সাঁচি থ’লে কণমাণি ভৰিযুগল

বিক্ৰম ৰঞ্জন ৰয়

স্নিগ্ধৰাগৰ জন্মদিনৰ ফটো

বাবা, এবাৰ মাত দিয়া বাবা…” বাৰে বাৰে এইষাৰ কথা কৈ কান্দি কান্দি চিঞৰি উঠিছিল মাতৃগৰাকী ৷ দহ মাহ দহ দিনত গৰ্ভত লৈ সপোন এটাক ডাঙৰ দীঘল কৰিৱলৈ লওঁতেই আঁতৰি গ’ল চিৰদিনৰ বাবে ৷ কি কৰা নাছিল সপোনটোক জীয়াই ৰাখিবলৈ মাতৃগৰাকীয়ে ৷ যোৱা কেইদিনমান আগতে উলহ মালহেৰে জন্মদিন উদযাপন কৰিছিল স্নিগ্ধৰাগৰ ৷

সন্তানৰ প্ৰতি থকা মাতৃৰ ভালপোৱাৰ বাবেই প্ৰথমবাৰৰ বাবে গুৱাহাটীত হৈছিল “গ্ৰীণ কৰিডৰ”ৰ ব্যৱস্থা ৷ সেয়া আছিল ২০১৭ চনৰ ৩ ছেপ্তেম্বৰৰ কথা। অতি সংকটজনক অৱস্থাত “গ্ৰীণ কৰিডৰ”ৰ ব্যৱস্থা কৰি নতুন দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰোৱা হৈছিল স্নিগ্ধৰাগক ৷ অসমবাসীৰ প্ৰাৰ্থনা আৰু সহায়ৰ ফলত আৰোগ্য হৈ আহিছিল স্নিগ্ধৰাগ ৷ কিন্তু ভগৱান যেন নিষ্ঠুৰ আছিল ৷ বেছিদিন মাক-দেউতাকৰ মৰম পাবলৈ নিদিলে ৷

কাঢ়ি লৈ গ’ল মা-দেউতাৰ কোলাৰ পৰা ৷ চিৰদিনৰ বাবে মা-দেউতাকৰ লগতে অসমবাসীক কন্দুৱাই গুছি গ’ল স্নিগ্ধৰাগ ৷ এগৰাকী মাতৃৰ প্ৰতি এয়া

কিমান দুখৰ হ’ব পাৰে সেয়া অকল তেওঁয়েইহে জানিব ৷ মাতৃ মধুস্মিতা শইকীয়া ভূঞা আজি বাকৰুদ্ধ ৷ প্ৰতি পলে পলে যেন দেখা পায় স্নিগ্ধৰাগক ৷ চিঞৰি উঠিছে “বাবা, এবাৰ মাত দিয়া” ৷ স্নিগ্ধৰাগৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে সাঁচি থ’লে স্নিগ্ধৰাগৰ কণমাণি ভৰি দুটিৰ খোঁজ ৷ হয়তো এগৰাকী মাতৃৰ বাবে এয়াই প্ৰকৃত পুত্ৰপ্ৰেম ৷ স্নিগ্ধৰাগ আঁতৰি গ’ল ঠিকে, কিন্তু সদায়েই জীয়াই থাকিব আমাৰ মাজত, অসমবাসীৰ মাজত ৷ এটোপাল তপত চকুলোৰ বাহিৰে যেন দিবলৈ আমাৰ একোৱেই নাই ৷
স্নিগ্ধৰাগৰ আত্মাই শান্তি পাঁওক ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …