মৰিয়নীত যুৱকৰ সন্ধানহীন

অসম সংবাদ, মৰিয়নী:মৰিয়নী নগৰৰ ৩নং ৱাৰ্ডৰ এজন যুৱক ১৫দিনে নিখোজ হৈ থকাৰ ঘটনাই তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে। জ্যোতিময় দাস ৰয়ৰ ২৫ বছৰীয়া পুত্ৰ সুমিত দাস ৰয় যোৱা ২৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই যায়। ঘৰৰ পৰা ডিব্ৰুগড় লৈ বুলি ওলাই যোৱা সুমিত সন্ধানহীন হৈ পৰে।তেওঁৰ লগত থকা মোবাইল ফোনটো ছুইচ অফ পোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। যোৱা কিছুদিন ধৰি সুমিত অস্থিৰতা ভুগি আছিল বুলি দেউতাকে জানিব দিয়ে। কিছুদিন পূৰ্বে এটা বহুজাতিক কোম্পানীৰ লগত জড়িত হৈ সেই কোম্পানীৰ কামতে ঘৰৰ পৰা ওলাই যোৱা যুৱক জনৰ আজিলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। অন্যহাতে পৰিয়ালৰ লোকে এই সন্দৰ্ভত মৰিয়নী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও এই পৰ্যন্ত সন্ধানহীন যুৱকৰ সন্ধান উলিওৱা ব্যথ হৈছে। সদাশয় কোনো ব্যক্তি যদি যুৱক জনৰ সন্ধান পায় ৮৮৭৬৭-২৮৬০৪ নম্বৰত অথবা মৰিয়নী আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছে

মন্তব্য

পঢ়িব পাৰে

জাঁ‌জীত শোকাৱহ পথ দুৰ্ঘটনা: এজন নিহত

জাঁ‌জীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁ‌জী তেল ডিপুৰ সমীপৰ …