গোলাঘাটত সাংবাদিকৰ সন্মুখত নিলৰ্জ স্বীকাৰোক্তি শিক্ষক : “মই আজিৰ পৰা মদ্যপান কৰি স্কুললৈ নাহো “

অসম সংবাদ,গোলাঘাট:গুণোৎসৱত এ গ্ৰেড প্ৰাপ্ত  বিদ্যালয়ত মদাহী শিক্ষকৰ নিলৰ্জ স্বীকাৰোক্তি । ” মই আজিৰ পৰা মদ্যপান কৰি স্কুললৈ নাহো “। হয় মই মদ খাই আহিছো । এই স্বীকাৰোক্তি গোলাঘাটৰ আঠখেলীয়া হাইস্কুলৰ সহকাৰী শিক্ষক জোনাৰাম গগৈৰ ।গোলাঘাটৰ আঠখেলীয়া হাইস্কুলৰ সহকাৰী শিক্ষক জোনাৰাম গগৈয়ে নিতৌ অত্যাধিক মদ্যপান কৰি বিদ্যালয়লৈ যায়।মঙ্গল বাৰেও মদ্যপান কৰি আহিছিল শিক্ষক জনে । কেমেৰাৰ সন্মুখত শিক্ষক জনৰ নিলৰ্জ স্বীকাৰোক্তি”” হয় মই স্কুললৈ মদ খাই আহো । আজিৰ পৰা এই কাৰ্য নকৰো “। কোটৰ জেপত পানীৰ বটলত মদ মিহলাই স্কুললৈ যায় এই জন শিক্ষকে । মঙ্গল বাৰে এঘণ্টাৰ ভিতৰত বিদ্যালয়ত তিনিটাকৈ শ্ৰেণীত পাঠ দান কৰে এই জন স্মাৰ্ট শিক্ষকে । শিক্ষক কম আছিল সেয়ে এঘণ্টাতে তিনিটা ক্লাছ কৰা বুলি জনালে মদাহী শিক্ষক জোনাৰাম গগৈয়ে ।বিদ্যালয় খনৰ প্ৰধান শিক্ষক পৰিচালনা সমিতিয়ে গোলাঘাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকক কেইবা বাৰো লিখিত ভাবে অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । প্ৰধান শিক্ষকৰ দাবী শৈক্ষিক পৰিবেশ বিনষ্ট কৰা এনে শিক্ষকক বদলি কৰিব লাগে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …