কলা কচুৰ ঠাৰিৰ সৈতে শুকান ইলিছ মাছ

নাৰজিমা চৌধুৰী :

 প্ৰথমে কলা কচুৰ ঠাৰিবোৰ সৰু সৰুকৈ কুটি ধুই বাচন এটাত থৈ দিব। মাছখিনিও একেধৰনেৰে ধুই লৈ, কেৰহিত তেল গৰম কৰি , ফুৰন আৰু পিয়াঁজ দি অলপ সময় ভাজি লৱ। পিয়াঁজৰ ৰং অলপ ৰঙা হলে তাত আদা,নহৰু দিব । হালধি,জিৰা, ধুনীযা গুৰি দিব। তাৰ পিছত শুকান মাছখিনি দিব আৰু নিমখ দি অলপমান ভাজি লব। তাৰ পিছত অকমান পানী দি ৰান্ধী লব। পানী শুকালে তাত কুটি ৰখা কচুখিনি দি কম জুইত ভাজি লব।
10 মিনিট পিছত জুই নুমুৱাই দি পৰিবেশন কৰিব পৰিব।

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …