ব’হাগ বিহুত কোন শিল্পীৰ কিমান মাননি ?

বিক্ৰম ৰঞ্জন ৰয়, আউটপুট এডিটৰ,
অসম সংবাদ

চাওঁতে চাওঁতে ব’হাগ বিহু পালেহিয়েই ৷ মঞ্চত গীত পৰিৱেশনৰ বাবে ইতিমধ্যে টঙালী বান্ধিলে অসমৰ জনপ্ৰিয় গায়ক-গায়িকাসকলে ৷ কোন শিল্পীয়ে কিমান মাননিৰ বিনিময়ত গীত পৰিৱেশন কৰিব জানো আঁহক ৷

জুবিন গাৰ্গ
অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীয়ে হ’ল জুবিন গাৰ্গ ৷ প্ৰতিখন বিহু কমিটিয়ে বিচাৰে জুবিন গাৰ্গক ৷ এইবাৰ ব’হাগত জুবিন গাৰ্গৰ মাননি হ’ল ৫.৭৫ লাখৰ পৰা ৬ লাখ ৷

কুসুম কৈলাস
অসমৰ সংগীত জগতত ৰেপ সংগীত আনি জনপ্ৰিয় হোৱা শিল্পী কুসুম কৈলাসৰ মাননি এইবাৰ ৩.৫০ লাখ ৷

নীল আকাশ
কেবাটাও জনপ্ৰিয় গীত উপহাৰ দিয়া নীল আকাশক বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে আনিব লগা হ’লে বিহু কমিটিৰ খৰছ হ’ব ৩.৫০ লাখ টকা ৷

কৃষ্ণমণি চুতীয়া
কৃষ্ণমণি চুতীয়াৰ এইবাৰ মাননি হ’ল ২.৮০ লাখৰ পৰা ৩ লাখ ৷

ভৃগু কাশ্যপ
অসমৰ আন এজন জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ মাননি হ’ল ৩.৫০ লাখৰ পৰা ৪ লাখ টকা ৷

বাবু
বাবুৰ প্ৰতিখন মঞ্চত মাননি হ’ল ২.৫০ লাখৰ পৰা ৩.৫০ লাখ টকা ৷

দিক্ষু
কণ্ঠশিল্পী দিক্ষুৰ মাননি হ’ল প্ৰতিখন মঞ্চত ২.২০ লাখৰ পৰা ৩ লাখ টকা ৷

সীমান্ত শেখৰ
আন এজন জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ মাননি হ’ল ২ লাখৰ পৰা ৩ লাখ টকা ৷

বৰণ বিকাশ
কন্ঠশিল্পী বৰণ বিকাশৰ মাননি গুৱাহাটীৰ ভিতৰত ১ লাখ আৰু গুৱাহাটীৰ বাহিৰত ১.৫০ লাখ টকা ৷

একেদৰে মন্টুমণিৰ ১.৮০ লাখৰ পৰা ২.২০ লাখ, ৰূপম ভূঞাৰ ১.২০ লাখৰ পৰা ১.৬০ লাখ, বিপিন চাউদাঙৰ ১.৫০ লাখ, বিদ্যাসাগৰৰ ১ লাখৰ পৰা ১.৫০ লাখৰ ভিতৰত মাননি সীমাৱদ্ধ থাকিব ৷

পিছপৰি থকা নাই গায়িকাসকলো

প্ৰিয়ংকা ভৰালী
জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ মাননি ৩.৫০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

জুবলী বৰুৱা
আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ মাননি ৩ লাখৰ পৰা ৩.৫০ লাখৰ ভিতৰত সীমাৱদ্ধ থাকিব বুলি জানিব পৰা গৈছে ৷

একেদৰে গিতালী কাকতীৰ ১.২০ লাখৰ পৰা ১.৭০ লাখ আৰু প্ৰণামিকা গোস্বামীৰ মাননি ১.২০ লাখৰ পৰা ১.৭০ লাখৰ ভিতৰত সীমাৱদ্ধ থাকিব বুলি জানিৱ পৰা গৈছে ৷

মন্তব্য

পঢ়িব পাৰে

দেৰগাঁওৰ মাছৰ বজাৰত গ্ৰাহকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম সংবাদ, দেৰগাও : গোলাঘাটত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শুক্ৰবাৰে দেৰগাও …