নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ১

অসম সংবাদ,নলবাৰী: নলবাৰীৰ সুৰাদীত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি আবেলি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। জানিব পৰামতে এখন ৰৈ থকা এক্সেভেটৰত এ এছ ১৪এইছ ২৬৬৭নম্বৰৰ তীব্ৰবেগী গ্লেমাৰ মটৰ চাইকেলখনে খুন্দা মাৰে। ফলত মটৰ চাইকেল আৰোহী ৰোহিজ আলী (২৫)ৰ থিতাতে মৃত্যু হয়। আনজন আৰোহী ৰুবুল আলী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নিহত ৰোহিজৰ ঘৰ নলবাৰী চহৰৰ মিলনপুৰত আৰু আহত ৰুবুলৰ ঘৰ নলবাৰীৰ বলাকুছিত বুলি জনা গৈছে।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …