এদিনীয়া ভ্ৰমণ সূচীৰে বাক্সাত ৰাজ্যপাল: দল-সংগঠন, সাংবাদিকৰে মত-বিনিময়

অসম সংবাদ,মুছলপুৰ: এদিনীয়া চৰকাৰী ভ্ৰমণ সূচী লৈ বাক্সাৰ সদৰ মুছলপুৰত ৰাজ্যপাল মুখী ৷ ৰাজ্যপাল গৰাকীয়ে আজি মুছলপুৰত উপস্থিত হৈ প্ৰথমে মুছলপুৰত থকা ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয়খন পৰিদৰ্শণ কৰি খতিয়ান লয় ৷ ৰাজ্যপাল গৰাকী চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চৰ লগত আন্ত:গাঁথনি সন্দৰ্ভত আলোচনা কৰে ৷
ইয়াৰ পিচতে ৰাজ্যপাল গৰাকী মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শণ কৰি শিক্ষক সকলৰ লগত এক আলোচনাত মিলিত হৈ বিদ্যালয়খনৰ অভাৱ অভিযোগ সমূহ জানিব বিচাৰে ৷ আনহাতে, ইয়াৰ পিচতে ৰাজ্যপাল গৰাকীয়ে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগত আলোচনাত মিলিত হৈ বিয়লিৰ ভাগত সাংবাদিকসকলৰ সৈতেও মত-বিনিময় কৰে ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …