ডিগবৈত সপ্তম শ্ৰেণীৰ ছাত্রী সন্ধানহীন

অসম সংবাদ,ডিগবৈ: তিনিচুকীয়া জিলাৰ ডিগবৈ থানা অন্তৰ্গত আৰ.জী.ৰোডৰ নিবাসী বাবু আহমেদৰ সপ্তম শ্ৰেণীত পঢ়ি থকা ১২ বছৰীয়া কন্যা ৰুকসাৰ বেগম যোৱা ১১ মাৰ্চত সন্ধিয়া প্ৰায় ৫ মান বজাত নিজৰ ঘৰৰ বাহিৰত খেলি থকা অৱস্থাত হঠাৎ নিখোজ হয়। বহু সময় লৈকে কিশোগৰাকীৰ মাত-কথা ঘৰৰ পৰিয়ালে নুশুনি বিচৰা আৰম্ভ কৰে। তথাপিও কোনো খবৰ নোপোৱাত কিশো গৰাকীৰ সন্ধানত পৰিয়াল বৰ্গ নামি পৰে। প্ৰায় ২ ঘণ্টা অধিক সময় ধৰি পিতৃ -মাতৃ তথা পৰিয়াল লোকে কোনো সন্ধান নোপোৱাত অৱশেষত আৰক্ষীৰ থানাত নিখোজ হোৱাৰ সমগ্ৰ বিষয়টো অৱগত কৰে। এই সম্পৰ্কত স্থানীয় কেইজনমান ব্যক্তিযে ১নং বৰবিলৰ কনকলতা পথৰ নিবাসী মণি দে নামৰ মহিলা গৰাকীৰ ঘৰত বাস কৰা প্ৰায় ১৮ বছৰীয়া চনো নামৰ যুৱক জনৰ সৈতে কিশোৰী গৰাকীয়ে কথা পাতি থকা দেখা পাইছিল বুলি কিশোৰী গৰাকীৰ পৰিয়ালক স্থানীয় কেইজনমান ব্যক্তিয়ে জানিবলৈ দিয়ে। সময় নষ্ট নকৰি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে মহিলাৰ ঘৰত উপস্থিত হৈ মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ চনো নামৰ যুৱক জনৰ বিষয় সুধাত যুৱক জনক ৪দিন মান পূৰ্বে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে বুলি মহিলা গৰাকী জানিবলৈ দিয়ে। মণি দে নামৰ মহিলা গৰাকীৰ ছাল চলন সন্দেহ হোৱাত মহিলা গৰাকীৰ ওপৰত চোকা নজৰ ৰাখে। আজি ৰাতিপুৱা প্ৰায় ৬ মান বজাত পুনৰ মহিলা গৰাকীৰ ঘৰলৈ গৈ মহিলাগৰাকীক নেদেখি তেওঁলোক চিন্তিত হৈ পৰে। কিশোৰী গৰাকীৰ লগতে সন্দেহ হোৱা মহিলা গৰাকীৰ সন্ধানত নামি পাৰে। তাৰ কিছু সময়ৰ পিছতে বগাপানী অভিমুখে খৰ-ধৰ কৈ গৈ থকা অৱস্থাত মহিলা গৰাকীক দেখা পায় আগছি ধৰে। তেতিয়া মহিলা গৰাকীক কলৈ গৈ আছে বুলি প্রশ্ন কৰাত গ্ৰহণ যোগ্য উত্তৰ দিব নোৱাৰাত মহিলা গৰাকীক পৰিয়াল লোকে ধৰি আনি ডিগবৈ থানাত চমজাই দিয়ে। কিশোৰী গৰাকীৰ বিষয় অধিক তথ্য লাভৰ বাবে সোধ পোছ কৰাৰ লগতে মহিলা গৰাকীৰ মোবাইল টো পৰীক্ষা কৰাত মহিলা গৰাকীৰ নিজৰেই বিভিন্ন অশ্লীল ফটো আৰু ভিডিও দেখা পোৱাৰ লগতে তেওঁৰ মোবাইল ফোনৰ ইনবক্সত বিভিন্ন সময়ত বহু হাজাৰ টকা সোমোৱা মেচেজ দেখিবলৈ পোৱা গল। এনে বহু তথ্যই মহিলা গৰাকীয়ে বিভিন্ন অসামাজিক কাৰ্য লগত জড়িত থকাৰ লগতে অপহৰণ কাৰ্যৰ লগত জড়িত বুলি কিশোৰী গৰাকী পৰিয়ালে সাংবাদিক তথা আৰক্ষীক জানিবলৈ দিয়ে। মহিলা গৰাকীক এই সমগ্ৰ বিষয় সন্দৰ্ভত সুধাত কৌশলেৰে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা চলাই। পৰিয়ালৰ লগতে সচেতন নাগৰিকে সমগ্ৰ বিষয় টো আৰক্ষীয়ে যদি আন্তৰিকতাৰে অনুসন্ধানত নামি পৰে আৰু মহিলাৰ গৰাকীক অধিক জেৰা কৰাৰ লগতে মোবাইল ফোন টো জব্দ কৰি পৰীক্ষা কৰে তেন্তে কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে মহিলা গৰাকীৰ লগত কোন কোন আছে অপৰাধ কাৰ্য লগত জড়িত বহুতো তথ্য লাভ কৰাৰ লগতে বহুতকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি মন্তব্য প্ৰকাশ কৰে।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …