নুমলীগড়ত জিলা প্ৰশাসন আৰু বন বিভাগৰ অভিযান : এক্সাভেটৰ লৈ ভাঙিল নুমলীগড় শোধনাগাৰ পকী দেৱাল

অসম সংবাদ, নুমলীগড় : হাতীৰ কৰিডৰত এন আৰ এলয়ে নিৰ্মাণ কৰা বিতৰ্কিত সু উচ্চ পকী বেৰাত এক্সাভেটৰৰ কোব।সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসন আৰু বন বিভাগে আজি নুমলীগড় শোধনাগাৰে বন্যহস্তীৰ কৰিডৰত অবৈধ ভাবে নিৰ্মাণ কৰা পকী দেৱাল খন ভাঙি বেদখল মুক্ত কৰে। উল্লেখযোগ্য যে ২০১৪ চনৰ ২৪ আগষ্ট তাৰিখে সেউজ ন্যায়াধীকৰণে গোলাঘাট জিলাৰ প্ৰশাসনক দেওপাহাৰ সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰিবৰ বাবে ৰায় দিছিল।দীৰ্ঘদিনীয়া জৰীপৰ অন্তত আজি জিলা প্ৰশাসন আৰু বন বিভাগে এক্সাভেটৰ লৈ নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰা পকী দেৱাল খন ভাঙি পেলায়।দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় এক হেক্টৰ ভূমি আজি বেদখল মুক্ত কৰা হয়। আজিৰ এই অভিযানত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত, জিলা বন বিষয়া, বোকাখাত ৰাজহ চক্ৰ বিষয়া উপস্থিত থাকে।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …