজেও ব্যস্ত হৈ পৰিছিল নিজৰ লিখা মেলাত।বহুত সৰুৰে পৰা লিখা মেলা কৰা বৈদেহীৰ লেখা প্ৰায় ওলায় থাকিছিল কাকত আলোচনী বিলাকত, আৰু সাহিত্য জগত খনত বৈদেহী এটা চিনাকি নাম হৈ পৰিছিল।আৰু তাই ব্যস্ততাৰ লগত অভিনৱক লৈ পাহৰি যাবলৈ বিচাৰিছিল তাইৰ দুখবোৰ।কিন্তু….
সময়ে কেতিয়াবা মানুহৰ লগত জীৱনৰ লগত প্ৰতাৰণা কৰে আৰু এনেকুৱা সময় বিলাকতে বিশ্বাসেও প্ৰবঞ্চনা কৰে।বৈদেহীয়ে দুখৰ মাজতে নিজৰ কৰ্মৰে নিজক সুখী কৰিবলৈ বিচাৰিছিল, সুখী হ’বও পাৰিছিল কিছু পৰিমাণে।কিন্তু যিখন দেশত ৰাৱনৰ দৰে ৰাক্ষস থাকে, যিখন দেশত শূপৰ্ণখাৰ দৰে লোক থাকে, সেইখন দেশত বৈদেহীৰ অৱস্থাইবা কি হ’ব পাৰে।নয়নাৰ দৰে শূপৰ্ণখাই ৰামক বিচাৰিলে কলিযুগৰ ৰামে কি কৰিব পাৰে।হয়তো অভিনৱৰ কথা তেনেকৈয়ে ভাবিব পাৰি, কাৰণ অভিনৱ কোনো অৱতাৰি পুৰুষ নহয়, ভগৱান নহয়।অভিনৱ অভিনৱেই, এজন তেজ মঙহৰ মানুহ ।বৈদেহীৰ ওচৰত সকলো পায়ো আকৃষ্ট হৈছিল নয়নাৰ প্ৰতি।প্ৰথমে বন্ধু, তাৰ পিছত বৈদেহীৰ চকুত ধূলি – “মোৰ অফিচত কাম, দুপৰীয়া ভাত খাবলৈ যাব নোৱাৰিম” । কেতিয়াবা আকৌ – “আজি ৰাতি মোৰ দেৰি হ’ব, মোলৈ ৰৈ থাকিব নালাগে।”বেচেৰী বৈদেহী, নিৰ্বিবাদে সহি যায় সকলো।এয়া নেকি নাৰীৰ জীৱন, ৰামায়মক সীতা, দ্বাপৰত পাঞ্চালী আৰু যুগ যুগ ধৰি সহি যোৱাটোৱেই যেন নাৰীৰ কাম, যেনেকৈ সমগ্ৰ জনগনৰ পাপ পূণ্যৰ ভাৰ বহন কৰাটোৱেই আই বসুমতীৰ কাম।
সহিলে বৈদেহীয়ে, কিন্তু এই সহনশীলতাৰ সুযোগ লৈ এটা অজুহাত –
: বৈদেহী মোক এটা সন্তান লাগে, এনেকৈ মই আৰু নোৱাৰো।
এটা অবান্তৰ কথা অভিনৱৰ ।অথচ অভিনৱে জানে এইটো বৈদেহীৰ পক্ষে কেতিয়াও সম্ভৱ নহয়।বহুত কান্দিলে বৈদেহীয়ে অভিনৱৰ ওচৰত, কাকূতি কৰিলে, কিন্তু জয়দেউ কাকূতিৰেও বৈদেহীয়ে অভিনৱৰ হৃদয় গলাব নোৱাৰিলে।বৈদেহীক সম্পূৰ্ণ উপেক্ষা কৰি তাইৰ সন্মুখতে চলাই গ’ল নয়নাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক।একো মাতিব নোৱাৰিলে বৈদেহীয়ে, মাথো নীৰৱে উচুপিলে।কোনেও নাজানিলে, মাথো সাক্ষী হৈ ৰ’ল উজাগৰী নিশাবোৰ।কেতিয়াবা বহুত ৰাতি সোমাইহি অভিনৱ, যেতিয়া আহে জৱৰদস্তি কাঢ়ি লয় বৈদেহীৰ দেহৰ ৰস, কেতিয়াবা নাহেই আৰু কেতিয়াবা লগত লৈ আহে নয়নাক।এটা কোঠাত বৈদেহী চটফটাই থাকে আৰু বেৰখনৰ ইটো পাৰে দুটা নগ্ন শৰীৰ আদিম আনন্দত মছগুল হৈ পৰে।সিটো পাৰৰ ঘন ঘন নিশ্বাসৰ শব্দই বৈদেহীৰ কাণত বিষাদ যন্ত্ৰনাৰ কাঁহ হৈ বাজে।সহি যায় বৈদেহীয়ে সকলো।কিন্তু কিমান দিন…..
সহ্যৰো এটা সীমা থাকে, কিমান ভাৰ সহিব পাৰে এগৰাকী তেজ মঙহৰ নাৰীয়ে।ত্ৰেতা যুগত মানৱীৰূপী বৈদেহীয়েও সহন ক্ষমতা হেৰুৱাই ফাট মেলা বসুমতী পাতালে লুকাওঁ বুলি কৈছিল।নিৰৱচ্ছিন্ন শান্ত সৌম্য নদীয়েও কেতিয়াবা বিপৰ্যয় মূৰ্তি ধাৰণ কৰে, তেনেস্থলত আমাৰ বৈদেহীৰ সহ্য আৰু কিমান দিন।দুখৰ নদীত থেকেচা বেঙেনা খাই থকা বৈদেহীয়ে অকস্মাতে লগ পাইছিল বিখ্যাত কবি সাহিত্যিক বিবেক হাজৰিকাক।ভাল বন্ধুত্ব হৈছিল দুয়োজনৰ মাজত।মাজে মাজে বিবেক আহিছিল বৈদেহীৰ ওচৰলৈ আৰু উৎসাহ দিছিল তাইক লেখা মেলা বিলাক কৰি যাবলৈ।সিহঁতৰ এই বন্ধুত্ব কিন্তু অভিনৱে সহ্য কৰিব পৰা নাছিল, সেয়ে বাৰে বাৰে কথাই কথাই কাজিয়া লাগিছিল বৈদেহীৰ লগত।আচলতে এইবিলাকো যেন এটা এটা অজুহাতহে আছিল বৈদেহীৰ পৰা আঁতৰ হ’বলৈ।
বৈদেহীৰ প্ৰতি অভিনৱৰ হৃদয়ত সন্দেহৰ শিপাই পোখা মেলিছিল আৰু তাত সাৰ পানী যোগাইছিল শূপৰ্ণখাৰূপী নয়নাই।সেই সন্দেহ বাঢ়ি বাঢ়ি এদিন চুড়ান্ত পয্যায় পাইছিলগৈ আৰু ঠিক তেনেকুৱা এটা দিনতে অভিনৱে গৈ দেখিছিল বৈদেহীয়ে কান্দি আছে আৰু বিবেকে তাৰ দুখন হাতৰ মাজত বৈদেহীৰ হাত এখন লৈ কিবা এটা বুজাই আছে।তেতিয়াই অভিনৱে একো কোৱা নাছিল, ৰাতিলৈ দুয়োটাৰ মাজত দুৰ্ঘোৰ কাজিয়া হৈছিল।প্ৰকৃততে বিবেক আৰু বৈদেহীৰ মাজত বন্ধুত্বৰ বাহিৰে বেলেগ একো সম্পৰ্ক নাছিল, এই কথা বহু আগতেই তাই অভিনৱক বহুত বাৰ কৈছিল।কিন্তু সেইদিনা একো নক’লে।বৰঞ্চ ক’লে
: তোমাৰ যদি নয়নাৰ লগত ঘূৰা ফুৰাত অধিকাৰ আছে, মোৰ বিবেকৰ লগত ঘূৰাত তোমাৰ আপত্তি কিয়?
বৈদেহীৰ প্ৰশ্নত একো নকৈ অভিনৱে বস্তু বোৰ সামৰিবলৈ ধৰিছিল আৰু বৈদেহীয়ে বিছনাত বহি নিশ্চুপ হৈ চাই ৰৈছিল।একো কোৱা নাছিল তাই, ক’ব পৰাও নাছিল, খং, অভিমান, ঘৃণাত তাই অস্থিৰ হৈ পৰিছিল।নিজৰ বয়বস্তু লৈ অভিনৱ ঘৰৰ পৰা ওলায় গৈছিল । মাথো কৈ গৈছিল –
: মই নয়নাৰ ওচৰলৈ যাওঁ।তুমি তোমাৰ ভাগে থাকা, তোমাৰ ওপৰত মোৰ আৰু অলপো বিশ্বাস নাই।আৰু আমনি নকৰো তোমাক।ইচ্ছা কৰিলে তুমি বিবেকৰ লগতো থাকিব পাৰা।মোৰ একো আপত্তি নাই।
বেজীয়ে বিন্ধাৰ দৰে বিন্ধিছিল কথাকেইষাৰে বৈদেহীক।অভিনৱ ওলায় গৈছিল ৰামে সীতাক বনবাস দিয়াৰ দৰে এৰি।আৰু বৈদেহী… স্থানুৰ দৰে স্থবিৰ হৈ পৰিছিল।পুনৰ ক’ৰবাৰ পৰা জেদী মনটোৱে আহি অভিনৱক বাধা দিয়াৰ পৰা তাইক বিৰত ৰাখিছিল।অভিনৱ গুচি গৈছিল।
:বাইদেউ, পানী দিলো গা ধোৱা ঘৰত।কি হ’ল বাইদেউ, ইমান সময়ে চিঞঁৰি আছো, আপুনি মাত দিয়া নাই যে।
মীনাৰ মাতত বাস্তৱলৈ ঘূৰি আহিল বৈদেহী।কিমান সময় যে তাই তেনেকৈয়ে বহি থাকিল।
সুদীৰ্ঘ ২০ বছৰৰ পাছত অভিনৱৰ মাতটোৱে পুনৰ জোকাৰি গ’ল তাইক।আজি আহিব নেকি বাৰু অভিনৱ? যদি আহে কি কৰিব বাৰু তাই।কেনেকোৱা বাৰু হ’ল, তাইৰ দৰে তাৰো হয়তো চুলিয়ে ৰূপোৱালী ৰং লৈছে।আজি ২০ টা বছৰে এটা সন্তানৰ পিতৃ হৈ নয়নাৰ লগতে আছে, অথচ বৈদেহীৰ লগত বিবাহ বিচ্ছেদো হোৱা নাই আইনগত ভাবে।তেন্তে আজি কিয় অভিনৱৰ মনত পৰিল বৈদেহীলৈ।এতিয়া জানো আহি কিবা লাভ আছে।হ’লেও যেন বৈদেহীয়ে বিচাৰিছে অভিনৱ আজি আহক।
বৈদেহীৰ জীৱনত এতিয়া আৰু অভিনৱৰ কোনো প্ৰয়োজন নাই।বাকী থকা দিনকেইটাও তাই এনেদৰেই আগবাঢ়ি যাব।তাই ভিতৰলৈ গ’ল, আলমিৰাটোৰ পৰা বটলগ্ৰীণৰ পাটৰ শাড়ীখন উলিয়ালে, যিখন ২০ বছৰৰ আগতে আজি দিনটোতে অভিনৱে দিছিল তাইক । আজি তাই এইখন পিন্ধিব, কাৰণ মনটোৱে কৈছে আজি অভিনৱ আহিব।কিন্তু আজি আৰু মনটোক দুৰ্বল হবলৈ দিব নোৱাৰি, সেয়ে লগত উলিয়ালে বিবাহ বিচ্ছেদৰ কাগজখন।অভিনৱে বিচাৰিলেও তাই নিবিচাৰে এতিয়া অভিনৱৰ সৈতে এক হ’বলৈ।তাই বৈদেহী, কলিযুগৰ বৈদেহী আৰু সদায় বৈদেহী হৈ ৰ’ব।।

মন্তব্য

পঢ়িব পাৰে

দাঁত

?প্ৰাঞ্জল দলৈ ৰাভা জনজাতিৰ ছোৱালী এজনীক বিয়া কৰাম বুলি ভাবি ঠাট্টাৰ সন্মুখীন হৈছে টোপাল কলিতা। …