দক্ষিণ লামডিং পঞ্চায়তত পঞ্চায়তকৰ্মীৰ অনশন ধৰ্মঘট

অসম সংবাদ,লামডিং:অৱশেষত বিজেপি চৰকাৰৰ প্ৰতিনিধি দক্ষিন লামডিং পঞ্চায়তে চৰকাৰৰ বিৰুদ্ধে অনশন ধৰ্মঘট ত নামিছে ৷ মঙ্গলবাৰে দক্ষিণ লামডিং গাঁও পঞ্চায়ত কাৰ্যালয়ত চৰকাৰ বিভিন্ন আঁচনি ৰূপায়নৰ ধন মুকলি কৰি নিদিয়াৰ বাবে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে এই অনশন ধৰ্মঘট কৰে। হঠাৎ সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দক্ষিণ লামডিং পঞ্চায়তৰ সদস্য আৰু প্ৰতিনিধিয়ে চৰকাৰৰ পৰা কোনো সামগ্ৰী নোপোৱাৰ অভিযোগ তুলি এনে প্ৰতিবাদত সকলক আচৰিত কৰি তুলিছে। এমৰেগা আচঁনি নামত এতিয়ালৈকে পথ মেৰামতি বাবে চৰকাৰে কোনো সামগ্ৰী যোগান ধৰা নাই ৷ ইয়াৰ উপৰিও পঞ্চায়তৰ কৰ্মচাৰী সকলৰ মাহিলি বেতন আজি ৫টা বছৰে নোপোৱাৰো ক্ষোভ জনাইছে প্ৰতিবাদ কৰি সকলে। আশৰ্য্যজনক কথা যে দক্ষিন লামডিং গাওঁ পঞ্চায়ত লামডিং ১০ বছৰ বিজেপি দখলত আছিল যদিও আজি হঠাৎতে নিজৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সকলো দুৰ্নীতি গাপ দিয়া চেষ্টা চলাইছে নে। পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া হব লক্ষণীয়।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …