বোধিদ্ৰুমৰ ছাঁ

 দিপালীমা দত্ত

 

আঃ !!!!!
এতিয়াই আহি যেন গ্ৰাস কৰিব
এক কাল অমানিশা

শূন্যতাৰ মাজত ঠন ধৰি উঠা
মানুহৰ অৰ্থ – অনৰ্থৰ
বিষাদ
স্পৰ্শাতীত !!!!!!
মৰিশালিৰ জুইত
সমাধিস্থ

জীৱনৰ অৰ্থ
মানৱতা চোন এধানিওঁ নাই

এতিয়া আপোন মনে
নিতাল মাৰিছে সাঁচিপাতৰ চমকনি

এজোপা বোধিদ্ৰুমৰ পৰা
তিলমানো যদি পায়
এধানি শীতল বা
শান্তিৰ হীমাল ছাঁ !!!!!

মন্তব্য

পঢ়িব পাৰে

অনুভৱ

মহিবুল মণ্ডল ডেউকাত সোনালী পোহৰ সানি উৰিছিল এক দূৰন্ত বালিকা মোৰ নীল আকাশত।। উজান দিছিল …