মৰাণহাটত অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

অসম সংবাদ,মাহমৰা:চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কচুমাৰী চাৰিআলিত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে ডিঙিত চিপজৰী লগাই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ নিবাসী ভলুকা গড়ৰ কনিষ্ঠ কন্যা তথা কচুমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অনিমা গড়ে আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত ঘৰত কোনো নথকাৰ সময়তে ঘৰৰ ভিতৰতে ডিঙিত চিপজৰী লগাই আত্মহত্যা কৰে । আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই । পাছত মৰাণহাটৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰে। অমায়িক ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …