ৰাজ্যৰ বাজেট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক নেতা অখিল গগৈৰ

অসম সংবাদ,গোলাঘাট:২০১৮-১৯ বৰ্ষৰ বাজেট সম্পৰ্কত কৃষক নেতা অখিল গগৈয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । মংগল বাৰে গোলাঘাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে কৃষক নেতা জনে।২০১৮-১৯ বৰ্ষৰ বাজেটক পূৰ্বৰ বাজেটৰ ফটোষ্টেট কপি আখ্যা দিলে অখিল গগৈয়ে । নিৰ্বাচনৰ সময়ত ২৬ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব বুলিও প্ৰশ্ন কৰে মূখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক । মূল্যবৃদ্ধি ৰোধৰ বাবে বাজেটত কোনো কথা কোৱা হোৱা নাই । অন্যান্য বিভাগৰ তুলনাত বিত্তমন্ত্ৰীয়ে নিজৰ শিক্ষা বিভাগত সৰ্বাধিক পুঁজি ধাৰ্য কৰিছে । এইখন ৰাইজৰ বাজেট নহয়,পঞ্চায়ত নিৰ্বাচনৰ টোপ বুলি  চৰম কটাক্ষ অখিল গগৈৰ । কংগ্ৰেছৰ পদাংক অনুসৰণ কৰি বিজেপিয়ে চাহ বাগিচাৰ চৰ্দাৰক স্মাৰ্ট ফোন দিয়াৰ দৰে সিদ্ধান্ত লৈছে । স্মাৰ্ট ফোন দিলে কেনেকৈ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু মাটিৰ পট্টা লাভ কৰিব বুলিও প্ৰশ্ন অখিল গগৈৰ । ভোটবেংকৰ স্বাৰ্থত প্ৰস্তুত কৰা বাজেট খন মানুহক দেখুৱাবলৈ দিয়া চমক বুলিও অভিহিত কৰে অখিলে । জলসিঞ্চন,নিবনুৱা সমস্যা সমাধান ,বানপানী,গৰা খহনীয়া ৰোধ আদি জ্বলন্ত সমস্যাই বাজেটত বিশেষ ঠাই নাপালে বুলিও কটাক্ষ কৰে চৰকাৰক ।আনফালে কাজিৰঙাত চৰকাৰী ভাৱে অৰ্কিড উদ্যান নিৰ্মাণ কৰিবলৈ লোৱা বিষয়টো হাস্যকৰ বুলি কয় অখিলে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …