কাঠমাণ্ডু বিমান ট্ৰেজেদি: জীৱনৰ অন্তিম ফটো

বিক্ৰম ৰঞ্জন ৰয়

তেওঁলোকে হয়তো কেতিয়াও জনা নাছিল সেয়াই তেওঁলোকৰ অন্তিম ভ্ৰমণ ৷ মৃত্যুবাহকৰূপী বাহনখনত তেওঁলোকে যাত্ৰা কৰিব গৈ আছে তেওঁলোক ৷ ভ্ৰমণৰ মাদকতাই আনন্দিত কৰা কেইখনমান সতেজ হাঁহিৰে ভৰি থকা ফটোই এতিয়া সকলোৰে চকুলো বোৱাইছে। হয়, আমি ক’ব খুজিছো ১২ মাৰ্চত কাঠমাণ্ডুত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোৰ কাহিনী ৷ বিমানখনত মুঠ যাত্ৰী আছিল ৭১ গৰাকী ৷ ইউ-এছ বাংলা এয়াৰলাইনছৰ এই বিমানখন ঢাকাৰ হজৰত শ্বাহজামাল ইন্টাৰনেচনেল বিমানবন্দৰৰ পৰা কাঠমাণ্ডুলৈ গৈছিল ৷ কাঠমাণ্ডু বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱা মুহূৰ্ততে কাষৰ এখন ফুটবল খেলপথাৰত বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু দপদপাই জ্বলি উঠে ৷ বিমানখনৰ ৫০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি নিশ্চিত তথ্য আহিছে ৷ বিমানখনত যাত্ৰা কৰাৰ প্ৰাকক্ষণত বিমানবন্দৰত কেবাজনো যাত্ৰীয়ে ছেলফি তুলি ফেচবুকত আপলোড কৰা দেখা গৈছে ৷ যিকেইখন ছেলফি তেওঁলোকৰ জীৱনৰ অন্তিমখন ছেলফি বুলি তেওঁলোকে কেতিয়াও ভৱা নাছিল ৷


Annie Priok নামৰ মহিলাগৰাকীয়ে ফেচবুকত আপলোড কৰিছিল পৰিয়ালৰ স’তে অভিশপ্ত বিমানখনত যাত্ৰা কৰাৰ কিছুসময় পূৰ্বে তোলা এখন ফটো য’ত তাইক পৰিয়ালৰ স’তে দেখা গৈছে ৷ লগত দেখা গৈছে এটি কণমাণিক ৷


Emrana Kabir Hashi নামৰ মহিলাগৰাকীয়ে ফেচবুকত আপলোড কৰিছিল স্বামীৰ স’তে অভিশপ্ত বিমানখনত যাত্ৰা কৰাৰ কিছুসময় আগতে তোলা ছেলফি ৷ তেওঁলোকে হয়তো কেতিয়াও জনা নাছিল এয়াই তেওঁলোকৰ যুগ্ম জীৱনৰ অন্তিম ফটো ৷


Pias Roy নামৰ যুৱকজনো ফেচবুকত আপলোড কৰিছিল জীৱনৰ অন্তিমখন ছেলফি ৷


স্বামীৰ স’তে ভ্ৰমণ কৰাৰ সপোন অসম্পূৰ্ণ হৈ ৰ’ল Sona Moni নামৰ যুৱতীগৰাকীৰ ৷ স্বামীৰ স’তে বিমানবন্দৰত অভিশপ্ত বিমানখনত যাত্ৰাৰ প্ৰাকমুহূৰ্তত ফেচবুকত আপলোড কৰিলে জীৱনৰ অন্তিম ফটো ৷


Tahsin Rahmsn Dipto নামৰ যুৱকজনে অভিশপ্ত বিমানখনত বহি সতীৰ্থৰ স’তে ফেচবুকত আপলোড কৰিলে জীৱনৰ অন্তিমখন ফটো ৷

বাংলাদেশত সম্প্ৰতি এই ফটোসমূহে তুলিছে কান্দোনৰ ৰোঁল ৷ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত ফেচবুকত ফটো আপলোড কৰি মনৰ আনন্দ প্ৰকাশ কৰা ফটোসমূহ এতিয়া হৈ পৰিছে দুখৰ কাৰণ ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …