সদ্য ঘোষিত বাজেটত শিৱসাগৰবাসীৰ বাবে সুখবৰ: নগৰ উন্নয়নৰ বাবে নিৰ্ধাৰণ ১০০ কোটি টকা 

অসম সংবাদ শিৱসাগৰ: অসম চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে কালি দাখিল কৰা বাজেটত আশাৰ বতৰা কঢ়িয়াই আনিছে শিৱসাগৰ নগৰলৈ৷ এই বাজেটত শিৱসাগৰ নগৰ উন্নয়ন শিতানলৈ ধাৰ্য কৰা হৈছে ১০০ কোটি টকা। বহু পুৰণি নগৰ শিৱসাগৰ বহু সমস্যাৰে জৰ্জৰিত। নলা-নৰ্দমা, বাট-পথ, উন্নত বজাৰ-সমাৰ আদি বহু অভাৱত আক্ৰান্ত এই নগৰ খনলৈ বাজেট ঘোষণাই বহু সকাহ দিছে। বাজেট ঘোষণাক কেন্দ্ৰ কৰি উৎসাহিত হৈছে শিৱসাগৰ পৌৰসভা। শিৱসাগৰ পৌৰ সভাই এই পুঁজিৰ জৰিয়তে বহু প্ৰাথমিক সমস্যা সমাধান কৰিব পাৰিব বুলি আজি পৌৰপতিৰ কক্ষত অনুষ্ঠিত এক সংবাদ মেলত পৌৰপতি গৰাকীয়ে উল্লেখ কৰে৷ যোৰহাট লোকসভাৰ সাংসদ গৰাকীৰ প্ৰচেষ্টাতে এই পুঁজিয়ে বাজেটত ঠাই পালে বুলি পৌৰপতি মৃদুস্মিতা সিন্‌হাই সংবাদমেল যোগে জানিবলৈ দিছে। এই পুঁজিৰ দ্বাৰা এজাক বৰষুণত বুৰ যোৱা শিৱসাগৰ নগৰৰ নলা-নৰ্দমা নিৰ্মাণৰ লগতে শোচনীয় বাট-পথ নিৰ্মাণ কৰা হ’ব বুলিও পৌৰপতি গৰাকীয়ে ব্যক্ত কৰে৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …