নগাঁৱত নকল সোণসহ আটক এজন

অসম সংবাদ,বেবেজীয়া:নগাঁও টাউন আৰক্ষীৰ অভিযানত আজি ৩০০ গ্ৰাম সোণসহ আটক কৰা হ’ল এটা প্ৰৱঞ্চকক। ধৃত প্ৰৱঞ্চকটো ৰূপহী চাইদৰীয়া নিৱাসী আব্দুল আজিদৰ পুত্ৰ আটাউৰ ৰহমান বুলি জানিব পৰা গৈছে। মঙলবাৰে নকল সোণ বিক্ৰী কৰিবলৈ আনোতেই এক বিশেষ সূত্ৰৰ পম খেদি টাউন শাখাৰ আৰক্ষীয়ে মৰিগাঁও বাছ আস্থানৰ সমীপৰ পৰা আটক কৰে প্ৰৱঞ্চকটোক। অৱশ্যে, নকল সোণখিনী কাক বিক্ৰী কৰিবলৈ আনিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমান নগাঁও সদৰ থানাত মাৰথান জেৰা চলাই আছে প্ৰৱঞ্চকটোক।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …